সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

ধৰা ৰূপ ” ইয়াৰ অৰ্থ সাংসাৰিক ধৰ্ম পালন কৰিও আমি আধ্যাত্মিক চিন্তাবে মনত শান্তি বিলাব পাৰো। ভক্তি আৰু সংস্কৃতিৰ ভিন্নতা থাকিলেও উদ্দেশ্য কিন্তু অভিন্ন। আমি ... বিজ্ঞান যুগত বাস কৰিও আমাৰ আধ্যাত্মিক সংযোগ অক্ষয় কৰি ৰাখিব পাৰো। আমাৰ পবিত্ৰতা ৰক্ষা কৰাটো আমাৰ সংস্কৃতি; সত্ৰীয়া সংস্কৃতি জীয়াই ৰখা মানেই জীৱেশ্বৰ গোস্বামীৰ দৰে সাধকসকলক অমৰ কৰি ৰখা। এইটো অসমীয়া জাতিৰ মহৎ কৰ্ত্তব্য। অসমীয়াই নিজকে অসমীয়া বুলি চিনাকি দিবলৈ অসমীয়া কলা-কৃষ্টিৰ পবিত্ৰতা ৰক্ষা কৰি এইবোৰ আধ্যাত্মিক ভাৱেৰে, শুদ্ধ চিত্তেৰে, সাৰ্থক ৰূপত চৰ্চ্চা কৰিব লাগিব। আমি ভ্ৰষ্ট হৈ পৰিলে, লাজৰ সীমা নাথাকিব।” ইন্দিৰা মিৰি বাইদেউৰ বক্তৃতাটোত তেখেতৰ মানৱ জীৱনৰ শাশ্বত সত্ত্বা সুন্দৰ ভাবে ব্যাখ্যা হৈছিল। মুগ্ধ হৈছিল সমূহ শ্ৰোতা। ইন্দিৰা বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিছো। শ্ৰীশকুন্তলা চৌধাৰী স্কুলীয়া জীৱনৰ পৰাই আজি প্ৰায় ষাঠী বছৰ কালে শ্ৰদ্ধেয়া ইন্দিৰা বাইদেউৰ স্নেহাশীষ ভৰা সান্নিধ্যই মোক মুগ্ধ কৰিছে। ১৯৪১ চনতে পাণ বজাৰ ছোৱালী হাই স্কুলত বাইদেউক ম‍ই শিক্ষয়িত্ৰী ৰূপে পাইছিলো আৰু এয়ে আছিল বাইদেউৰ লগত মোৰ প্ৰথম পৰিচয়। তেতিয়া মই দশম শ্ৰেণীৰ ছাত্ৰী। বাইদেৱে আমাক ইংৰাজী পঢ়াইছিল। মৰম সনা মাতেৰে ধীৰে – সুস্থিৰে কৰা পাঠ দানে, আমাৰ মন খন্তেকতে একাগ্ৰ কৰিছিল। বাইদেউৰ ইংৰাজী উচ্চাৰণ তেতিয়াও আছিল শুদ্ধ, স্পষ্ট, সুৱলা আৰু অনুকৰণীয়। পঢ়াই থাকোতে আমি মুগ্ধ হৈ শুনি গৈছিলোঁ আৰু এটা ঘন্টা কেনি পাৰ হৈছিল, গমকে নাপাইছিলোঁ। ইয়াৰ পিছত ম‍ই ১৯৪৭ চনত কস্তুৰবা ট্ৰাষ্টৰ কামত নিযুক্ত হওঁ। বাইদেউ অৰুণাচলৰ পৰা গুৱাহাটীলৈ অহাৰ পিছৰ পৰাই তেখেতৰ অধিক সান্নিধ্যলৈ আহোঁ আৰু সঘনে লগ পাবলৈ ধৰোঁ, কাৰণ আমাৰ শ্ৰদ্ধেয়া অমল প্ৰভা বাইদেউ কলিকতাৰ কলেজত পঢ়ি থকা কালত ইন্দিৰা বাইদেউৰ সংস্পৰ্শলৈ আহে। অমল বাইদেউ আছিল আমাৰ "Friend philosopher and guide"। বাইদেউ আমাৰ ইমান প্ৰিয় আছিল যে, কোনোবাই বাইদেউক মৰম সনা মাতেৰে মাতিলে, আত্মীয়তা প্ৰকাশ কৰিলে, আমি স্বাভাৱিকতে সেইগৰাকীৰ প্ৰতি আকৃষ্ট হৈ পৰিছিলো। অমল বাইদেউ আছিল ইন্দিৰা বাইদেউৰ মৰমৰ “মনুমা”। দুয়ো গৰাকীৰ বয়সৰ তাৰতম্য অধিক নাছিল যদিও, ইন্দিৰা • বাইদেৱে যেন মাতৃত্বৰ স্নেহেৰেই বাইদেউক চাইছিল। প্ৰকৃততে ইন্দিৰা বাইদেউৰ সংস্পৰ্শলৈ ৭২