সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

আঠ সৰু সৰু কথাৰে বাগ্মিতা ইন্দিৰা মিৰিৰ এক ঈশ্বৰ প্ৰদত্ত গুণ বুলিব পাৰি। স্কুল আৰু কলেজীয়া জীৱনত সংস্কৃতৰ ছাত্ৰী এই মহিলা গৰাকীৰ সংস্কৃততো দখল আছে। গীতা, উপনিষদ, ৰবীন্দ্ৰ সাহিত্য আদিৰ পৰা উদ্ধৃতি দি তেওঁ যেতিয়া বক্তৃতা দিয়ে সভাঘৰ কাঁহ পৰি জীন যায়। ভাষণ দিওঁতে তেওঁ কেতিয়াও প্ৰসংগৰ পৰা আতৰি নেযায়; তেওঁৰ ভাষা অলংকাৰময়, শব্দ চয়ন আৰু প্ৰকাশভংগী অতি মনোগ্ৰাহী। এনেবোৰ গুণৰ বাবেই সভা সমিতিত উপস্থিত থাকিলে সভানেত্ৰী বা বিশিষ্টা অতিথিৰ আসনখন তেওঁকেই যচা হয়। ইংৰাজী বা বঙলা ভাষাত কথা ক'লে সেয়া তেওঁৰ মাতৃভাষা যেনহে অনুভৱ হয়। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা তেওঁৰ কথিকা কেইটিও সুন্দৰ উচ্চাৰণ, অনন্য নিবেদন শৈলীৰ গুণত বিশেষ ভাৱে আকৰ্ষণীয় হৈছিল। স্বামী জীৱিত থকা সময়তে এবাৰ মিচিং জনগোষ্ঠীৰ বছৰেকীয়া সাংস্কৃতিক সভা ‘বানে কেবাঙ’ত তেওঁক সভানেত্ৰীত্ব কৰিবলৈ মতা হৈছিল। মিচিং সমাজৰ ইতিহাসত তেনে এখন বিশাল ৰাজহুৱা সভাত এগৰাকী মহিলা সভানেত্ৰীৰ আসনত বহা সেয়ে প্ৰথম। প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ প্ৰতি অত্যন্ত শ্ৰদ্ধাশীল ইন্দিৰা মিৰি আজিৰ সমাজত মূল্যবোধৰ অবক্ষয়, আদৰ্শৰ স্খলন দেখি অত্যন্ত ব্যথিত। বহু প্ৰলোভনৰ পৰিস্থিতিতো সৎ নিকা পথৰ পৰা বিচ্যুত নোহোৱা পুৰণি দিনৰ এই লোকসকলে পৰবৰ্ত্তী প্ৰজন্মৰ ঘৃণনীয় অৰ্থলিপ্সা, ভ্ৰষ্টাচাৰ দেখি প্ৰমাদ গণে –“দেশৰ হিংসা জৰ্জৰিত অৱস্থাই মনলৈ খুবেই অশান্তি আনে, পিছে একো কৰাৰ উপায় নেদেখো, সামৰ্থ্যও নাই, মোৰ অনুভূতি অৰণ্য- ৰোদনহে।” নাৰী-মুক্তিৰ নামত তিৰোতাই জাতীয় কৃষ্টি-পৰম্পৰা বিসৰ্জন দিয়াটো তেওঁ মুঠেই নিবিচাৰে। ৰাষ্ট্ৰমাতা কস্তুৰবাৰ মৃত্যুতিথি উপলক্ষে ১৯৯৯ চনত স্থানীয় শৰণীয়া আশ্ৰমত আয়োজিত “মাতৃ দিৱসৰ’সভাত তেওঁ কৈছিল,” মাতৃ দিৱসৰ মূল কথা হৈছে মাতৃ চেতনা জাগ্ৰত কৰাৰ প্ৰচেষ্টা। স্বেচ্ছাসেৱীসকলে গাঁৱে ভূঁয়ে গৈ মাতৃৰ স্বাভাবিক গুণৰাশি বিকশিত কৰি তোলাত সহায় কৰিব লাগিব। আমাৰ দেশত বৰ্ত্তমান আদৰ্শৰ বিভ্ৰাট। নাবী মুক্তি আন্দোলন তাৰ এটা প্ৰধান কাৰণ। নাৰীৰ স্বাভাবিক গুণবোৰ আজি আমি পাহৰি গৈছো; জ্ঞান-বিজ্ঞানৰ ক্ষেত্ৰত আমি তুংগত উঠিছো, আনহাতে হেৰুৱাইছো নাৰীৰ ৫ ১