সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

আৰু পৰবৰ্ত্তী জীৱনত বিশেষ ভাৱে প্ৰভাৱিত কৰিছিল। ব্ৰাহ্ম গাৰ্লচ স্কুলৰ পোনে পোনে ৰাস্তাটোৰ সিফালে আছিল ছায়েঞ্চ কলেজ আৰু বিশিষ্ট বিজ্ঞানী চাৰ জগদীশ বসুৰ ঘৰ। তালৈ আহি থকা বিজ্ঞানীসকল আৰু কলিকতাৰ গণ্য-মান্য লোকসকল স্কুলৰ ছোৱালীহঁতৰ বাবে প্ৰায় পৰিচিতৰ দৰে হৈছিল। সেই যুগৰ এজনী কণমানি অসমীয়া ছোৱালীৰ বাবে ঘৰৰ পৰা বহু নিলগত কলিকতাৰ হোষ্টেল জীৱন সম্পূৰ্ণ আচহুৱা আছিল। মাতৃহীনা ছোৱালীটিক তেনে অপৰিচিত পৰিবেশত হঠাতে এৰি থৈ আহিবলৈ দেউতাকৰো সত যোৱা নাছিল। গতিকে তেওঁ আৰু কেইদিনমান হোটেলতে থাকি প্ৰতিদিনে একোবাৰ হোষ্টেলত জীয়েকক লগ ধৰিছিলগৈ। দেউতাক ঘৰলৈ উভতি অহাৰ সময়ত কন্দা-কটা কৰিছিল যদিও সমনীয়া ছোৱালীহঁতৰ সংগ পাই লাহে লাহে তেওঁৰ হোষ্টেলত মন বহিল। ব্ৰাহ্ম গাৰ্লচ স্কুলৰ হোষ্টেলৰ নিয়মানুসৰি ওপৰ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক নিম্ন বৰ্গৰ কুমলীয়া বয়সৰ একো গৰাকী ছাত্ৰীৰ বায়েক পাতি দিয়া হৈছিল। সেই বায়েকেই গা- ধোৱা, মূৰ ফনিওৱা, কাপোৰ পিন্ধা আদি কামত কণমানি জনীক সহায় কৰি দিছিল। এইটো নিঃসন্দেহে এটা সুন্দৰ নিয়ম; ই এহাতে যিদৰে ছোৱালীহঁতক ত্যাগ আৰু সেৱাৰ শিক্ষা দিয়ে আনহাতে সেইদৰে ভবিষ্যতৰ ব্যৱহাৰিক জীৱনটোৰ বাবে প্ৰস্তুতিতো সহায় কৰে। ছাত্ৰী সকলে প্ৰত্যুষতে বিছনা এৰি হোষ্টেলৰ সমূহীয়া প্ৰাৰ্থনাত যোগ দিব লাগিছিল। ব্ৰহ্ম মুহূৰ্ত্ততে উঠি গোৱা সেই ব্ৰহ্ম সংগীতে ইন্দিৰাৰ মন প্ৰাণ ভৰাই তুলিছিল। স্কুলৰ নিয়মিত প্ৰাৰ্থনাৰ উপৰিও ৰবিবাৰে ইন্দিৰাই ওপৰ শ্ৰেণীৰ ছাত্ৰীৰ সৈতে গাড়ীত উঠি নিলগত থকা ব্ৰাহ্ম মন্দিৰ এটালৈ প্ৰাৰ্থনাৰ বাবে গৈছিল। সেই প্ৰাৰ্থনা বাধ্যতামূলক নাছিল যদিও সংগীতৰ প্ৰতি স্বাভাবিক আকৰ্ষণবশতঃ তেওঁ তালৈ গৈছিল। সেই স্কুলত ছাত্ৰীসকলক সংগীতৰ শিক্ষাও দিয়া হৈছিল। পিছলৈ দেউতাকে এখন এচ্‌াজ কিনি দি হোষ্টেলতে সুকীয়াকৈ তেওঁৰ যন্ত্ৰ-সংগীত শিক্ষাৰ ব্যৱস্থা কৰি দিছিল। স্কুলত গান আৰু সংস্কৃতত বাদে আন সকলো বিষয় শিক্ষয়িত্ৰী সকলেই পঢ়ুৱাইছিল। ছাত্ৰীসকলক তলৰ শ্ৰেণীতে লাঠি-খেল, চুৰি-খেল আদিৰ শিক্ষা দিয়া হৈছিল। ১৯০৫ চনৰ বংগ-ভংগ আন্দোলনৰ দিনৰ পৰাই বংগ দেশত জাতীয়তাবাদী চিন্তাধাৰাই গা কৰি উঠিছিল। স্বাধীনতাকামী ভাৰতীয়সকলৰ নতুন প্ৰজন্মক শাৰীৰিক, মানসিক উভয় দিশতে শক্তিমান ৰূপত গঢ় দিয়াৰ চিন্তাৰে, লগতে স্ত্ৰীজাতিৰ আত্মৰক্ষাৰ লক্ষ্যও আগত ৰাখিয়েই হয়তো স্কুলত অস্ত্ৰ শিক্ষাৰ ব্যৱস্থা ৰখা হৈছিল। পুলিন বিহাৰী দেৱ নামৰ নিপুণ লাঠি খেলুৱৈ এজনে তেওঁলোকক সেইবোৰ খেল শিকাইছিল। আবেলি পৰত ছাত্ৰী সকলে হৈ-গুদু, কাবাদি, বেডমিন্টন আদি খেল খেলিছিল। ইন্দিৰা সৰুৰে পৰা এগৰাকী দক্ষ খেলুৱৈ আছিল। ১১