সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

ছয় দুৰ্যোগৰ ক'লা ছাঁ ১৯৫০ চনটো অসম তথা নেফাব বাবে এটা অভিশপ্ত বছৰ বুলিব পাৰি। সেইটো বছৰৰে ৫ আগষ্টৰ বাতি অবিভক্ত অসমৰ প্ৰথমজনা প্ৰধানমন্ত্ৰী ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ আকস্মিক ভাৱে মৃত্যু হৈছিল। এই সৎ, ত্যাগী, অভিজ্ঞ ৰাজনীতিবিদ্‌জনৰ মৃত্যু সমগ্ৰ ভাৰতৰে, বিশেষকৈ অসম তথা উত্তৰ পূৰ্ব্বাঞ্চলৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ মুখ্য মন্ত্ৰীত্বৰ কালছোৱাত, পৰ্ব্বত আৰু ভৈয়ামৰ মাজত থকা ভাতৃত্ববোধ আৰু সংহতিৰ পুৰণি শিপাদাল সুদৃঢ় কৰিবলৈ ভালেমান কাৰ্য্য-ব্যৱস্থা হাতত লোৱা হৈছিল। মৃত্যুয়ে তেওঁক সেইদৰে অকালতে, আচম্বিতে দেশমাতৃৰ বুকুৰ পৰা কাঢ়ি লৈ নোযোৱা হ'লে এসময়ত অভিসন্ধিমূলক গ্ৰুপিং ব্যৱস্থাৰ কবলৰ পৰা অসমক ৰক্ষা কৰাৰ দৰে উত্তৰ পূৰ্ব্বাঞ্চলত ক্ৰমে গা কৰি উঠা বিভেদ আৰু বিচ্ছিন্নতাবাদৰ বিৰুদ্ধেও হয়তো সবল প্ৰতিৰোধ গঢ়ি তুলিবলৈ তেওঁ সক্ষম হ'লহেঁতেন। বৰদলৈদেৱব মৃত্যুৰ দহ দিন ভাবতৰ পূৰ্ব্বাঞ্চল কঁপাই আহিছিল এক প্ৰলয়ঙ্কৰী ভূমিকম্প, যি অসম আৰু নেফালৈ অভাৱনীয় দুৰ্যোগ কঢ়িয়াই আনিলে। সেই ভূমিকম্পত নেফাৰ বহু ঠাই আৰু শদিয়া অঞ্চল সমূলঞ্চে বিধ্বস্ত হৈছিল; ভূমিকম্পৰ ফলত মাটি ফাটি পানী ওলাল। ঠায়ে ঠায়ে একোটা অঞ্চল তললৈ বহি গ'ল। বনাঞ্চলৰ গছ গছনি উভালি পৰিল। ব্ৰহ্মপুত্ৰৰ কোবাল সোতত ভাঁহি অহা গছ, অলেখ মৰা মাছ-কাছই নৈৰ বুকুত অভাৱনীয় দৃশ্যৰ সৃষ্টি কৰিছিল। মনোমোহা সেউজীয়া পাহাৰবোৰ খহি বীভৎস ৰূপ ধাৰণ কৰিছিল। অসমত তেতিয়াৰ উত্তৰ লক্ষীমপুৰৰ বিস্তীৰ্ণ অঞ্চল, চৈখোৱাঘাট, ধেমাজি, মাজুলী আৰু তাৰ আশে পাশে থকা অসংখ্য গাঁও এই ভূমিকম্পত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। পৰ্ব্বতীয়া নৈব বাট পাহাৰ খহি নাইবা প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰি বন্ধ কৰাত নৈয়ে গতি সলালে। ফলত ঠায়ে ঠায়ে মানুহ পানীৰ মাজত আৱদ্ধ হৈ আছিল, সেইসকলক উদ্ধাৰ কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰিবলগীয়া হৈছিল। এনে অভাৱনীয় দুৰ্যোগে শদিয়া আক মিছিমি পাহাবক প্ৰায় দহ দিন ধৰি বহিঃ জগতৰ পৰা বিচ্ছিন্ন কৰি ৰাখিছিল। নৈত প্ৰলয়ঙ্কৰী বান, পাৰত প্ৰৱল গৰাখহনীয়া আৰু পাহাৰ অঞ্চলত ভূমিস্খলন হৈ গাঁৱৰ পিছত গাঁও নিশ্চিহ্ন হৈ গৈছিল। দলে দলে শৰণাৰ্থী পাব নৌ হওঁতেই ৫০ চনৰ ১৫ আগষ্টৰ দিনা পাব নো হওতেই ৫০ চনৰ ১৫ আগষ্টৰ দি ৩৬