সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

দহ বিভিন্ন জনৰ দৃষ্টিত [বিভিন্ন সময়ত, বিভিন্ন পৰিস্থিতিত ইন্দিৰা মিৰিৰ সংস্পৰ্শলৈ অহা কেইগৰাকীমান গুণী-জ্ঞানীলোকৰ লগতে পৰিয়ালৰ দুই এজনৰ বক্তব্য এই অধ্যায়ত সন্নিবিষ্ট হৈছে। সেইসকললৈ কৃতজ্ঞতাবে – লেখিকা ] শ্ৰীসুৰেশ ৰাজখোৱা- - - শিক্ষা বিভাগৰ বিষয়া হিচাপে এবাৰ পাছীঘাটৰ এখন স্কুল চাবলৈ যাওঁতে মোব ইন্দিৰা মিৰিৰ সৈতে প্ৰথম সাক্ষাৎ হৈছিল। অসমীয়া মহিলা এগৰাকীয়ে সেইদৰে নেফাত চাকৰি কৰি থকা দেখি ম‍ই একপ্ৰকাৰ গৰ্ব অনুভৱ কৰিছিলো। তেওঁক নেফাৰ শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াৰ দায়িত্ব দিয়াত বহুতে সন্দেহ প্ৰকাশ কৰিছিল – মহিলা এগৰাকীয়ে পাহাৰ- অৰণ্যৰ মাজত কেনেকৈ কাম কৰিব? সেই সময়ত তাত ৰাস্তা পদূলি নাছিল, গাড়ী মটৰো চলা নাছিল। সকলো কাম খোজ কাঢ়িয়েই কৰিব লাগিছিল। তেনে পৰিস্থিতিতো ইন্দিৰা মিৰিয়ে সেৱাৰ মনোভাৱ লৈ প্ৰাণ ঢালি কাম কৰিলে আৰু নেফাত শিক্ষাৰ শকত ভেটি এটি গঢ় দি আহিল। স্বৰ্গীয় হিৰণ্য চন্দ্ৰ ভূঞাৰ অৱসৰ গ্ৰহণৰ পিছত মই শিক্ষা বিভাগৰ ডাইৰেক্টৰ হওঁ। তেতিয়া তেওঁ নেফা এৰি আহি যোৰহাটত ন-কৈ পতা বি টি কলেজৰ অধ্যক্ষাৰ দায়িত্ব ভাৰ লৈছেহি। বহু ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি তেওঁ সেই কলেজখন গঢ়ি তুলিছিল। সেইকালত চৰকাৰৰ শিক্ষা বিভাগ আৰু শিক্ষানুষ্ঠান সমূহৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছিল। শিক্ষাধিকাৰ ৰূপে বহু শিক্ষানুষ্ঠানৰ মুৰব্বীৰ সংস্পৰ্শলৈ আহিছিলো; মনে মিলা মানুহৰ সৈতে কাম কৰাৰ যি আনন্দ ইন্দিৰা মিৰিৰ ক্ষেত্ৰত সেয়া মই পাইছিলো। তেওঁ এনে এগৰাকী মুৰব্বী আছিল যাৰ ওপৰত বিশ্বাস আৰু আস্থাৰ ভাৱ ৰাখি কাম কৰিব পাৰিছিলো। শিক্ষা বিভাগত মই লগ পোৱা লোকসকলৰ ভিতৰত শিক্ষা সম্পৰ্কে এক সামগ্ৰিক ধাৰণা থকা মানুহ দুই চাৰিজনহে পাইছিলো; ইন্দিৰা মিৰি সেইসকলৰ অন্যতম আছিল। তেওঁ যথেষ্ট অধ্যয়ন কৰিছিল, ৰবীন্দ্ৰ সাহিত্যৰ সৈতে ভাল পৰিচয় আছে। তেওঁৰ বক্তৃতা জ্ঞানগৰ্ভ ৬৫