সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

সেয়া শ্ৰীমতী মিৰিৰ যুক্তিত তেওঁৰ লগত যোৱা ছয় সাত বছৰ ধৰি থকা সুখু নামৰ আদিবাসী সম্প্ৰদায়ৰ ল'ৰাজনেও এতিয়া মটৰ মেকানিকৰ কাম শিকি আছে। ইন্দিৰা মিৰি আৰু ৰজনীকান্ত পাটিৰৰ উদ্যোগত মহীচন্দ্ৰ মিৰিৰ জন্মস্থান ঢকুৱাখানা অঞ্চলৰ সোনাৰি চাপৰি গাঁৱত সেইজনা বৰেণ্য ব্যক্তিৰ নামত ‘মহীচন্দ্ৰ মিৰি ছোৱালী হাই স্কুল' স্থাপিত হয়। সেই স্কুললৈ শ্ৰীমতী মিৰিয়ে বুজন পৰিমানৰ আৰ্থিক সাহায্য আগবঢ়ায়। শিলপুখুৰীৰ ভিতৰুৱা অঞ্চল কন্বাচলত আইসকলে নাম ল'বৰ কাৰণে এটি নামঘৰ সাজিবলৈকো তেওঁ মাটি দান কৰে। স্বাৱলম্বিতা তেওঁৰ চৰিত্ৰৰ এক উল্লেখনীয় বৈশিষ্ট্য। ইন্দিৰা মিৰি এগৰাকী প্ৰকৃতাৰ্থত স্বাধীন নাৰী। তেওঁৰ বৰপো-বোৱাৰী একেটা চৌহদতে থাকে যদিও তেওঁ পৰাপক্ষত কাকো আমনি নকৰে, নিজাববীয়াকৈ সংসাৰ-যাত্ৰা চলায়। উচ্চ চিন্তা, সৰল জীৱন তেওঁৰ আদৰ্শ। শাসক ও শিক্ষক হিচাপে অনুশাসনৰ ক্ষেত্ৰত দৃঢ় আৰু নীতিনিষ্ঠ হোৱা বাবে তেওঁ কিছুসংখ্যক লোকৰ অপ্ৰিয়ভাজন হোৱাটো স্বাভাবিক কথা। কিন্তু টান খোলাৰে আৱৰা নাৰিকলটোৰ ভিতৰত কোমল শাহ, সুস্বাদু পানী থকাৰ দৰে বাহিৰত কঠোৰ যেন লগা গহীন গম্ভীৰ প্ৰকৃতিৰ মানুহগৰাকীৰ এখন মৰমে উপচি পৰা সুকোমল হৃদয় আছে। ঘৰত বন কৰা ল'ৰাটো বা ছোৱালীজনীকো ‘দেউতা’বা ‘মাজনী’ বুলি মৰমেৰে সম্বোধন কৰা মানুহ সমাজত কেইজন ওলাব? মানুহগৰাকী শান্ত প্ৰকৃতিৰ, ধৰ্ম্মপ্ৰাণ, নিৰহংকাৰী। সম্পূৰ্ণ প্ৰচাৰ বিমুখ এই গৰাকী গুণৱতী মহিলাই উপযাচি নিজৰ প্ৰসংগ কেতিয়াও নুলিয়ায়। আগশাৰীৰ আন কিছুসংখ্যক মহিলাৰ দৰে নিজকে জাহিৰ কৰাৰ প্ৰবৃত্তি তেওঁৰ নাই। এক যুক্তিনিষ্ঠ মনৰ অধিকাৰী ইন্দিৰা মিৰিয়ে কুসংস্কাৰ, অন্ধ বিশ্বাস,অৰ্থহীন আবেগক প্ৰশ্ৰয় নিদিয়ে। ৰাজনীতিৰ প্ৰতি তেওঁ সমূলি আগ্ৰহী নহয়। ১৯৮৮ চনতে হৃদযন্ত্ৰৰ অসুখত ভোগাত দিল্লীৰ আয়ুবিজ্ঞান প্ৰতিষ্ঠানত তেওঁৰ দেহত পেচ মেকাৰ স্থাপন কৰা হয়। সম্প্ৰতি তেওঁৰ সাধাৰণ স্বাস্থ্য ভালেই। এই বয়সতো ভালদৰে চলাফুৰা কৰি আছে, চশমাৰ সহায় নোলোৱাকৈয়ে কিতাপ কাগজ পঢ়ে। তেওঁ অধ্যয়নশীল, অলপ অচৰপ লিখা-মেলাও কৰে। ১৯৭৫ চনত আৰ্ন্তজাতিক নাৰীবৰ্ষ উপলক্ষে চৰকাৰী উদ্যোগত যিখন আটকধুনীয়া স্মৃতি গ্ৰন্থ প্ৰকাশিত হৈছিল সেইখনৰ সম্পাদিকাৰ দায়িত্বত ইন্দিৰা মিৰি আছিল। সেই কষ্টসাধ্য কামত তেওঁক সহায় কৰিছিল প্ৰীতি বৰুৱা, জাহানাৰা বেগম, শুচিব্ৰতা ৰায়চৌধুৰী প্ৰমুখ্যে লেখিকা সকলে ইন্দিবা মিৰিৰ দৈনিক ৰুটিনখন মন কৰিবলগীয়া। তেওঁ দিনটোৰ সকলো কাম সদায় একেটা পৰতে কৰে। পুৱাতে উঠি এগিলাচ পানী খাই গা-পা ধুই গোসাঁই ঘৰত সোমায়। পূৰা এঘন্টা সময় প্ৰাৰ্থনা সংগীত, ঘোষা-পদ গাই, ধৰ্ম্মগ্ৰন্থ পঢ়ি তাতে কটায়। ৫৬