সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

কাম কৰা শিক্ষক আৰু অফিচ ষ্টাফকো খুব ভাল ব্যৱহাৰ কৰা দেখিছিলোঁ। সেই দৰে তেওঁলোকেও বাইদেউক খুব ভাল পাইছিল। পেলায়। আজিও অৰুণাচলৰ ৰাইজে বাইদেউক পাহৰা নাই। আই মিৰি বা মা বুলি মনত মই আজিলৈকে মিৰি বাইদেউৰ ওচৰত থাকি দেখিবলৈ পাইছোঁ যে কাৰোবাৰ অসুখ-বিসুখ বুলি খবৰ পালেই বাইদেৱে ততালিকে গৈ চাই আহে। নিজৰ দৈনন্দিন জীৱনৰ কটিন খুব নিয়মীয়াকৈ চলাই থকাৰ কাৰণে ৯১ বছৰ বয়সতো সুস্থ শৰীৰে মেলে-মিটিঙে গৈ থকা দেখিবলৈ পাইছোঁ। তেখেতে সদায় সকলোকে মৰম মিঠা মাতেৰে মাত দিয়া শুনিবলৈ পাওঁ। এনে ধৰণৰ মহীয়সী মহিলা গৰাকীৰ ওচৰত আমি থাকিবলৈ পাই সুখী হৈছোঁ। শ্ৰীপ্ৰীতি বৰুৱা শ্ৰীযুতা ইন্দিৰা মিৰিক প্ৰথম লগ পাওঁ ১৯৭৫ চনৰ আন্তৰ্জাতিক নাৰী বৰ্ষৰ প্ৰস্তুতি পৰ্বত। আমি কে’বাগৰাকী এখন স্মৰণিকা প্ৰস্তুত কৰাৰ দায়িত্বত আছিলো। ইন্দিৰা মিৰি বাইদেউ আছিল তাৰ প্ৰধান সম্পাদিকা – স্মৰণিকা নামটো বাইদেৱেই স্থিৰ কৰে। - বাইদেউৰ ঘৰৰ পাছ বাৰান্দাত ডাঙৰ ঘূৰণীয়া মেজখনৰ চাৰিওফালে আমি বহিছিলো। বিভিন্ন জনৰ পৰা অনা প্ৰৱন্ধ, বিভিন্ন অঞ্চলৰ মুক্তি সংগ্ৰামত অংশ লোৱা সৰ্ব শ্ৰেণীৰ নাৰীৰ বিষয়ে টোকা, নানা কিতাপ পত্ৰ আলোচনী আদিৰে মেজখন ভৰি থাকিছিল। আৰু তাৰ মাজে মাজে চাহ জলপানৰ যোগান আছিলেই। গধূলিলৈকে আমি কাম কৰিছিলো। বাইদেৱে, সৰু হলেও আমাৰ মতামত শুনিছিল। তেখেতে নানা প্ৰস!ত নিজৰ অভিজ্ঞতাৰ কথাও কৈছিল। শ্ৰীযুতা ইন্দিৰা মিৰি বাইদেউৰ কামকাজবোৰ ইমান প্ৰণালীবদ্ধ আৰু খৰতকীয়া আছিল যে নাৰী বৰ্ষৰ সামৰণিৰ লগে লগে সকলো কাগজ-পত্ৰ, পইচাটোলৈকে হিচাপ, স্মৰণিকাৰ সংখ্যাবোৰ অফিচত জমা দিয়ালৈকে সকলো কাম সমাধা কৰিছিল। তেখেতৰ কৰ্ম্ম পদ্ধতি আৰু কৰ্ম্ম শক্তিও আচৰিত হবলগীয়া। কৰ্ম্মস্পৃহাই ইয়াৰ মূল। সেই ১৯৭৫ চনৰ পৰাই বাইদেউৰ সান্নিধ্যলৈ আহিছো৷ এতিয়া বাইদেৱে নব্বৈ বছৰ অতিক্ৰম কৰিলে, এতিয়াও সতেজ দৃষ্টিভ!ি, সচেতন মন, উদাৰনৈতিক চিন্তা আৰু মানুহৰ প্ৰতি পৰম শ্ৰদ্ধাৰ উমাল স্পৰ্শ অনুভৱ কৰি আপ্লুত হওঁ। পিতৃদেৱ প্ৰয়াত সোণাধৰ ডাঙৰীয়া আছিল এগৰাকী গুণী-জ্ঞানী, ব্যক্তিত্বসম্পন্ন ৰাজবিষয়া। বাইদেউৰ শিক্ষা আৰম্ভ হৈছিল শ্বিলঙতে, পিতৃৰ স্নেহচ্ছায়াত। তেখেত নিজে এগৰাকী সংস্কৃতজ্ঞ আৰু সংস্কৃতিমনস্ক পুৰুষ বাবে প্ৰখৰ বুদ্ধিমতী প্ৰথমা কন্যাৰ প্ৰতি