সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

সাত অসমৰ শিক্ষা জগতত ১৯৫৭ চনত ইন্দিৰা মিৰিয়ে নেফাৰ চাকৰিৰ পৰা অব্যাহতি লৈ লগে লগেই অসম চৰকাৰৰ শিক্ষা বিভাগত যোগদান কৰে। নেফাৰ চাকৰি জীৱন ক্ৰমে জটিল আৰু অশাস্তিদায়ক হৈ উঠাত তেওঁ অসমৰ তদানীন্তন শিক্ষাধিকাৰ হিৰণ্য চন্দ্ৰ ভূঁঞাদেৱক আগতীয়াকৈ অনুৰোধ জনাইছিল—অসম চৰকাৰৰ শিক্ষা বিভাগতে ক'ৰবাত তেওঁক গোজ মাৰি থবলৈ। সেয়ে নেফাৰ চাকৰি এৰি থৈ আহি তেওঁ বহি থাকিবলগীয়া নহ'ল। সেই সময়ত অসমত স্নাতকোত্তৰ শিক্ষক প্ৰশিক্ষণ অনুষ্ঠান বুলিবলৈ এখনো নাছিল। গুৱাহাটীত বি টি শ্ৰেণী খোলা হৈছিল যদিও সি আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এডুকেশান ডিপাৰ্টমেন্ট অন্তৰ্গত। বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপক বি চি কৰৰ অধ্যক্ষতাত চলা সেইখন অনুষ্ঠানলৈ তেওঁৰ বিভাগৰ শিক্ষক সকলেই ‘পাৰ্টটাইম’ সেৱা আগবঢ়াইছিল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষণৰ বাবে পঠোৱা স্নাতকোত্তৰ পৰ্য্যায়ৰ শিক্ষকসকলৰ বাবে প্ৰশিক্ষণৰ সেইকণ সুবিধা পৰ্য্যাপ্ত নাছিল। তদুপৰি হোষ্টেলৰ কোনো সা-সুবিধা নথকাত ‘ডেপুটেড’ শিক্ষকসকল বহু অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছিল। সেইকালত আজিৰ দৰে যি কোনো স্নাতকে বি টি (Bachelor of Training) ডিগ্ৰী লোৱাৰ কথা ভবা নাছিল। স্কুলত শিক্ষাদান কৰি থকা শিক্ষকসকলকহে দৰমহা ও প্ৰশিক্ষণৰ বাবদ বানচ সহ ছুটী দি এই প্ৰশিক্ষণ লবলৈ পঠোৱা হৈছিল। অৱশ্যে শ্বিলঙত বহু দিনৰ আগৰে পৰাই ছোৱালীৰ বাবে চেন্ট মেৰীজ কলেজত আৰু ল'ৰাৰ বাবে চেন্ট এডমাণ্ডচ্ কলেজত বি টি শ্ৰেণী চলি আছিল। সেই দুই অনুষ্ঠান কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত আছিল। গতিকে অসমত এখন পূৰ্ণাংগ স্নাতকোত্তৰ শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠান গঢ়ি তোলা সম্পৰ্কে অসম চৰকাৰৰ শিক্ষা বিভাগে গুণাগথা কৰি আছিল। বিদেশত উচ্চশিক্ষা লৈ অহা, নেফাত শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠান গঢ় দিয়াৰ অভিজ্ঞতাৰে পৰিপুষ্ট ইন্দিৰা মিৰিক হাততে পাই তেওঁকেই অধ্যক্ষাৰূপে লৈ যোৰহাটত বি টি কলেজ স্থাপনৰ সিদ্ধান্ত খাটাং কৰা হয়। এতিয়া সমস্যা হ’ল, মাটি নাই, ঘৰ-দুৱাৰ নাই – ক'ত কেনেকৈ কলেজ খোলে? শিক্ষাবিদ গৰাকীৰ ভাষাত, “টাল নাই, তৰোৱাল নাই নিধিৰাম চৰ্দ্দাৰ; ঘৰ নাই, বাৰী নাই, প্ৰশিক্ষক নাই, কেনেকৈ কি কৰো?” তথাপিতো কলেজ আৰম্ভ কৰাৰ মনেৰে মিৰি বাইদেৱে ৪৩