সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

চাৰি ভেটি গঢ়োতাৰ ভূমিকাত এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা B. Ed. ডিগ্ৰী লৈ ইন্দিৰা মিৰি ১৯৪৭ চনত অসমলৈ উভতি আহে। সেই বছৰৰে ১৫ আগষ্ট তাৰিখে দেশে স্বাধীনতা লাভ কৰে। বিদেশৰ পৰা অহাৰ পিছত তেওঁ বহি থাকিব লগীয়া নহ'ল। লগে লগে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ইন্দিৰা মিৰিক নেফাৰ শীৰ্ষ শিক্ষা-বিষয়া পদত নিযুক্তি দিয়া হয়। যি সময়ত অসমত কোনো বিষয়া পৰ্য্যায়ৰ মহিলা চাকৰিয়াল নাছিল বুলিলেও ভুল কৰা নহয় সেই সময়তে তেনে এক গুৰুত্বপূৰ্ণ পদবী লাভ কৰি তেওঁ এহাতে যিদৰে গৌৰৱ অনুভৱ কৰিছিল আনহাতে সেই দায়িত্ব সুচাৰু ৰূপে পালন কৰিব পাৰিবনে নোৱাৰে সেই কথা লৈ বাৰুকৈয়ে চিন্তান্বিত হৈছিল। কিন্তু সততে পাই অহা দৰে দেউতাকৰ উৎসাহ-উদগনিয়ে তেওঁৰ অন্তৰত সাহস আৰু আত্মবিশ্বাস জগাই তুলিলে। বৰ ল'ৰা উৎপলক লগতে ৰাখি শদিয়া হাইস্কুলত নাম লগাই দিয়াৰ সিদ্ধান্ত লৈ বাকী দুটিৰ দায়িত্ব পূৰ্ব্বৰ দৰে মৰমৰ ভনীয়েক পঙ্কজক গতাই দি ইন্দিৰা মিৰিয়ে নেফাৰ চাকৰিত যোগদান কৰেগৈ। অসমৰ উত্তৰ-পূৱ সীমান্ত আৱৰি থকা, সেইকালত উত্তৰ-পূৱ সীমান্ত ভূ-ভাগ (North East Frontier Agency), চমুকৈ NEFA নামেৰে জনাজাত প্ৰায় ত্ৰিশ হেজাৰ বৰ্গমাইলৰো অধিক মাটি কালিৰ অঞ্চলটো সেই সময়ত অসমৰে অংগ ৰাজ্য আছিল। নেফাৰ সৈতে অসম আৰু অসমীয়াৰ সম্পৰ্ক অতি পুৰণি। অকা, ডফলা, মিছিমি, নগা আদি পৰ্ব্বতীয়া জাতিসমূহৰ সৈতে অসমীয়াৰ মৰম-চেনেহ আৰু দিয়া-নিয়াৰ সম্পৰ্ক মনত নপৰা দিনৰে পৰা চলি আহিছে। নেফাত অলেখ জাতি-উপজাতি, অলেখ দোৱান। ইজনে সিজনৰ দোৱান বুজি নোপোৱা পৰিস্থিতিত নেফাৰ অধিবাসীসকলে অসমীয়া ভাষাকে পাৰস্পৰিক ভাৱ বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। একাংশ পাহাৰীয়া জনজাতিয়ে শ্ৰীমন্ত শংকৰকে গুৰু মানি মহাপুৰুষীয়া ধৰ্ম্ম গ্ৰহণ কৰাৰো নজিৰ আছে। নেফাৰ ভূমিভাগ অসমান, ওখোৰা মোখোৰা; বৰষুণ বেছি, বাট পথ দুৰ্গম। বাৰিষা ৰাস্তা-ঘাট বোকাময়, পিছল হয়। নানা বিধ বিষাক্ত সৰীসৃপ, বিশেষকৈ জোক আৰু ডাম্‌ডিম্‌ নামে এবিধ মহ জাতীয় পোকৰ বৰ উপদ্ৰৱ। কুৰি শতিকাৰ চল্লিশ পঞ্চাশৰ দশকলৈকে নেফা অঞ্চল অটব্য অৰণ্যৰে ভৰা আছিল। পাহাৰ ও অৰণ্যৰ মাজে মাজে অ'ত ত'ত ২১