সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

তলত সমবেত কৰিলে। এইসকলক সংগঠিত কৰি অসমত যি Depressed Class Association গঢ় দিয়া হৈছিল সেই সংগঠনৰ তেওঁ সভাপতি আছিল। ভাৰতীয় শাসন-তন্ত্ৰত বিভিন্ন সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব বিবেচনা কৰিবৰ বাবে বৃটিছ চৰকাৰে ১৯২৮ চনত ছাইমন কমিছন নামে এটি ছজনীয়া আয়োগ গঠন কৰিছিল। আয়োগক সহায় কৰিবলৈ ভাৰতীয় লোকেৰে গঠিত এখন কেন্দ্ৰীয় কমিটি আৰু প্ৰতিখন প্ৰদেশতে একোখন প্ৰাদেশিক ভোটাধিকাৰ কমিটিও গঠন কৰি দিছিল। সোণাধৰ সেনাপতিৰ নেতৃত্বত ভৈয়াম জনজাতি আৰু অনুন্নত সম্প্ৰদায়সমূহৰ মুখিয়াল লোকসকল লগ হৈ শ্বিলঙত ছাইমন কমিছনৰ হাতত তেওঁলোকৰ অভিযোগ আৰু দাবী সম্বলিত এখন স্মাৰক পত্ৰ দিয়ে। এই দলটোত মিৰি সমাজক প্ৰতিনিধিত্ব কৰিছিল উদীয়মান মিৰি ডেকা মহীচন্দ্ৰ মিৰিয়ে। এই সুশিক্ষিত জনজাতীয় যুৱকজনলৈকে পিছত সেনাপতিদেৱে তেওঁৰ বৰ জীয়ৰী ইন্দিবাক বিয়া দিছিল। কমিছনৰ আগত সাক্ষ্য প্ৰদান প্ৰসংগত তেওঁলোকে সামাজিক অনুষ্ঠান, শিক্ষা-দীক্ষা, চাকৰি সকলো ক্ষেত্ৰতে অনগ্ৰসৰ সম্প্ৰদায়সমূহে ভোগ কৰিবলগীয়া হোৱা বৈষম্যৰ কথা বিশদ ভাৱে ব্যাখ্যা কৰি মত প্ৰকাশ কৰিছিল যে ৰাজনৈতিক ক্ষমতা লাভৰ দ্বাৰাহে তেওঁলোকৰ সমস্যাৰ সমাধান হব পাৰে। সেনাপতিয়ে পিছত শ্বিলঙতে অসম প্ৰাদেশিক ভোটাধিকাৰ কমিটীত আৰু কলিকতাত অনুন্নত সম্প্ৰদায়সমূহৰ সৰ্ব্বভাৰতীয় নেতা ডঃ আম্বেদকাৰৰ সৈতে কেন্দ্ৰীয় ভোটাধিকাৰ কমিটীতো সাক্ষ্যদান কৰিছিল। ১৯৩২ চনৰ আগষ্ট মাহত বৃটিছ চৰকাৰে পিছপৰা সম্প্ৰদায়সমূহৰ বাবে সুকীয়া নিৰ্ব্বাচন নীতি ঘোষণা কৰিছিল। কিন্তু চতুৰ শাসককুলৰ ভেদ নীতিৰ প্ৰতিবাদত মহাত্মা গান্ধীয়ে আমৰণ অনশন আৰম্ভ কৰাত চৰকাৰে সেই নীতি সংশোধন কৰিবলগীয়া হয়। পিছত পুনেত স্বাক্ষৰিত চুক্তিমৰ্ম্মে অনুন্নতসকলে সুকীয়া নিৰ্বাচনৰ দাবী প্ৰত্যাহাৰ কৰি অধিক সংখ্যক সংৰক্ষিত আসনৰ সুবিধা গ্ৰহণ কৰি সাধাৰণ নিৰ্বাচনকে মানি ললে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত সেনাপতিদেৱে অসম চৰকাৰৰ মনোনীত সদস্য ৰূপে অসম ব্যৱস্থাপক সভাত যোগদান কৰিছিল। সেই সভাতো তেওঁ অনগ্ৰসৰ শ্ৰেণীৰ স্বাৰ্থৰক্ষাৰ হকে মাত মাতিছিল। ডঃ আম্বেদকাৰৰ নেতৃত্ব আৰু অনুপ্ৰেৰণাত এইজন সমাজ-সেৱকৰ নিৰলস প্ৰচেষ্টাৰ ফলতে অসমৰ অনুন্নতসকলে এদিন শিক্ষা, চাকৰি, ৰাজনৈতিক ক্ষমতা লাভ, বিধানসভা, লোক-সভা সকলোতে আসন-সংৰক্ষণৰ সুবিধা লাভ কৰিলে। বিগত শতিকাৰ আৰম্ভনি কালছোৱালৈকে অনুন্নত সম্প্ৰদায়ৰ ল'ৰা-ছোৱালীয়ে, উচ্চ শিক্ষাৰ প্ৰতি হাবিয়াস থাকিলেও গুৱাহাটী বা কলিকতাৰ হোষ্টেলত চিট পোৱাটো দুঃসাধ্য আছিল; কাৰণ বৰ্ণ হিন্দুৰ সন্তানসকলে এনে সম্প্ৰদায়ৰ ল'ৰা ছোৱালীৰ সৈতে ৫