সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

টি ৰ পাঠ্যক্ৰম পৰিবৰ্ত্তন সম্পৰ্কে পতা এখন সভাত বাইদেউক প্ৰথম লগ পাইছিলো। ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ সভাপতিত্বত বহা সেই সভাখনত বাইদেৱে আগবঢ়োৱা পৰামৰ্শ ড° বৰুৱা চাৰে গুৰুত্ব সহকাৰে শুনা দেখি ম‍ই আচৰিত হৈ তেখেতক নিৰীক্ষণ কৰিছিলো। হাত দীঘল বগা ব্লাউজ আৰু শুভ্ৰ মেখেলা চাদৰ পিন্ধা মানুহ গৰাকীৰ স্পষ্ট মাত, যুক্তিপূৰ্ণ কথা শুনি মোৰ মন স্বাভাবিকতে তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল। সভাৰ শেষত ওপৰ তলাত থকা শিক্ষা বিভাগলৈ আহোতে প্ৰফেছাৰ কৰ চাৰে মোক তেখেতৰ সৈতে চিনাকী কৰি দিছিল। খৰ্ধৰকৈ খোজ কঢ়া সেই তজ্‌জীয়া মানুহ গৰাকীৰ বয়স তেতিয়া পঞ্চাছৰ ওচৰ চপা বুলি ভাবিবই পৰা নাছিলো। বাইদেউৰ অধ্যয়ন প্ৰিয় মনটোৰ পৰিচয় পাইছিলো বি টি পৰীক্ষাত স্কুলত শিক্ষকৰ পাঠদানৰ পৰীক্ষা লোৱা সময়ত। এবাৰ এজন শিক্ষকে ‘সাহজাহান' পাঠটো ভালদৰে পঢ়ুৱাব নোৱাৰাত বিৰতিৰ সময়ত ইন্দিৰা বাইদেউ আৰু কৰ চাৰে সেই সম্পৰ্কে আলোচনা কৰিছিল। মই আছিলো শ্ৰোতা। বাইদেৱে ৰবি ঠাকুৰৰ ‘সাহজাহান’ কবিতাটো সুন্দৰকৈ আবৃত্তি কৰাৰ পিছতে চাৰেও তাজমহল সম্পৰ্কে এটা কবিতা আবৃত্তি কৰিছিল। কবিতা আবৃত্তিৰ মাজেৰেও যে একোটা পাঠ শিক্ষাৰ্থীৰ বাবে মনোগ্ৰাহী কৰি তুলিব পাৰি সেই শিক্ষা তেখেতসকলৰ সেই দিনাৰ আলোচনা আৰু আবৃত্তিৰ পৰা মই পাইছিলো। বাইদেৱে চল্লিছৰ দশকতে নেফাত শিক্ষা-বিষয়া ৰূপে কাম কৰিবলৈ আগবাঢ়ি গৈছিল। নেফাৰ দুৰ্গম অঞ্চলত পাহাৰীয়া জনজাতিৰ মাজত শিক্ষা বিস্তাৰ কৰাটো তেওঁ এক প্ৰত্যাহবান হিচাপে লৈছিল। সেই সহজ সৰল দুখীয়া মানুহখিনিৰ লগত থাকি তেখেতে বিচিত্ৰ অভিজ্ঞতা লাভ কৰিছিল। সাধাৰণতে ধন আৰু ক্ষমতাই মাতি অনা প্ৰলোভনৰ পৰা নিজকে আতৰাই ৰাখি ইমান নিষ্ঠা আৰু সততাৰে কাম কৰা ব্যক্তি আজিৰ যুগত বিৰল। অৱসৰৰ পিছত বাইদেৱে গুৱাহাটীত বসবাস কৰিবলৈ অহাৰ পৰা তেখেতক সঘনে লগ পোৱা হৈছিলো। সেই সময়ত ড° প্ৰফুল্ল দত্ত গোস্বামী, ড° বীৰেণ গোস্বামী, নগেন কলিতা প্ৰমুখ্যে লোকসকলৰ উদ্যোগত গুৱাহাটীৰ উলুবাৰীত নতুনকৈ স্থাপন হোৱা বাণী কান্ত বি টি কলেজৰ অধ্যক্ষা হবলৈ ইন্দিৰা মিৰি বাইদেউক আমন্ত্ৰণ জনাই তেখেতসকলে দূৰদৰ্শিতাৰ কাম কৰিছিল। বাইদেৱে দুবছৰ মানৰ ভিতৰতে কলেজখন পূৰ্ণা! ৰূপত গঢ় দি নিজৰ পাৰদৰ্শিতাৰ পৰিচয় দিছিল। বাইদেউ নীতিনিষ্ঠ হোৱাৰ লগতে অনুশাসন আৰু নিয়মানুবৰ্তিতাতো বিশেষ গুৰুত্ব দিছিল। তেখেতে নিজে সময়মতে শ্ৰেণীত উপস্থিত হোৱাৰ কাৰণে প্ৰশিক্ষাৰ্থী সকলো সময়ানুবৰ্ত্তী হবলৈ বাধ্য হৈছিল। বাইদেউৰ তত্ত্ব বিশ্লেষক বক্তৃতাও শ্ৰুতিমধুৰ আছিল বাবে শ্ৰেণীত উপস্থিতি সন্তোষজনক আছিল। চিৰদিন অনুশাসন মানি চলা মানুহগৰাকীয়ে প্ৰশিক্ষাৰ্থীসকলে ঘৰৰ কাম নিয়মিত ভাৱে 99