সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

ইন্দিৰা বাইদেউক মনোনীত কৰি থৈছে। স্থানৰ সমস্যাটো বাইদেউৰ লগত আলোচনা কৰোঁতে বাইদেৱে তেখেতৰ থকা ঘৰৰ আহল-বহল ডাঙৰ কোঠাটোতেই নাম ভৰ্ত্তি আৰু প্ৰথম শ্ৰেণী কেইটা আৰম্ভ কৰাত সন্মতি প্ৰদান কৰিলে। পৰমেশ্বৰ শৰ্মা, আনন্দেশ্বৰ শৰ্মা, ইন্দিৰা মিৰি বাইদেউ—আটায়ে তাতে শ্ৰেণীত পাঠ দানৰ কাম আৰম্ভ কৰিলে। তাৰ কিছুদিন পাছতহে কন্যা মহাবিদ্যালখন চিৰিয়াখানা পথৰ খৰ্গেশ্বৰ শৰ্মাৰ দুমহলীয়া ভাৰা ঘৰটোলৈ স্থানান্তৰিত কৰা হ'ল। তাতো বাইদেৱে ৰাতিপুৱা ৭ সাত বজাতে গৈ নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল। কোনোদিনেই তাত যতি পৰা নাছিল। নাৰে!িৰ অঙ্কুৰ’ বিদ্যালয় আৰু ছয় গাঁৱৰ ভিতৰুৱা গাওঁখনৰ বিদ্যালয়খন আৰম্ভ কৰাতো বাইদেউৰ উৎসাহৰ অন্ত নাছিল। এয়ে শিক্ষাব্ৰতী ইন্দিৰা মিৰি। তেখেতলৈ মোৰ শত সহস্ৰ প্ৰণাম। ড° 'ৰেণু দেৱী - এগৰাকী মাতৃ আৰু শিক্ষয়িত্ৰীৰ কি কি গুণ থকা দৰকাৰ সেই সম্পৰ্কে স্পষ্ট ধাৰণা থাকিলেও মই যে সেই সকলোবোৰ গুণৰ অধিকাৰিণী নহয় সেই কথা জানিছিলো আৰু সেইবোৰ গুণ আয়ত্ব কৰিবলৈ যত্ন কৰিছিলো। মাতৃৰ মমতাৰে শিক্ষাৰ্থীক চাব নেজানিলে তেওঁলোকৰ পৰা বিশ্বাস আৰু শ্ৰদ্ধা পাবলৈ টান হয়। অনুকৰণ প্ৰিয় ছাত্ৰ- ছাত্ৰীয়ে শিক্ষকৰ জ্ঞান, চৰিত্ৰ, আদৰ্শ আৰু মূল্যবোধক সাৱধানে নিৰীক্ষণ কৰি অনুকৰণ কৰিবলৈ বিচাৰে। শিক্ষক-শিক্ষাৰ্থীৰ বিদ্যায়তনিক সম্বন্ধই শিক্ষাৰ্থীৰ অপৰিপক্ক মনক এক সুস্থ জীৱন-বোধৰ সন্ধানত সহায় কৰে বাবেই কৃতজ্ঞ শিক্ষাৰ্থীয়ে কৰ্ম্ম-জীৱনত শিক্ষকৰ অৰিহণা কৃতজ্ঞতাৰে স্বীকাৰ কৰে। মাতৃৰ মমতাৰে বহুতো শিক্ষাৰ্থীক জ্ঞানৰ পোহৰ দিয়া এগৰাকী শিক্ষয়িত্ৰী, শিক্ষা - প্ৰশাসিকা আৰু সমাজ-সচেতনা নাৰীৰ বিষয়ে দুআষাৰ লিখিব খুজিছো, যিগৰাকী মোৰ শিক্ষয়িত্ৰী নাছিল যদিও শিক্ষয়িত্ৰীৰ প্ৰাপ্য সকলো শ্ৰদ্ধা, সন্মান মই তেওঁক যাচিছিলো, যাৰ সৈতে মোৰ একপ্ৰকাৰ আত্মিক যোগাযোগ হৈছিল। তেখেত হৈছে শ্ৰীযুতা ইন্দিৰা মিৰি বাইদেউ। তেখেতৰ লগত মোৰ বয়সৰ ব্যৱধান হয়তো বাইশ বছৰ মান হব; কিন্তু তেখেতৰ সান্নিধ্য লাভ কৰিবলৈ মন যেন আজিও উৎকণ্ঠিত হৈ থাকে। মই বাইদেউক তেখেতে চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছতহে ঘনিষ্ঠ ভাৱে পাইছিলো; কিন্তু সৰুৰে পৰা বাইদেউৰ মেধা, সাহস আৰু ধৈৰ্য্যৰ কথা বিভিন্ন জনৰ মুখৰ পৰা শুনিছিলো। অকালতে স্বামীক হেৰুওৱা মানুহ গৰাকীয়ে তিনিটা সন্তান বুকুত বান্ধি তেওঁলোকৰ শিক্ষাৰ লগতে নিজৰো শৈক্ষিক অৰ্হতাৰ উৎকৰ্ষ সাধন কৰাটো কম কষ্টকৰ কাম নাছিল। ম‍ই ১৯৫৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে সোমোৱাৰ পাছত বি ৭৬