সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

এক গুৰি শিপাৰ সন্ধান গুৱাহাটী মহানগৰীৰ শিলপুখুৰী অঞ্চলৰ একে নামৰ ৰজাদিনীয়া পুখুৰীটোৰ দক্ষিণ পাবে আহল বহল চৌহদত সুদৃশ্য অসম আৰ্হিব এটি ঘৰ। সমুখত নানাবিধ ফুলেবে এখন ধুনীয়া ফুলনি। সেই ঘৰটোতে বাস কৰে এগৰাকী বয়োবৃদ্ধা, বিদুষী মহিলা। বয়সব লেখেৰে নব্বৈৰ ডেওনা চেৰাই গৈছে যদিও স্বাস্থ্য-পাতি সুন্দৰ, কথা-বতৰা নিৰ্ভুল, স্পষ্ট; মগজু এতিয়াও সুস্থ, সক্ৰিয়; তেওঁৰ ঘটনাবহুল সুদীৰ্ঘ অতীত সম্পৰ্কে যি কোনো প্ৰশ্নবে উত্তৰ সঠিক ভাৱে দিব পাৰে। সৰ্ব্বশুক্লা সৰস্বতীৰ দৰে চিৰকাল শুভ্ৰবসনা সেই নাবীব কণ্ঠতো সৰস্বতী। চাকৰি জীৱনৰ পৰা অৱসব লৈ গুৱাহাটীত নিগাজীকৈ থাকিবলৈ লোৱাবে পৰা যোৱা তিনিটা দশকৰ ওপৰকাল মহানগৰীৰ অজস্ৰ শিক্ষা-সংস্কৃতিমূলক সভাত তেওঁ সভানেত্ৰী বা বিশিষ্টা অতিথিৰ আসন অলংকৃত কবি জ্ঞানগৰ্ভ, মনোজ্ঞ ভাষণেবে শ্ৰোতাব মন পুলকিত কৰি আহিছে; আজি চাবি পাঁচ বছৰ মান আগলৈকে অকল গুৱাহাটীতে নহয়, তেনে জাতীয় সভা-সমিতিলৈ আমন্ত্ৰিত অতিথিৰূপে তেওঁ ৰাজ্যখনৰ ইমুৰ সিমুৰ ঘুৰি ফুৰিছিল। মহিলাগৰাকী হ'ল অসম তথা পূৰ্ব্বাঞ্চলৰ শিক্ষা জগতৰ এক পুৰোধা ব্যক্তি শ্ৰীমতী ইন্দিৰা মিৰি। কুৰি শতিকাৰ দ্বিতীয় দশকৰ আৰম্ভণিতে, যি সময়ত অসমৰ জনসাধাৰণে ছোৱালীক আনুষ্ঠানিক শিক্ষা দিয়াৰ প্ৰয়োজনেই অনুভৱ কৰা নাছিল, যি সময়ত ঘৰতে দুটা ‘ক-খ, ম-ম' শিকাই বা নিশিকোৱাকৈয়ে এঘৰলৈ উলিয়াই দিয়া ছোৱালীহঁতৰ গৃহ-কৰ্ম্ম, সন্তানৰ জন্ম দান আৰু লালন-পালনেই স্বপ্নৰ শেষ সীমা আছিল তেনে সময়তে ইন্দিৰা নামৰ এই অসমীয়া ছোৱালীগৰাকীয়ে কলিকতাৰ হোষ্টেলত থাকি স্কুলত পঢ়িছিল আৰু পিছলৈ কলেজীয়া শিক্ষা সফলভাবে সমাপ্ত কৰি বিলাতত উচ্চ শিক্ষাবে শিক্ষিতা হৈ নেফাৰ (আজিৰ অৰুণাচল প্ৰদেশ) পৰ্ব্বতীয়া জনজাতিৰ মাজত শিক্ষাৰ পোহৰ বিলাইছিল। এইগৰাকী বিদূষী মহিলাই নিজ ব্যক্তিত্ব আৰু কৰ্ম্মৰাজিব গুণত আজিও অসমীয়া নাবী সমাজৰ মস্তক-মণি ৰূপে জিলিকিব লাগিছে। ইন্দিৰা মিৰিৰ জন্ম হৈছিল গুৱাহাটীৰ শিলপুখুৰী অঞ্চলতে, ১৯১০ চনত। তেওঁৰ পিতৃ আছিল অসমৰ অনুন্নত সম্প্ৰদায়সমূহৰ মুক্তি-সংগ্ৰামৰ অগ্ৰণী যোদ্ধা, একনিষ্ঠ সমাজসেৱী স্বৰ্গীয় সোণাধৰ সেনাপতি আৰু মাতৃ যোৰহাটৰ স্বৰ্গীয়া দিব্যকান্তি দাস।