সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

যদি নিজৰ নিকটতম জ্যেষ্ঠজনৰ কৰ্ম্মনিষ্ঠা অনুকৰণ, অনুশীলন কবে তেতিয়া হ'লে নিষ্ঠাব সাধনাই শিক্ষাৰ অধোগতিত সামান্য ভাৱে হলেও যতি পেলাব নেকি? গীতাৰ বচন - “যদ্ যদাচবতি শ্ৰেষ্ঠঃ তদ্‌ তদেবেতৰো জনঃ সঃ যৎ প্ৰমাণং কুকতে লোকস্তদনুবৰ্ত্ততে।” - “শ্ৰেষ্ঠজনে যিদৰে আচৰণ কৰে সাধাৰণ মানুহে তেওঁকে চাই সেইদৰেই আচৰণ কৰে। তেওঁ যিটো প্ৰামাণ্য হিচাপে গ্ৰহণ কৰে সাধাৰণে তাকেই অনুসৰণ কৰে।” এই সত্য অকল শিক্ষা বিভাগৰ বাবেই নহয়, মানৱ উন্নয়নৰ সকলো ক্ষেত্ৰতে ই সত্য। প্ৰশ্ন :- এই যে চুবুৰীয়ে চুবুৰীয়ে ইংৰাজী মাধ্যমৰ স্কুল বিলাক গঢ় লৈ উঠিছে, সকলোৱে তালৈকে দৌৰিছে – তাৰ কাৰণ কি বুলি ভাবে? তেনে পৰিস্থিতিত অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু অসমীয়া ভাষা-সাহিত্যৰ ভবিষ্যৎ কি? - -- আমাৰ ব্যৱহাৰিক জীৱনত – শিক্ষা, প্ৰশাসন, ব্যৱসায় সকলো ক্ষেত্ৰতে ইংৰাজী ভাষাৰ বিশেষ প্ৰয়োজন। গতিকে ইংৰাজী স্কুলবিলাক প্ৰয়োজন ভিত্তিক, সেয়েহে ৰাইজে বিচাৰিছে আৰু স্কুলবোৰো চলিছে। কিন্তু কেৱল ব্যৱহাৰিক বা বাস্তৱ দিশটোৱেই জীৱনৰ সম্পূৰ্ণ ৰূপ নহয়, ইয়াৰ এটা আদৰ্শগত ৰূপো আছে। মানৱৰ বিকাশ নিৰ্ভৰ কৰে বাস্তৱ আৰু চিত্ত দুয়োটাৰে বিকাশত। চিত্ত বোলোতে মই দেশপ্ৰেম, ভাষাপ্ৰেম-এনে কথা বিলাকহে বুজাইছো। “অ’ মোৰ আপোনাৰ দেশ অ' মোৰ চিকুণি দেশ এনেখন শুৱলা এনেখন সুফলা এনেখন মৰমৰ দেশ এই অপূৰ্ব্ব গীতটিত নিহিত ভাৱবোৰৰ কথাই মই কৈছো। মানুহৰ অন্তৰত দেশপ্ৰেম, ভাষাপ্ৰেম জগাই তুলিব নোৱাৰিলে এখন দেশ, এটা ভাষা জীৱনৃত। ভাষা নাইকীয়া হ'লে এখন দেশ, এটা জাতিব অস্তিত্ব বিলোপ হয় - যিটো অৱস্থাৰ পিনে আজি অসম আগবাঢ়ি যাব লাগিছে। কিন্তু এনে এটা গুৰুত্বপূৰ্ণ শিক্ষাৰ লক্ষ্যলৈ ইংৰাজী স্কুল বিলাকৰ সম্পূৰ্ণ আওকাণ; এই আওকণীয়া মনোভাৱ এদিন জাতিৰ আৰু ভাষাৰ মৃত্যু কাৰণ হব। হবৰ হৈছেহিয়ে। আজি দেশৰ উঠি অহা চামৰে নহয়, অভিভাৱক সকলৰো ধ্বনি হৈছে, “ইংৰাজী স্কুল চলো”, “আমেৰিকা চলো”, “বিলাত চলো”। তেন্তে অসমত ৫৯