সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

উত্তৰ :- যুগৰ পৰিবৰ্ত্তনৰ লগে লগে জীৱন ধাৰাৰো পৰিবৰ্ত্তন অনিবাৰ্য্য। এই অনিবাৰ্য্যতাৰ কাৰণেই হয়তোবা যৌথ পৰিবাৰ নাইকিয়া হৈছে। গতিকে অলব অচল অৱস্থাত বৃদ্ধজনৰ বাবে বৃদ্ধ-সদন হ'লে ভালৰে কথা । খাপ নোখোৱাৰ প্ৰশ্ন নুঠে, যদিহে সেই সদনে বৃদ্ধজনৰ সকলো প্ৰয়োজন মিটাব পাৰে। কামটো অতি ব্যয়বহুল হ'ব। জোখেৰে ডাক্তৰ, নাৰ্ছ, পৰিচাৰিকা সা-সঁজুলি আৰু বৃদ্ধ বয়সৰ আন প্রয়োজনীয় সা-সামগ্ৰী আদি যোগান ধৰিব নোৱাৰিলে বৃদ্ধ-সদন চলোৱা টান হব। পিছে সার্থক ভাৱে চলাব পাৰিলে এনে সদন নিশ্চয় ফলপ্রসূ হব আৰু আজিৰ অকলশৰীয়া বৃদ্ধসকলৰ বাৰ্দ্ধক্যৰ অচলাবস্থা দুখ-দৈন্য নিশ্চয় কিছু পৰিমানে লাঘৱ হব। প্রশ্ন ঃ- ধৰ্ম্মৰ সংজ্ঞা কি বুলি আপুনি ভাবে? ভগৱানক প্ৰকৃততে মঠ, মন্দিৰ, নাম ঘৰত পোৱা যায় নে? ধৰ্ম্মৰ আনুষ্ঠানিকতাত আপোনাৰ বিশ্বাস আছে নে? উত্তৰ :- ধৰ্ম্মৰ সংজ্ঞা – অদৃশ্য নিয়ন্ত্রক শক্তিৰ ওপৰত অৰ্থাৎ ভগৱানত বিশ্বাস, যিজনে সকলো জানে অথচ যাক কোনেও নেজানে সেই মহতো মহীয়ান অনোৰণীয়ান জনৰ চিন্তা, ধ্যান আৰু সাধনা কৰা আৰু সেই সাধনালব্ধ জ্ঞানৰ ‘সৰ্ব্বজন হিতায়, সৰ্ব্বজন সুখায়' কৰ্ম্মত নিয়োগকে ধৰ্ম্ম বুলি ভাবো। সাধনা আৰু আচৰণ দুয়োটা মিলিহে ধৰ্ম্ম। অকল সাধনা বা অকল আচৰণক ধৰ্ম্ম বুলিব নোৱাৰি । প্ৰশ্নৰ দ্বিতীয় অংশই এটা গল্প মনত পেলাইছে –সাধক সাধনাত প্রায় সমাধিস্থ । হঠাতে এজন ভক্তই ক’লে, “বাবা, আপুনি শিৱমূৰ্ত্তিৰ ওপৰত ভৰি দি আছে।” সাধকে লাহেকৈ মাত দিলে, “আঁতৰাই দিয়া।” ভক্তই ভৰি আঁতৰাই দিলে; কিন্তু দেখে যে পুনৰ তেওঁ আন এক শিৱমূৰ্ত্তিৰ ওপৰত ভৰি থৈছে। আচৰিত হৈ ভক্তজনে পুনৰ সাধুক কথাটো জনালে। এইবাৰ উত্তৰ পালে, “শিৱ নোহোৱা ঠাই অকণ মোক দেখুৱাই দিয়া।” ভগৱান সৰ্ব্বত্র বিদ্যমান; পিছে নিৰ্দিষ্ট ঠাই এডোখৰৰ প্ৰয়োজন নোহোৱা নহয় । সেয়ে মঠ-মন্দিৰ নামঘৰ আদিৰ সৃষ্টি, য'ত ভগবৎ চিন্তাৰ এক অনুকূল পৰিবেশ পোৱা যায়, যি পৰিবেশে মানৱৰ বৰ্হিমুখী মনক অর্ন্তমুখী কৰি ভগবৎ চিন্তালৈ আকৰ্ষণ কৰে। ধৰ্ম্মৰ আনুষ্ঠানিকতাত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। সমবিশ্বাসী ভগবৎ প্রেমী ভক্তসকলৰ লগত, আত্মীয়-স্বজন-পৰিবাৰৰ লগত বহি অনুকূল পৰিবেশত ভগবৎ চিন্তা, চর্চ্চা, আলোচনাই মই ভবাত মানৱ অন্তৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে । প্রশ্ন ঃ- আপুনিতো প্রতি পুৱা নিয়মিত ভাৱে প্ৰাৰ্থনা কৰে; মানুহৰ শাৰীৰিক মানসিক স্বাস্থ্যৰ ওপৰত প্ৰাৰ্থনাৰ কিবা প্ৰভাৱ আছে বুলি ভাবে নে? উত্তৰ :- মই ভাবো, প্ৰাৰ্থনাৰ প্ৰভাৱ নিশ্চয় আছে। প্ৰাৰ্থনা কৰিলে মন শান্ত, উদ্বেগমুক্ত হয়। মন শান্ত সমাহিত হ'লে মনলৈ আনন্দ আহে । মন শান্তিত থাকিলে, আনন্দত ৬৩