সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্বিলং গুৱাহাটীৰ দুয়োখন ঘৰৰ মাজতে ইন্দিৰাৰ শৈশৱৰ দিনবোৰ অতিবাহিত হৈছিল। তেওঁলোকৰ তেৰটা ভাই-ভনীৰ উপৰিও বিধৱা জেঠায়েকৰ ল'ৰা ছোৱালীও সেইখন গৃহস্থীতে ডাঙৰ দীঘল হৈছিল। এনে এখন জাকৰুৱা ঘৰৰ বৰ জী হিচাপে ইন্দিৰা সৰুৰে পৰাই গহীন-গম্ভীৰ আৰু দায়িত্ব সচেতন আছিল। ইন্দিৰাই ন বছৰ বয়সতে মাকক হেৰুৱায়। চতুৰ্থ সন্তান খান্নাৰ জন্মৰ তিনি দিনৰ পিছতে দিব্যকান্তি দাসৰ মৃত্যু হৈছিল। খাছীয়া আয়াৰ স্তনপান কৰাই জীয়াই ৰখা অসুখীয়া সেই ভায়েকক ইন্দিৰাই ওৰেটো জীৱন মাতৃ-স্নেহেৰে আৱৰি ৰাখিছিল। শ্বিলঙত মহিলা গৰাকীৰ মৃত্যুৰ সময়ত শৱদেহ সৎকাৰৰ বাবে কোনো অসমীয়া মানুহ হেনো আগবাঢ়ি অহা নাছিল, কাৰণ সেনাপতি পৰিয়াল অন্ত্য জাতিৰ লোক। সেই সময়ত শ্বিলঙত বহু বঙালী পৰিয়াল বাস কৰিছিল। তেনে পৰিস্থিতিত সহায়ৰ হাত আগবঢ়াইছিল বঙালী ব্ৰাহ্ম সমাজৰ লোকসকলে। তেওঁলোকে সৎকাৰ কাৰ্য্যত আগভাগ লোৱাৰ উপৰিও এমাহ ধৰি দুয়ো বেলা মৃতকৰ ঘৰত প্ৰাৰ্থনা, উপাসনা আদি কৰিছিল। শোকাভিভূত সেনাপতিদেৱে হেনো খবৰ লবলৈ অহা সচিৱালয়ৰ বিষয়া সকলক কৈছিল, “আমাৰ মানুহক ইয়াত চাকৰি দিয়ক, নহলে আমি মৰিলে নিওঁতা কোনো নাই।” তেতিয়াৰে পৰা মানুহজনৰ ব্ৰাহ্ম সমাজৰ প্ৰতি আকৰ্ষণ অতি গভীৰ হৈছিল। প্ৰতি দেওবাৰে তেওঁ ব্ৰাহ্ম মন্দিৰৰ প্ৰাৰ্থনাত যোগ দিছিলগৈ।
 লগুৱা-লিক্‌চৌ, আশ্ৰিত লোকেৰে গিজগিজাই থকা এখন আঢ্যবন্ত গৃহস্থী যদিও সেনাপতিৰ ঘৰখনত বস্তুবাদী চিন্তাধাৰাৰ পৰিবৰ্ত্তে এটি আধ্যাত্মিকতাৰ পৰিবেশহে বিৰাজ কৰিছিল। মহাপুৰুষীয়া ধৰ্ম্মমতৰ অনুগামী মানুহজনৰ বৰগীত, কীৰ্ত্তন, নামঘোষা এক প্ৰকাৰ কণ্ঠস্থ আছিল। ব্ৰহ্মপুৱাতে উঠি তেওঁ সুললিত কণ্ঠে গীত-পদ গাইছিল; ল’ৰা ছোৱালীহঁতকো গাবলৈ শিকাইছিল। ধৰ্ম্ম বিষয়ত অতি উদাৰ সেনাপতিদেৱে চুবুৰীৰ দূৰ্গা পূজাখনলৈকো নোযোৱাকৈ থকা নাছিল। নগাঁৱত থাকোতে তেওঁ হেনো মাজে সময়ে গীৰ্জালৈকো গৈছিল। ল’ৰা ছোৱালীহঁতক সংগীত শিকাবৰ বাবে তেওঁ শ্বিলঙৰ ঘৰত ভূপেন ঘোষ নামে এজন গৃহ শিক্ষক নিয়োগ কৰিছিল। তেওঁলোকৰ ঘৰত মাজে সময়ে পতা 'জলসা’ত চহৰৰ বিশিষ্ট সংগীত শিল্পীয়েও যোগদান কৰিছিল। গতিকে ইন্দিৰাৰ সৰুৰে পৰা সংগীত, বিশেষকৈ ৰবীন্দ্ৰ সংগীতৰ প্ৰতি বৰ ধাউতি। এই বয়সতো যেতিয়াই তেতিয়াই তেওঁক ৰবীন্দ্ৰ নাথৰ গীতৰ কলি গুণগুণাই থকা শুনা যায়।

 ইন্দিৰাৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় শ্বিলঙৰ এক বঙালী মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত। সেই স্কুলৰ শিক্ষয়িত্ৰী আছিল স্বৰ্গীয়া সাৰদা মঞ্জৰী দাস। তেওঁক ছাত্ৰ-ছাত্ৰীসকলে ‘গুৰু-মা’ বুলি সম্বোধন কৰিছিল। সেই মৰমীয়াল শিক্ষয়িত্ৰী গৰাকীৰ বাবেই হেনো স্কুলখন শিশুসকলৰ বাবে আনন্দৰ ঠাই হৈ পৰিছিল। বন্ধৰ দিনত ল’ৰা ছোৱালীহঁতক তেওঁ শ্বিলঙৰ