সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

দিছিল; ভুবনেশ্বৰ বৰুৱা স্বয়ং বৰকৰ্ত্তা আছিল”। মহীচন্দ্ৰৰ জ্ঞাতি ভাইসকলে তেওঁ অন্ত্যজাতিৰ ছোৱালী বিয়া কৰাবলৈ ওলোৱাত তেওঁলোকৰ ঘৰখনকে এঘৰীয়া কৰিবলৈ ওলাইছিল; পিছত যেনিবা তেওঁলোকৰ শুভবুদ্ধিৰ উদয় হৈছিল। আনহাতে ‘ট্ৰাইবেল’ লৰাক জোঁৱাই পাতিবলৈ ওলোৱাত সেনাপতিৰ বংশ পৰিয়ালো ক্ষুন্ন হৈছিল। কিন্তু স্বয়ং কন্যাদাতাৰ দৃঢ় সংকল্পই সকলো ওজৰ-আপত্তি উটুৱাই লৈ গ'ল। শুভকাৰ্য্য সুকলমে ধুমধামেৰে সম্পন্ন হ'ল। বিবাহ কাৰ্য্য সম্পন্ন কৰিবলৈ অসমৰ পুৰোহিতৰ উপৰিও বাহিৰৰ পৰা বেদজ্ঞ ব্ৰাহ্মণ অনা হৈছিল। মহীচন্দ্ৰই ইতিমধ্যে ৰেংগুনত প্ৰশিক্ষণ সমাপ্ত কৰি গুৱাহাটীতে চাকৰিত যোগদান কৰিছিল। গুৱাহাটীৰ চেনিকুঠি অঞ্চলত এটি ঘৰ ভাড়া লৈ তেওঁলোকে সাংসাৰিক জীৱনৰ পাতনি মেলিলে। মহীচন্দ্ৰৰ পিতৃ-মাতৃয়েও বিয়াৰ পিছত কিছুদিন পুত্ৰৰ ঘৰত কটাই গ'লহি। এই ঐতিহাসিক বিয়াখনৰ পৰবৰ্ত্তী পৰিস্থিতি সম্পৰ্কে ইন্দিৰা মিৰিয়ে এইদৰে কৈছিল, “মই সৰুৰে পৰা শ্বিলং, কলিকতাত ডাঙৰ হৈ আধুনিকতাৰ কোনো পৰশ নোপোৱা মিৰি চাঙত খাপ খোৱাটো এটা জটিল সমস্যা হৈছিল যদিও খাপ খাওঁতে বেছি সময় নেলাগিল; তেওঁলোকে মোৰ অন্তৰ জয় কৰিছিল আৰু ময়ো তেওঁলোকৰ অন্তৰ জয় কৰিবলৈ সমৰ্থ হৈছিলো। সেই সৌহাৰ্দ্য আজিলৈকে বৰ্ত্তি আছে।” বিয়াৰ আগতেই ইন্দিৰাই গুৱাহাটীৰ ৰি অতি পুৰণি শিক্ষানুষ্ঠান পানবজাৰ ছোৱালী হাইস্কুলত সহকাৰী শিক্ষয়িত্ৰী ৰূপে কামত সোমাইছিল। সেই সময়তো এটা সমস্যাই দেখা দিছিল। তেওঁ সৰুৰে পৰা মাতৃভাষা ৰূপে বঙলা ভাষাকে পঢ়িবলগীয়া হৈছিল; কিন্তু তেওঁৰ নিযুক্তি পত্ৰত উল্লেখ আছিল ‘অসমীয়া বিষয়ৰ শিক্ষয়িত্ৰী' হিচাপেহে। অসমীয়া বিষয়টো কেনেকৈ পঢ়ুৱাব ভাবি চিন্তি তেওঁৰ টোপনি নহা হৈছিল। পিছে হেম বাবু নামে পৰিচিত, স্কুলখনৰ সুদক্ষ বঙালী প্ৰধান শিক্ষকজনে তেওঁক ঘাইকৈ ইংৰাজী, অঙ্ক আৰু সংস্কৃতৰ ক্লাচ লবলৈ দি সমস্যাৰ সমাধান কৰিলে। ১৯৩৩ চনত ইন্দিৰা মিৰিৰ এটি পুত্ৰ সন্তান জন্ম হৈছিল, কিন্তু দুৰ্ভাগ্যবশতঃ লৰাটি বাচি নেথাকিল। ১৯৩৪ চনত মহীচন্দ্ৰ মিৰিয়ে ‘একষ্ট্ৰা এছিষ্টেন্ট কনজাৰভেটৰ অ ফৰেষ্ট' হিচাপে কাজিৰঙা অভয়াৰণ্যৰ কাষৰ বাগুৰিত কাৰ্য্যভাৰ গ্ৰহণ কৰেগৈ। সেই সময়তে বিখ্যাত প্ৰকৃতিবিদ্ E.P. Gee চাহাৰ কাজিৰঙা ভ্ৰমণৰ উদ্দেশে অসমলৈ আহিব খোজাত এজন ইংৰাজ ফৰেষ্ট অফিচাৰে আহিবলৈ মানা কৰি কাজিৰঙা সম্পৰ্কে তেওঁলৈ এইদৰে লিখিছিল, —- - - - No one can enter the place, it is all swamps and leeches and even elephants cannot walk there” – সেই ঠাইত সোমাব কাৰো সাধ্য নাই, পিতনিৰে ভৰা, জোকৰ ৰাজ্য, আনকি হাতীয়েও তাত খোজ দিব নোৱাৰে। অথচ সেইটো বছৰতে কাজিৰঙা অভয়াৰণ্যত 'চাৰ্ভে' চলাবৰ কাৰণে মিৰিদেৱক বাগুৰিত ১৬ -