সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

পাহাৰ এৰি শদিয়া অঞ্চল ভৰি পৰিছিলহি। দুৰ্গতসকলক শদিয়া চৰকাৰী হাইস্কুল আৰু শিক্ষক-প্ৰশিক্ষণ কেন্দ্ৰত থকা-খোৱাব ব্যৱস্থা কৰি দিয়া হৈছিল। ভাৰতৰ উত্তৰ-পূৰ্ব্বাঞ্চলত সংঘটিত এই দুৰ্যোগে সমগ্ৰ পৃথিৱীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। দেশ-বিদেশৰ পৰা দুৰ্দ্দশাগ্ৰস্তসকলৰ বাবে টেমাৰ গাখীৰ ও অন্যান্য খাদ্য সামগ্ৰী, কাপোব, দবৰ আদি পঠিওৱা হৈছিল। তেতিয়াৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে উৰা জাহাজেৰে দুৰ্দ্দশাগ্ৰস্ত ৰাইজক চাই গৈছিল। ঠায়ে ঠায়ে আকাশী যানেৰে খাদ্য সামগ্ৰী বিতৰণ কৰিবলগীয়া হৈছিল। বানপানী আৰু খহনীয়াত বিপৰ্য্যস্ত ৰাইজৰ দুৰ্গতি মোচনৰ বাবে যি সাহায্য অভিযান চলোৱা হৈছিল তাত ইন্দিৰা মিৰিৰ নেতৃত্বত শিক্ষক, কৰ্ম্মচাৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। শীৰ্ষ শিক্ষা-বিষয়াগৰাকীক ‘ৰিলিফ চেক্ৰেটাৰী' পাতি সাহায্য সামগ্ৰী বিতৰণৰ দায়িত্ব দিয়া হৈছিল। তেওঁৰ নিকা ভাৱমূৰ্ত্তিৰ প্ৰভাৱত বিতৰণ ব্যৱস্থাত কোনো ধৰণৰ দুৰ্নীতিয়ে প্ৰবেশৰ সুৰুঙা বিচাৰি পোৱা নাছিল। ভূঁইকঁপৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকু বাম হৈ যোৱাত পিছলৈ এজাক বৰষুণতে শদিয়া তল যোৱা হ'ল। বানপানীৰ দৌৰাত্ম্য ক্ৰমে বাঢ়ি আহিবলৈ ধৰাত শিক্ষক-প্ৰশিক্ষণ অনুষ্ঠানটিৰ স্থানান্তৰ বিনে উপায় নোহোৱা হ'ল। পানী আহিলে কেন্দ্ৰৰ সা-সম্পত্তি, কাগজ-পত্ৰ অ'ৰ পৰা ত’লৈ কঢ়িয়াই নিওঁতে একোদিনা কৰ্ম্মীসকলৰ জীৱনো বিপদাপন্ন হৈছিল। গতিকে ১৯৫২ চনত শিক্ষক-প্ৰশিক্ষণ কেন্দ্ৰ আৰু শিক্ষা-দপ্তৰৰ কাৰ্য্যালয় মাৰ্ঘেৰিটালৈ তুলি নিয়া হয়। বিষয়া-কৰ্ম্মচাৰী সকলৰ তৎপৰতাত মাৰ্ঘেৰিটাৰ নিউ কলনীত পুনৰ অনুষ্ঠান দুটি মূৰ দাঙি উঠে। কিন্তু শদিয়াৰ সুন্দৰ শান্তিময় প্ৰাকৃতিক পৰিবেশ এৰি আহি যান-বাহন, কল-কাৰখানাৰ শব্দৰে মুখৰ মাৰ্ঘেৰিটা চহৰৰ যান্ত্ৰিক পৰিবেশত শিক্ষক, শিক্ষা-বিষয়া আটাইৰে পূৰ্ব্বৰ উৎসাহ, আনন্দ, কৰ্ম্ম স্পৃহা যেন টুটি আহিল। ভূঁইকঁপৰ সময়ত পিতৃ-মাতৃক হেৰুৱাই অনাথ হোৱা ২০/২৫টি মান শিশুক লৈ মাৰ্ঘেৰিটাত এখন অনাথ আশ্ৰম খোলা হ'ল। শিক্ষা-সত্ৰৰ লগতে প্ৰতিষ্ঠা কৰা সেই অনাথ গৃহৰ ল'ৰা-ছোৱালীহঁতক ইন্দিৰা মিৰিয়ে মাতৃসুলভ স্নেহেৰে ৰক্ষণাবেক্ষণ দি সিহঁতৰ শিক্ষাৰ দায়িত্ব টি টি আইৰ দুজনমান কৃতী শিক্ষকৰ হাতত তুলি দিছিল। সেই শিশুসকলৰ .... শিক্ষাৰ বাবে লগতে এখন স্কুলো খোলা হৈছিল। সেইখন পিছত হাইস্কুললৈ উন্নীত হৈছিল আৰু অনাথ আশ্ৰমৰ বাহিৰৰ ছাত্ৰও তাত পঢ়িবলৈ আহিছিল। শিক্ষকসকলৰ যত্নৰ ফলত কেবাটিও অনাথ ল'ৰা ছোৱালী পঢ়াই শুনাই, কামে কাজে, আচাৰ-আচৰণে প্ৰশংসনীয় হৈ উঠিছিল। জমিন টায়েং নামৰ তাৰে এটি অনাথ শিশু স্বকীয় প্ৰতিভাৰ গুণত উচ্চ শিক্ষা লাভ কৰি জনজাতীয়সকলৰ ভিতৰত প্ৰথম সৰ্ব্বভাৰতীয় প্ৰশাসনিক বিষয়া হৈছিলগৈ। দিছি মিহু নামৰ আন এজনী মিছিমি ছোৱালী বৰ্ত্তমান অৰুণাচলত সমাজ কল্যাণ বিভাগৰ ৩৭