সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

ধাৰণ কৰিলে আজিলৈকে তাৰ পৰা তিলমাত্ৰও ইফাল সিফাল নহ'ল। অ’লৈ তলৈ গলে কাচিৎ উকা পাটৰ মেখেলা এখন পিন্ধে যদিও তেওঁৰ সৰ্ব্বকালৰ সাজ হ'ল বগা পলিন কাপোৰৰ মেখেলা, উকা পাৰিৰ চাদৰ আৰু শুধু বগা এটি ব্লাউজ। গহনা গাথৰি বুলিবলৈ বিদ্যাই তেওঁৰ একমাত্ৰ অলংকাৰ। আমাৰ সমাজত এষাৰ কথা আছে, যি জীয়ৰীক ওচৰ চুবুৰীয়াই ভাল বোলে, যি বোৱাৰীক শহুৰৰ ঘৰৰ লোকে ভাল বোলে তেওঁলোক হে প্ৰকৃতাৰ্থত ভাল জীয়ৰী, ভাল বোৱাৰী। ১৯৩২ চনতে ইন্দিৰা মিৰিৰ এটি মিচিং পৰিয়ালৰ সৈতে বৈবাহিক সম্বন্ধ ঘটিছিল। আৰ্থিক, সাংস্কৃতিক দিশত দুয়োঘৰ মিতিৰৰ যথেষ্ট পাৰ্থক্য আছিল। তদুপৰি বিয়াৰ সাতবছৰ পিছতে তেওঁ স্বামীক হেৰুৱাইছিল। তত্ৰাচ ওৰেটো জীৱন যে তেওঁ স্বামীৰ পৰিয়ালৰ সৈতে সৌহাৰ্দ্য ৰক্ষা কৰি চলি আছে সেয়া সমন্বয়ৰ এক মহান দৃষ্টান্ত। মহীচন্দ্ৰ মিৰি ভায়েক আই এ এছ বিষয়া শ্ৰীৰজনীকান্ত পাতিৰদেৱে, স্বৰচিত Dawn in the East নামৰ গ্ৰন্থত তেওঁৰ জীৱন গঢ়াত ককায়েক-বৌয়েকৰ যি গুৰুত্বপূৰ্ণ ভূমিকা তাক সুন্দৰ ভাৱে বৰ্ণাইছে। সেই ইংৰাজী গ্ৰন্থখনিৰ কিয়দংশৰ হুবহু অসমীয়া ভাঙনি পাঠকলৈ আগবঢ়োৱা হ’ল:- “আমাৰ শিক্ষা-দীক্ষা সম্পৰ্কে অতি সজাগ দাদা মহীচন্দ্ৰ আমি পঢ়ি থকা ঢকুৱাখানা স্কুলৰ শিক্ষা-ব্যৱস্থাত মুঠেই সন্তুষ্ট নাছিল। বিয়াৰ পিছত তেওঁ আমাক (দুই বৈমাত্ৰেয় ভাই ৰজনী আৰু ধনসিং) গুৱাহাটীৰ নিজৰ ভাড়া ঘৰলৈ আনে আৰু চহৰৰ নামজ্বলা শিক্ষানুষ্ঠান মানিক চন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়ত নাম লগাই দিয়ে।।----- দাদাৰ সতৰ্ক দৃষ্টি আৰু বৌদেউৰ মাতৃসুলভ মৰম-চেনেহ আৰু উদাৰতাৰ পৰিবেশত আমি দুয়োজনে শিক্ষাৰ এক দৃঢ় ভেটি গঢ়ি তুলিবলৈ সক্ষম হওঁ। বৌদেৱে আমাক অসমীয়া ভাষা শিকালে আৰু অসমীয়া সংস্কৃতিৰ সৈতেও পৰিচয় কৰাই দিলে। কিছুদিন পিছত আমি চেনিকুঠিৰ ভাড়াঘৰ এৰি শিলপুখুৰীত থকা বৌদেউহঁতৰ পিতৃগৃহলৈ আহো। তাত থকা সময়ছোৱাতে আমি সেনাপতি পৰিয়ালৰ সৈতে অতি ঘনিষ্ঠ হৈ পৰিছিলো। সেই আত্মীয়তাৰ সম্পৰ্ক আজিও অব্যাহত আছে। পিছত দাদা যোৰহাটলৈ বদলি হোৱাত তেওঁলোকে আমাকো লগতে লৈ যায় আৰু যোৰহাটৰ গভৰ্নমেন্ট হাইস্কুলৰ ষষ্ঠ শ্ৰেণীত নাম লগাই দিয়ে। সেই সময়তে আমাৰ ভতিজা ৰামেশ্বৰো আহি আমাৰ লগ লাগে আৰু দাদা মহীচন্দ্ৰই দুই ভাই আৰু ভতিজাকক মানুহ কৰাৰ দায়িত্ব কান্ধ পাতি লয়। তেওঁৰ অভিভাৱকত্বত ইয়াতে আমি পোন প্ৰথমে হোষ্টেল জীৱনৰ সোৱাদ পাওঁ। যোৰহাটত দুবছৰ কটোৱাৰ পিছত দাদাৰ চাকৰি গোলাঘাটলৈ স্থানান্তৰ হয়। তেওঁ আমাৰ দুই ভাই আৰু ৰামেশ্বৰকো স্কুল এৰুৱাই লগতে নি গোলাঘাটৰ বেজবৰুৱা হাইস্কুলৰ অষ্টম শ্ৰেণীত নাম ভৰ্ত্তি কৰি দিয়েগৈ। ৫৩