সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

ō ( বনাই থৈছো।” মাৰ শাক পাচলিৰ বাগিছা আৰু ফুলনি কৰাতো বৰ চখ আছে। এতিয়াও এই বয়সত সম্ভব হলে বাৰীত কাম কৰে । মা বিভিন্ন সামাজিক সংগঠনৰ লগত এতিয়াও জড়িত। মা সচাকৈয়ে এগৰাকী আদর্শ মহিলা । আজিও সমাজত নাৰীজাতি যথেষ্ট লাঞ্চিতা, বঞ্চিতা। মাৰ এই স্বাধীন মুক্ত জীৱন যাপন সচাকৈয়ে সকলো নাৰীৰ বাবে এক আৰ্হি । মোৰ এই মৰমীয়াল তথা নিৰ্ভীক মা যেন বোৱতী নদীৰ সোঁতৰ দৰেই । মাৰ দীর্ঘায়ু কামনা কৰিলো । ৮৬