সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

আটাইকেইটা পৰামৰ্শ মানি লৈছিল। - শিক্ষাৰ আঁচনি সম্পৰ্কে প্ৰতিবেদনত কোৱা হৈছিল যে - (১) শিক্ষাৰ মূল লক্ষ্য হব লাগিব জীৱন আৰু জীৱিকা। আৰ্থ-সামাজিক দিশত অতি পিছ পৰা জনজাতীয় সমাজখনৰ প্ৰথম সমস্যা হ'ল জীয়াই থকা। গতিকে যি শিক্ষাই তেওঁলোকক সুস্থ জীৱিকাৰ দ্বাৰা ভালদৰে জীয়াই থকাৰ অৱলম্বন দিয়ে সেয়াহে তেওঁলোকৰ বাবে উপযুক্ত শিক্ষা হব। (২) তেওঁলোকৰ শিক্ষা সম্পূৰ্ণ শিশুৰ সম্পূৰ্ণ শিক্ষা হব লাগিব অৰ্থাৎ পাঠ্যপুথি আয়ত্ব কৰোৱাতে ক্ষান্ত নেথাকি শিশুৰ দেহ, মন, আত্মাৰ সামগ্ৰিক উন্নতি আৰু বিকাশৰ ওপৰত গুৰুত্ব দিব লাগিব। (৩) অকল শিশু কেইটিক নহয়, সমগ্ৰ জনজাতীয় সমাজখনকে শিক্ষা সচেতন কৰি তুলিব নোৱাৰিলে শিক্ষাৰ উদ্দেশ্য সফল নহব। কাৰণ স্কুলত শিকি অহা ভাল কথাবোৰ ঘৰ আৰু সমাজৰ প্ৰতিকূল পৰিবেশে সিহঁতৰ মনত স্থায়ী হবলৈ নিদিব। গতিকে ল'ৰা ছোৱালীৰ শিক্ষাৰ লগে লগে সমাজখনকো শিক্ষিত কৰিবলৈ চেষ্টা চলাব লাগিব। এনেবোৰ মহান লক্ষ্য সমুখত ৰাখিয়েই ইন্দিৰা মিৰি আৰু তেওঁৰ তলতীয়া শিক্ষা- বিষয়াসকলে নেফাত শিক্ষা বিস্তাৰৰ প্ৰস্তুতি চলালে। ইন্দিৰা মিৰিৰ তত্ত্বাৱধানত ১৯৪৮ চনত শদিয়াত এটি শিক্ষক প্ৰশিক্ষণ অনুষ্ঠানৰ শুভাৰম্ভ হয়। শদিয়াতে শিক্ষা-বিভাগৰ মূল কাৰ্য্যালয়ো স্থাপিত হ'ল। লুইতৰ পাৰত আহল বহল খোলা পথাৰত বাঁহ বেতেৰে ধুনীয়াকৈ শিক্ষক প্ৰশিক্ষণ অনুষ্ঠানৰ (T.TI) ঘৰবোৰ নিৰ্ম্মিত হ'ল। ইন্দিৰা মিৰিৰ অধীনত এজন অধ্যাপক, এগৰাকী হস্ত-শিল্প প্ৰশিক্ষিকা আৰু চাৰিজন শিল্প-শিক্ষকক লৈ অনুষ্ঠানটিত প্ৰশিক্ষণ আৰম্ভ হয়। প্ৰশিক্ষণ কাৰ্য্যসূচীত খেতিৰ কাম, বোৱা-কটা, উল গোথা, বাঁহ- বেতৰ কাম, বাঢ়ৈৰ কাম, কাগজ তৈয়াৰ আদি হস্ত-বিদ্যাৰ লগতে, ভাষা-শিক্ষা, মনোবিজ্ঞান, শিক্ষা-তত্ত্ব আৰু জনজাতিৰ সেৱা সম্পৰ্কেও শিক্ষা দি এচামক নেফাৰ ছাত্ৰৰ উপযুক্ত শিক্ষক হিচাপে গঢ় দিয়াৰ ব্যৱস্থা হাতত লোৱা হৈছিল৷ পুৱা সাত বজাৰ পৰা বিয়লি পাঁচ বজালৈ, মাজতে এঘন্টাৰ আহাৰ-বিৰতিৰে প্ৰশিক্ষণ-কেন্দ্ৰৰ দৈনন্দিন কাৰ্য্যক্ৰম চলিছিল। বন্ধৰ দিনতো সমূহীয়া ভাৱে খৰি লুৰা, মাছ মৰা, গীত নাটৰ আখৰা, সভা সমিতি পতাৰ দৰে কামবোৰ চলিছিল। প্ৰশিক্ষাৰ্থীসকলক জনজাতিৰ সেৱাৰ মন্ত্ৰেৰে উদ্বুদ্ধ কৰি তোলাই আছিল প্ৰশিক্ষণৰ মূল উদ্দেশ্য॥ সেই উদ্দেশ্য আগত ৰাখি প্ৰতিজন শিক্ষক আৰু প্ৰশিক্ষাৰ্থীয়ে শীৰ্ষ শিক্ষা-বিষয়াগৰাকীৰ সৈতে সহযোগৰ মনোভাৱেৰে পাৰস্পৰিক মৰম- চেনেহ বুজাবুজিৰে এটি পৰিয়াল যেন হৈ নিজ নিজ কাম কৰি গৈছিল। সেই অনুষ্ঠানৰে এগৰাকী কৃতবিদ্য অধ্যাপক স্বৰ্গীয় মুক্তিনাথ বৰদলৈদেৱে ১৯৬৮ চনত অসম বাতৰি কাকতৰ ‘পৰ্ব্বতে পাষণ্ডে’শিতানত ‘অথাতো নেফা জিজ্ঞাসা' শীৰ্ষক এলানি প্ৰৱন্ধ লিখিছিল। ২৫