সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

উত্তৰ :- মোৰ দিনত তেনে অনুষ্ঠান মই দুখনহে গঢ়িছিলো। তেতিয়ালৈ বি টি কলেজ নাছিলেই। আজিকালি এনে কলেজ বাৰিষা বন গজাদি গজিছে। মোৰ দিনত বি টি কলেজে বিশ্ববিদ্যালয়ৰ কট্‌কটীয়া শৈক্ষিক-নিয়ম নীতি মানি চলিব লাগিছিল। প্রশিক্ষণ, কলেজৰ ঘৰ-দুৱাৰ, সা-সঁজুলি, উপযুক্ত প্রশিক্ষক, উপযুক্ত প্রশিক্ষার্থী, প্রশিক্ষক প্রশিক্ষার্থীব আনুপাতিক হাৰ, উপস্থিতিৰ হাৰ, ‘প্ৰেক্‌টিচ্ টিচিং’, প্ৰশিক্ষাৰ্থীৰ পদ্ধতিৰ বিষয় বাচনি— সকলো ক্ষেত্ৰতে নিয়ম নীতিৰ বাধ্যবাধকতা আছিল। আজিৰ বি টি কলেজত তেনে ধৰা- বন্ধা নিয়ম নীতি নাই। বি টি ডিগ্ৰী আজি শিক্ষক নিযুক্তিৰ বাবে এক প্ৰকাৰ বাধ্যতামূলক হোৱাত অগণন অপ্রশিক্ষিত শিক্ষক আৰু ভবিষ্যতে হবলগীয়া শিক্ষকে এই ডিগ্ৰী লবলৈ বিচাৰিছে, গতিকে প্ৰয়োজনৰ তাড়নাতে এনেবোৰ কলেজ শিপাইছে। বিশ্ববিদ্যালয়ে যদি এনে কলেজ পতাৰ বাবে অনুমোদন দিওঁতে কটকটীয়া নিয়মেৰে বিশেষ সর্তকতা অৱলম্বন নকৰে তেতিয়া হলে শিক্ষকে বি টি ৰ দৰে এটা উচ্চমানৰ স্নাতকোত্তৰ ডিগ্ৰী পোৱাৰ কোনো সার্থকতা নেথাকে। এনে বি টি ডিগ্ৰীয়ে ‘প্রাইভেট টিউট’হে তৈয়াৰ কৰিব, সন্মানিত, সাৰ্থক শিক্ষক তৈয়াৰ নকৰে । অকল প্রাইভেট টিউটৰ তৈয়াৰ কৰিলেও ভাল আছিল, কিন্তু তৈয়াৰ হৈছে শিক্ষক প্রাইভেট টিউটৰ। প্রশ্ন :- আপুনি টি ভি চায়নে? টি ভি ৰ উপকাৰৰ তুলনাত অপকাৰ বেছি বুলি আপুনি ভাবে নে নেভাবে ? আনহাতে আজিৰ যুগত ইয়াক পৰিহাৰ কৰিও চলিব নোৱাৰি। এই ক্ষেত্ৰত পিতৃ মাতৃ বা অভিভাৱকৰ দায়িত্ব কি ? উত্তৰ :- মই টি ভি ৰ বাতৰি অনুষ্ঠানকেইটাহে চাওঁ। টি ভি মানৱ মেধাৰ এক বিস্ময়কৰ আবিষ্কাৰ। সকলো আবিষ্কাৰৰে উপকাৰ অপকাৰ দুয়োটা আছে। টি ভি ও ইয়াৰ ব্যতিক্রম নহয়। যদিও উপকাৰলৈ চাই টি ভি গ্রহণযোগ্য অপকাৰলৈ চাই ই বৰ্জনীয় । গতিকে ভাৰসাম্য ৰক্ষা কৰাৰ চেষ্টাৰে অভিভাৱকসকলে টি ভি প্ৰগ্ৰেমৰ বাছনি কৰিব লাগে আৰু সেইমতে ল'ৰা ছোৱালীক টি ভি ব্যৱহাৰ কৰিবলৈ দিব লাগে। কিন্তু টি ভি ৰ মন্ত্ৰীৰ পৰা পিতৃ-মাতৃলৈ সকলোৱেই এই বিষয়ত উদাসীন। টি ভি ৰ কৰ্ম্মকৰ্তাসকলৰ অৰ্থলিপ্সায়ো এই ক্ষেত্ৰত ক্ৰিয়া কৰে। টি ভি ৰ শৈক্ষিক দিশটোলৈ চাই অভিভাৱকসকলে তাৰ ব্যৱহাৰ নিয়ন্ত্ৰিত কৰিলে ল'ৰা ছোৱালীয়ে ঘৰতে বহি জগতখনৰ জ্ঞান আহৰণ কৰিব পাৰিব আৰু তাৰ অপপ্ৰভাৱৰ পৰাও ৰক্ষা পৰিব। প্রশ্ন :- আমাৰ পূৰ্ব্বৰ একান্নবৰ্ত্তী পৰিয়ালৰ ধাৰণাটো প্ৰায় নোহোৱাই হৈছে। ল'বা-বোৱাৰী, পিতৃ-মাতৃ দুয়োপক্ষই আজিকালি নিজাববীয়াকৈ থাকিবলৈ বিচাৰে। কিন্তু আলৰ অৱস্থাত তো আনৰ সহায় লাগিবই; বৃদ্ধ-সদনৰ ধাৰণাটো আমাৰ দেশত খাপ খাব বুলি ভাবে নে? ৬২