সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

শিলপুখুৰী অঞ্চলৰ পৈত্ৰিক মাটিত সেনাপতি পৰিয়ালৰ ভাই-ভনী-ভতিজাসকলৰ অধিকাংশই ওচৰা ওচৰিকৈ বাস কৰে। ইন্দিৰা মিৰি তেওঁলোক আটাইৰে বাবে ভৰষাৰ থল – friend, philosopher and guide. কোনোবাজন কিবা জটিল সমস্যাৰ সন্মুখীন হলেই দিহা ভৰা বিচাৰি তেওঁৰ ওচৰলৈ লৰি আহে। অকল পৰিয়ালৰ লোকক সহায় কৰাই নহয়, এইগৰাকী মহিলা তেওঁৰ সংস্পৰ্শলৈ অহা বহু দুখীয়া-নিচলা, সংস্থানহীন লোকৰ বাবেও ভগবান স্বৰূপ। তেনে বহুলোকক তেওঁ থাকিবলৈ মাটি দিছে; কোনোবাই সামান্য দাম দি কিনি লৈছে, অসমৰ্থ জনক হয়তো বিনামূল্যে দিছে। কোনোবাজনক নিজৰ প্ৰভাৱ খটুৱাই বা কাৰোবাক ধৰি মেলি হলেও চাকৰি দিয়াইছে, আন এজনক হয়তো নিজেই সংস্থাপনৰ ব্যৱস্থা কৰি দিছে। শ্যামু শৰ্ম্মা, সেতু নেৱাৰ, শুকদেৱ যোশী নামৰ লোক কেইজনক তেওঁ বিনামূল্যে পাহাৰত থকা নিজৰ মাটিত সংস্থাপিত কৰিছে। তেওঁ যোৰহাটত থাকোতে চাকৰিত সুমুৱাই দিয়া শ্যামু শৰ্ম্মা নামৰ নেপালী ব্ৰাহ্মণৰ ল'ৰাজনক তেওঁৰ অৱসৰৰ অন্তত বহু চেষ্টাৰ মূৰত গুৱাহাটীলৈ বদলি কৰাই আনে। বিয়া-বাৰু পাতি দি নিজৰ মাটিতে সংস্থাপিত কৰা শ্যামু শৰ্ম্মাৰ এতিয়া উচ্চ শিক্ষিত ল'ৰা ছোৱালীৰে এখন সুখৰ গৃহস্থী। দহ বাৰ বছৰৰে পৰা তেওঁৰ ঘৰত বন কৰা লগুৱা হিচাপে থকা মতি নামৰ ল'ৰাজনক সংস্থানৰ পথ দি বিয়া-বাৰু কৰাই দি বহুদিন নিজৰ ঘৰতে ৰাখিছিল। মতিৰ কণ কণ ল'ৰা ছোৱালী দুটিয়ে তেওঁৰ কাষত আইতাকৰ মৰমেই পাইছিল। তেওঁলোকে ‘জয়কাই’ বুলি মতা এজন ডেকাক স্বৰ্গীয় মিৰিয়ে বাগুৰিত বন বিষয়া হৈ থাকোতে বন বিভাগত চাকৰি দি নিজৰ লগতে ৰাখিছিল। তেখেতৰ আকস্মিক মৃত্যুৰ পিছত পৰিয়ালটো শ্বিলঙলৈ গুছি আহিল; জয়ে সেই ঠাইত অকলশৰে থাকিবলৈ বেয়া পাই চাকৰিটো এৰি দি তেওঁলোকৰ লগতে গুছি আহে। বিলাতত পঢ়ি শুনি অহাৰ পিছত ইন্দিৰা মিৰি চাকৰি সূত্ৰে নেফালৈ যাবলৈ ওলোৱাত জয়কাই লগতে ওলাল। নেফাত উপস্থিত হৈ তেওঁৰ চিন্তা হ’ল “এইখন ঠাইত আই অকলে কেনেকৈ থাকিব?” গতিকে জয়ো নেফাতে ৰৈ গ'ল। তেওঁক পোনতে পিয়ন হিচাপে ৰাখি শ্ৰীমতী মিৰিয়ে ড্ৰাইভিং শিকাই চৰকাৰী গাড়ীৰ ড্ৰাইভাৰৰ চাকৰি দিয়ালে। সেইদৰে ভাগ্য সুপ্ৰসন্ন হোৱাত গাঁৱৰ ঘৰলৈ আহি বিয়া-বাৰু কৰাই জয়কাই সংসাৰত প্ৰতিষ্ঠিত হ'ল। অৱসৰৰ পিছত সেইজন নিস্বাৰ্থ সেৱকৰ লীভাৰ কেঞ্চাৰত মৃত্যু হোৱাত তেওঁৰ স্নাতক ডিগ্ৰীধাৰী কন্যা এটিক ইন্দিৰা মিৰিয়েই কৈ মেলি মেডিকেল কলেজৰ দত্ত বিভাগত এটি চাকৰি দিয়ায়। সাধাৰণ মানুহৰ সমস্যাক এইদৰে নিজৰ সমস্যা হিচাপে লৈ সমাধানৰ পথ বিচাৰি দিয়া মানুহ আজিৰ পৃথিৱীত বিৰল। এতিয়ালৈকে তেওঁৰ ঘৰত বন কৰা প্ৰতিটো ল'ৰা ছোৱালীকে তেওঁ কিবা নহয় কিবা এটা সংস্থানৰ পথ উলিয়াই দিছে। “মই বন কৰা ল’ৰা-ছোৱালী ঘনাই সলাই নাথাকো, দোষে গুণেইতো মানুহহ” - ৫৫