সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

পাঁচ পোহৰৰ অভিযান ১৯৪৮ চনৰ শেষৰ পিনে শিক্ষক-প্ৰশিক্ষণ কেন্দ্ৰৰ দহজনীয়া প্ৰথম দলটোৰ প্ৰশিক্ষণ সমাপ্ত হয়। তাৰ পিছতে আৰম্ভ হ'ল পোহৰৰ অভিযান— পাহাৰত স্কুল স্থাপনৰ পৰ্ব্ব। আবৰ পাহাৰতে পোনতে স্কুল খোলা কাম আৰম্ভ হ'ল। প্ৰথম বছৰ তেওঁলোকে সাতখন স্কুল খুলিছিল। চিয়াং জিলাৰ পাছিঘাট, বালেক, মেবো আৰু আলঙত, লোহিত জিলাৰ নিজামঘাট আৰু দেনিঙত আৰু টিৰাপ জিলাৰ পৰ্ব্বতৰ নামনিত এখন স্কুল পাতি তেওঁলোকে নেফাত শিক্ষা-অভিযান আৰম্ভ কৰে। সেই ক্ষেত্ৰত ইন্দিৰা মিৰিলৈ অকুণ্ঠ সহযোগিতা আগবঢ়াইছিল সহকাৰী শিক্ষা বিষয়াসকলে। তেওঁলোক আছিল মুক্তি বৰদলৈ, ৰাম প্ৰসাদ খাউণ্ড, মেলিন চাইমন, বীৰেন চাংকাকতি, বিমান বৰা, মহেশ হাজৰিকা প্ৰমুখ্যে বিষয়া সকল। ইন্দিৰা মিৰিৰ নেতৃত্বত এওঁলোকে নানা প্ৰতিকূল পৰিস্থিতিৰ সমুখতো হতাশ নহৈ অন্ধকাৰ নেফাত শিক্ষাৰ পোহৰ বিলাবলৈ উঠি পৰি লাগিছিল। সেই ক্ষেত্ৰত নিজৰ অভিজ্ঞতা সম্পৰ্কে ইন্দিৰা মিৰিয়ে কৈছিল, “নেফাৰ চাকৰি এক অপূৰ্ব্ব অভিজ্ঞতা; দুৰ্গম পাহাৰীয়া ঠাই – হাবি-বননিৰে ভৰা। আধুনিক জগতৰ কোনো সা-সুবিধাই তাত নাই। মানুহ বিলাক জনজাতি, আধুনিকতাৰ কোনো পৰশ নোপোৱা। ৰাস্তা-পদূলি, যান- বাহন একোৱেই নাই। এনে এখন ঠাইত স্কুল খুলি জনজাতিৰ ল'ৰা ছোৱালীৰ শিক্ষা আৰম্ভ কৰা এক কঠিন কাম আছিল। জনজাতি এটা নহয়, অসংখ্য, তাৰ উপৰিও অসংখ্য উপজাতি কোনোৱে কাৰো নিজ সত্ত্বা এৰিব নোখোজে। তেওঁলোকৰ ভাষা নাই, সকলোৰে নিজা নিজা দোৱান; দোৱানক ভাষালৈ উন্নীত কৰি শিক্ষা আৰম্ভ কৰা এক সুকঠিন কাম।” - সেই কালত নেফাৰ পাহাৰীয়া অঞ্চলবোৰত অৰণ্যৰ মাজে মাজে বিভিন্ন উচ্চতাত গাঁও পাতি জনজাতীয় লোকসকল বাস কৰিছিল। জনবসতি অতি পাতল আছিল। ৰাস্তা পদূলিৰ ব্যৱস্থা নাছিল বুলিলেই হয়। তেনে পৰিস্থিতিতো নিৰুৎসাহ নহৈ শিক্ষা-বিষয়াসকল পদব্ৰজে, নাঁৱত, ঘোৰা বা হাতীৰ পিঠিত উঠি দিনে দহ পোন্ধৰ মাইল বাট পাহাৰ, হাবি- বননি ভাঙি নেফাৰ ভিতৰুৱা গাঁওবোৰত উপস্থিত হৈছিল। দুৰ্গম ঠাইবোৰলৈ যাওঁতে তেওঁলোকে গাম বুট পিন্ধিছিল, মানুহৰ গোন্ধ পালে গছৰ পৰা তলতলকৈ সৰি পৰা জোকৰ 29