সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

অসমত দুৰ্লভ। পৰিস্কাৰ-পৰিচ্ছন্নতা, নম্ৰ-ব্যৱহাৰ, বিবিধ গছ-ফুলেৰে ঘৰ-বাৰী চকুত লগাকৈ ৰখা, ভাল সঁচৰ গৰু-গাই পোহা, সংগীত-চৰ্চা – সকলো সেনাপতি পৰিয়ালৰ আকষৰ্ণীয় লক্ষণ আছিল”। সেনাপতিদেৱ আহাৰ-বিহাৰত সংযত আছিল, ধূমপান নকৰিছিল, সকলো প্ৰকাৰৰ ৰাগীয়াল বস্তুৰ পৰা আতৰত আছিল। চাৰিকুৰি বছৰত মৃত্যুৰ সময়লৈকে তেওঁৰ দাঁত সৰা নাছিল, চুলিও পক ধৰা নাছিল। জাত-কুলৰ সমস্যা লৈয়ে ওৰেটো জীৱন সংগ্ৰাম কৰা মানুহজনে তেওঁৰ ল'ৰা ছোৱালীহঁতক কৈছিল, “ মই জাতত মজিছো; তহঁতে মোৰ দৰে জাতত ডুব দি নাথাকিবি, পানীত মাখন ওপঙাৰ দৰে ওপঙি থাকিবি।” সুখৰ কথা, তেওঁৰ ল'ৰা-ছোৱালীহঁতৰ দিনলৈ আমাৰ সমাজত জাত-পাতৰ ব্যৱধান ক্ৰমে টুটি আহি বিয়া বাৰুৰ ক্ষেত্ৰতহে বৰ্ত্তি থাকিল। সম্প্ৰতি নতুন সহস্ৰাব্দত খোজ আগবঢ়োৱা আমাৰ সমাজ ব্যৱস্থাত অসবৰ্ণ বিবাহৰ প্ৰতিও অধিকাংশ লোকে উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰা দেখা গৈছে। জীৱনৰ বিয়লি পৰত সেনাপতিদেৱে তেওঁৰ সতি-সন্ততিলৈ আগবঢ়োৱা আন এক বহুমূলীয়া উপদেশ আছিল “ Each one teach one” – অৰ্থাৎ প্ৰতিজন লোকে অন্ততঃ এজনকৈ হলেও অসমৰ্থ, দৰিদ্ৰ লোকক শিক্ষাৰ পোহৰ দিয়াৰ দায়িত্ব লব লাগে। কোৱা বাহুল্য এই মহানুভৱ পুৰুষজনে এজনক নহয়, কেইবাজনো দুখীয়া, পিতৃ- মাতৃহীন ল'ৰা-ছোৱালীক শিক্ষা-দীক্ষা দি মানুহ কৰিছিল। - সন্তানৰ জীৱনত পিতৃ-মাতৃৰ ব্যক্তিত্বৰ প্ৰভাৱ অপৰিসীম। সৰুৰে পৰা ল'ৰা ছোৱালী যি ধৰণৰ ঘৰুৱা পৰিবেশত ডাঙৰ দীঘল হয়, তেওঁলোকে পিতৃ-মাতৃৰ যেনে আচাৰ আচৰণ দেখে সেইবোৰ কথাই সাধাৰণতে সন্তানৰ ব্যক্তিত্ব গঠনত অজানিত ভাৱেই ক্ৰিয়া কৰে। ইন্দিৰা মিৰিক, জীৱনত সবাতোকৈ বেছি প্ৰভাৱিত কৰা ব্যক্তিগৰাকী কোন বুলি প্ৰশ্ন কৰাত বয়োবৃদ্ধা মহিলাগৰাকীয়ে আবেগ-বিহবল কণ্ঠে কৈছিল, “ সেইজন আছিল মোৰ পিতৃদেৱ – যি মোৰ ব্যক্তিত্ব গঠনত শ্ৰেষ্ঠ অৱদান যোগাইছিল। তেখেত আছিল মোৰ দুখত সুখ, নিৰাশাত আশা, দুৰ্ব্বলতাত বল, চকুৰ পানীত হাঁহিৰ ৰেঙনি; মোৰ জীৱন ৰথৰ সাৰথি আছিল মোৰ পিতৃ দেৱ।” - 9