সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

লগত সেনাপতি পৰিয়ালটো ঘনিষ্ঠ ভাৱে জড়িত আছিল। এনে এটা সংস্কৃতিবান পৰিয়ালৰ জীয়াৰী ইন্দিৰা মিৰি, যাক আমি সাদৰেৰে মেৰে বাইদেউ বুলি মাতিছিলো। এইগৰাকী বিদ্যোৎসাহী মহিলাৰ ৰুচি আৰু সৌন্দৰ্যবোধৰ চিনাকি ম‍ই নিজে পাইছো তেখেতৰ বহু বিধ কৰ্ম্ম-প্ৰেৰণাৰ নিৰপেক্ষ দৰ্শক হিচাপে। অসমীয়া, ইংৰাজী, বঙলা আৰু সংস্কৃত ভাষাত তেখেতৰ পাণ্ডিত্য দেখি মুগ্ধ হৈছো। গদ ছন্দক সুন্দৰ ভাৱে আয়ত্ব কৰি তাক যথোচিত ভাৱে প্ৰয়োগ কৰি ইন্দিৰা মিৰি বাইদেৱে যি মনোগ্ৰাহী, হৃদয়স্পৰ্শী বক্তৃতা প্ৰদান কৰে, তাৰ মাজত আমি পাওঁ কাব্যোচিত ধ্বনি প্ৰবাহ আৰু গতিময় ভাষাৰ বিন্যাস কৌশল। বক্তৃতাৰ মাজেদি, উপমাৰ যোগেদি তেখেতে অগণন দৰ্শক শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি সম্পূৰ্ণ ভাৱে বিষয় প্ৰসংগ ফুটাই তোলে। ভাৱ-আলোড়নক নৈপুণ্যৰে প্ৰতিষ্ঠিত কৰোতে ইন্দিৰা মিৰিৰ আধ্যাত্মিক ব্যাখ্যা অতি ৰস মধুৰহু আবেগেৰে তেখেতে প্ৰত্যাশী মনৰ আশা-আকাংক্ষা ব্যক্ত কৰে। অতীত, বৰ্তমান আৰু ভৱিষ্যৎ তেখেতে বিচাৰ বিশ্লেষণ কৰি উদ্ভাষিত কৰে মানব বাসনা। অসমীয়া জাতিৰ প্ৰতিশ্ৰুতিময় আগত দিনবোৰৰ কথা তেখেতে প্ৰকাশ কৰে আবেগোচ্ছল, সংগীতময় কাব্যিক ভাষাৰে। কেতিয়াবা তেখেতৰ ভাষণত সুগভীৰ নৈৰাশ্যৰ আশংকা ফুটি ওলায়। তেতিয়া তেখেত হৈ পৰে ভাৱবিহবল। মই লক্ষ্য কৰিছো, ইন্দিৰা মিৰিৰ ভাৱছন্দত এক অন্তনিৰ্হিত ৰূপময়তা সোমাই আছে। অশিষ্ট, ৰীতি বিৰোধী, অমাৰ্জিত মন্তব্য তেখেতে কেতিয়াও নকৰে। বক্তৃতাৰ যি মাৰ্জিত আৰু ৰসগ্ৰাহী আংগিক তাক ইন্দিৰা মিৰিয়ে সচেতন ভাৱে পালন কৰে। কবলৈ শংকাবোধ নকৰো যে এইগৰাকী প্ৰবীণা মহিলাৰ কথা-বতৰাত, আচৰণ-বিচৰণত কেতিয়াও সগৰ্ব আত্মতুষ্টি পৰিলক্ষিত হোৱা মই দেখা নাই। নিচেই কাষৰ পৰা তেখেতক আমি পাইছো (মই আৰু মোৰ স্ত্ৰী শ্ৰীমতী জিনু গোস্বামী)। ক’তো, কাহানিও তেখেতৰ কৃত্ৰিমতা দেখা নাই, ক’তো আতিশয্য দৃষ্টি গোচৰ হোৱা নাই। ইন্দিৰা মিৰি বাইদেৱে স্বৰ্গীয় জীৱেশ্বৰ গোস্বামীৰ মৃত্যু দিবস ৮ এপ্ৰিল ১৯৯৯ চন পালন উপলক্ষে শংকৰদেৱ অধ্যয়ন ক্ষেত্ৰই আয়োজন কৰা মহাপুৰুষ শংকৰদেৱৰ ৫৫০ তম গুৰু-জয়ন্তীৰ লগত সংগতি ৰাখি “সত্ৰীয়া নৃত্যত হস্ত” শীৰ্ষক বক্তৃতা অনুষ্ঠানত উদ্বোধকৰ ভাষণ দিছিল। এই সাৰগৰ্ভ বক্তৃতাটো মই টেপ কৰি ৰাখি থৈছো। তেখেতে মানুহৰ তামসিক, ৰাজসিক প্ৰবৃত্তিৰ বাহিৰেও যি সাত্বিক প্ৰবৃত্তি আছে, তাক আন্তৰিকতাৰে অনুশীলন কৰিবলৈ আহবান জনাইছিল। তেখেতে কৈছিল, “মনুষ্য জীৱন অতি মূল্যবান। অকল পাৰ্থিৱ অৱদানে ইয়াক মহীয়ান কৰিব নোৱাৰে। তামসিক আৰু ৰাজসিক বিষয় বাসনা নিয়ন্ত্ৰণ কৰিবলৈ আধ্যাত্মিক চিন্তাৰ প্ৰয়োজন। ভাৰতীয় আদৰ্শত ইয়াক উচ্চ স্থান দিয়া হৈছে - সৰ্বমংগল কামনাৰে। গুৰু জনাই সেয়েহে কৈছে, “মুখে বোলা ৰাম হৃদয়ে