সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

কিছু অংশ বাদ দিয়া হ'ল, তাৰ বাবে ক্ষমা বিচাৰিছো। পুথিখনি পাণ্ডুলিপি অৱস্থাতে, মোৰ ভাই, স্থানীয় প্ৰাগজ্যোতিষ কলেজৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন মূৰব্বী শ্ৰীঅনিল শৰ্ম্মাই বৰ্ণাশুদ্ধি আদিচাই দিমূল্যবান দিহা-পৰামৰ্শ আগবঢ়োৱা বাবে তেওঁলৈ আন্তৰিক স্নেহ ও কৃতজ্ঞতা জনাইছো। পুথিখনিৰ মুদ্ৰণৰ দায়িত্বত থকা প্ৰেছৰ কৰ্ম্মীসকলকো ধন্যবাদ জনাইছো। সদৌ শেষত স্বীকাৰ কৰিব লাগিব, শ্ৰদ্ধেয়া ইন্দিৰা মিৰি বাইদেউৰ সহায়-সহযোগ অবিহনে মোৰ পক্ষে এই কাম সম্ভৱ নহলহেঁতেন। তেখেতে সহৃদয়তাবে তথ্য-পাতি যোগান ধৰাৰ উপৰিও শিক্ষা-সংস্কৃতি বিষয়ক মোৰ এলানি প্ৰশ্নৰ উত্তৰ বিস্তৃত ভাৱে লিখিত ৰূপত আগবঢ়াইছে। তেখেতৰ বয়সত কেইজনৰ পৰা এনে মানসিক সক্ৰিয়তা, সজীৱতা আমি আশা কৰিব পাৰো? তেখেতলৈ মোৰ অন্তৰৰ গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছো। আমাৰ কৰ্ম্মপ্ৰেৰণা হৈ, আমাৰ মাৰ্গ দৰ্শক ৰূপে তেখেত আৰু বছৰ সুস্থ শৰীৰে জীয়াই থাকক - -এই আন্তৰিক শুভকামনাৰে সামৰিলো। গুৱাহাটী ১০ মে, ২০০১ চন। RV হিৰণ্ময়ী দেৱী