সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

নামটো মনত পৰা নাই) কৰি দিছিল যদিও শ্ৰীহাজৰিকাৰ প্ৰতি এই ক্ষেত্ৰত কোনো বিভাগীয় নিৰ্দেশ নাছিল। তেওঁ বিপদত পৰাৰ ভয়তে কামটো নিয়মিত কৰাবলৈ বাইদেউৰ লগত দপ্তৰীয় কৰ্মচাৰী বিষয়া সকলৰ মেজে মেজে ঘূৰি ফুৰিব লগা হৈছিল। আনফালে অনুদানৰ ধনব লগত অনুষ্ঠানে দিব লগা পৰিপূৰক পূজিটো দান সংগ্ৰহৰ জৰিয়তে গোটোৱাটো সাধাৰণ সম্পাদিকা হিচাবে মোৰ নিজা দায়িত্ব আছিল যদিও এই ক্ষেত্ৰত মই তেনেই অপাৰগ বাবে চৰকাৰী স্হায় বিচাৰি ৰাজ্য চৰকাৰৰ ওচৰ চাপিব লগা হৈছিল। তেতিয়া অসমৰ মুখ্য মন্ত্ৰী আছিল শ্ৰদ্ধেয় শৰৎ চন্দ্ৰ সিংহ, সমাজ কল্যাণ মন্ত্ৰী মোহিনী ব্ৰহ্ম আৰু পৰিকল্পনা মন্ত্ৰী আছিল ছত্ৰ সিং টেৰণ। মই প্ৰথমে তেতিয়াৰ পৰিকল্পনা বিভাগৰ সচিব কিষণ চাইগলৰ ওচৰ চাপিলোঁ। তেওঁ একে আষাৰে ধন নাই বুলি কলে। তেতিয়া আমি মন্ত্ৰী সকলৰ ওচৰ চপাৰ সিদ্ধান্ত ললোঁ। অৱশেষত মুখ্য মন্ত্ৰী ডাঙৰীয়াই সমাজ কল্যাণ বিভাগৰ পৰিকল্পনা শিতানৰ পৰা খৰচ নোহোৱাকৈ পৰি থকাৰ আশঙ্কা থকা পূঁজিৰ পৰা এক লাখ পয়সত্তৰ হেজাৰ টকাৰ এটা মঞ্জুৰী কেন্দ্ৰীয় অনুদানৰ পৰিপূৰক হিচাবে যুৱ নিৱাস সস্থালৈ আগবঢ়োৱাৰ ফলত স্বেচ্ছাসেৱী অনুষ্ঠানে সজা অসমৰ প্ৰথম মহিলা নিবাসটো সাজি উলিওৱা সম্ভৱপৰ হ'ল। বাকী পৰিপূৰক খৰছটো গড় কাপ্টানী বিভাগে এনেবোৰ কামত বিভাগীয় খা-খৰছৰ শিতানত লোৱা অংশটো ৰেহাই দিয়াত কামটো সম্পাদন কৰাত সহায়ক হ'ল। আজি এই নিবাসটোত ডেৰশৰ ওপৰ মহিলাই আবাসিক সুবিধা পাই আছে। এই আটাইখিনি কামতে শ্ৰীমতী ইন্দিৰা মিৰি বাইদেৱে বিনা বাক্য ব্যয়ে আৰু অতি আগ্ৰহেৰে মোৰ লগত দপ্তৰে দপ্তৰে টলৌ টলৌ কৈ যেনেদৰে ঘূৰি ফুৰিছিল, আন অৱসৰ প্ৰাপ্ত উচ্চপদস্থ বিষয়াই সেইটো কৰিলেহেঁতেন নে নাই তাত সন্দেহ আছে। তেতিয়াৰ পৰাই মই তেওঁক মাতৃবৎ জ্ঞান কৰি আছোঁ – যদিও মাতো বাইদেউ বুলি। - শিক্ষা বিষয়ক কোনো কথা হ'লে বাইদেউৰ উৎসাহৰ অন্তনাই। হাড়ে-হিমজুৱে শিক্ষক। অসমৰ প্ৰসিদ্ধ প্ৰশাসনীয় বিষয়া স্বৰ্গীয় খনীন্দ্ৰ চন্দ্ৰ বৰুৱাৰ প্ৰতিটোপা তেজত অসম-প্ৰেমৰ উত্তপ্ততা আছিল; সেয়ে পিতৃদেৱৰ মৃত্যুৰ পিছত অসম যুৱক সমাজৰ সভাপতিৰ পদ তেখেতেই পাইছিল। ১৯৭৭-৭৮ চনত অসম যুৱক সমাজৰ উৎসাহী কৰ্মী অনন্ত শৰ্মা, ভাৰত চন্দ্ৰ দাস আদিয়ে খনীন্দ্ৰ চন্দ্ৰ বৰুৱাৰ সভাপতিত্ব আৰু পৰমেশ্বৰ শৰ্মাৰ উপ-সভাপতিত্বত গুৱাহাটীৰ পূব অঞ্চলত এখন ছোৱালী মহাবিদ্যালয় পাতিবলৈ যো-জা কৰিলে। উক্ত কমিটিৰ সম্পাদিকাৰ দায়িত্ব ৰাইজে মোকেই দিলে। মহাবিদ্যালয়ত ছাত্ৰীৰ নাম ভৰ্ত্তিৰ সময় আহিল, কিন্তু আমি শ্ৰেণী আৰম্ভ কৰিবলৈ কোনো ঠাই যোগাৰ কৰিব পৰা নাই। মহাবিদ্যালয়ৰ অধ্যক্ষ এগৰাকীৰো প্ৰয়োজন। কমিটিয়ে অধ্যক্ষা হিচাবে ৭৫