সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

ব্যৱহাৰ হব। নেফাৰ শিক্ষা বিভাগৰ পৰা কেইজনমানক ৱাৰ্দ্ধাৰ সেৱাগ্ৰাম আৰু দিল্লীৰ জামিয়া মিলিয়াত বুনিয়াদী শিক্ষাৰ প্ৰশিক্ষণ লবলৈ পঠোৱাৰ ব্যৱস্থা কৰা হ'ল। তাহানি কালৰে পৰা পাহাৰীয়া অঞ্চলত সংযোগী ভাষা ৰূপে আৰু স্বাধীনোত্তৰ কালত নেফাৰ শিক্ষাৰ মাধ্যম ৰূপে ব্যৱহৃত অসমীয়া ভাষাক এইদৰে তাৰ মৰ্য্যাদাপূৰ্ণ স্থানৰ পৰা অপসাৰিত কৰা হ'ল। এতিয়া সমস্যা হ'ল হিন্দী শিকাব কোনে? ইন্দিৰা মিৰিৰ পৰামৰ্শ অনুসৰি বাহিৰৰ পৰা হিন্দী শিক্ষক অনাৰ কথাও চৰকাৰে চিন্তা কৰিলে। মিৰি বাইদেৱে নিজে এলাহবাদলৈ গৈ প্ৰাৰ্থীৰ সাক্ষাৎকাৰ লৈ নেফাত নিযুক্তিৰ বাবে হিন্দী শিক্ষক নিৰ্বাচন কৰিলে। এইদৰে নেফাত বুনিয়াদী শিক্ষাৰ প্ৰচলন আৰম্ভ হ'ল আৰু পূৰ্ব্বৰ অসমীয়া ভাষাৰ স্থান হিন্দীয়ে দখল কৰিলে। কিন্তু নেফাত আৰম্ভনিৰে পৰা যি শিক্ষা-ব্যৱস্থা চলোৱা হৈছিল তাত বুনিয়াদী পদ্ধতিয়ে বিশেষ একো নতুনত্ব আনিব নোৱাৰিলে। পূৰ্ব্ব প্ৰচলিত পাঠ্যক্ৰমৰ লগতে ডায়েৰী লিখা, সমূহীয়া আলোচনা আদি দুটামান নতুন কথা সুমুৱাই দি তাকেই বুনিয়াদী শিক্ষাৰূপে চলাই দিয়া হ'ল। লাভৰ মূৰত নেফাৰ শিক্ষা ব্যৱস্থাত বুনিয়াদী আৰু অ-বুনিয়াদী এই দুই ধাৰণা সোমাই কিছু খেলিমেলিৰহে সৃষ্টি কৰিলে। বুনিয়াদী শিক্ষাত হস্তশিল্প হিচাপে সূতা কটাত বিশেষ প্ৰাধান্য দিয়া হৈছিল। তদুপৰি যিবোৰ হস্ত শিল্পৰ বাবে কেচা মাল ঠাইতে পোৱা যায় বুনিয়াদী পাঠ্যক্ৰমত সাধাৰণতে তেনে শিল্পৰহে নিৰ্বাচন কৰা হয়। নেফাৰ ক'তো কপাহ খেতি নাই, তাৰ মাটি এই খেতিৰ উপযোগী নহয়। আনহাতে আৱশ্যকীয় কপাহ বাহিৰৰ পৰা আনিবৰ জোখাৰে যোগাযোগ ব্যৱস্থাও সুচল নহয়। গতিকে সূতা কটা পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাত অসুবিধা। নেফাত বুনিয়াদী পাঠ্যক্ৰম প্ৰৱৰ্ত্তনৰ সিও এক অন্তৰায়। গতিকে নামত বুনিয়াদী শিক্ষাৰ প্ৰচলন হ'ল যদিও কামত ’৪৭ চনতে নেফাত জীৱন আৰু জীৱিকাৰ উদ্দেশ্য আগত ৰাখি শিশুক সম্পূৰ্ণ মানুহ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে যি শিক্ষা ব্যৱস্থা প্ৰৱৰ্ত্তিত হৈছিল তাকে সামান্য ইফাল সিফাল কৰি চলাই থকা হ'ল। মাৰ্ঘেৰিটাৰ পৰা টি টি আই পিছত চাংলাঙলৈ উঠাই নিয়া হয়। বুনিয়াদী শিক্ষা ভৱন (বি এছ বি) নামেৰে সেই অনুষ্ঠান আজিও তাতে আছে। ভূমিকম্পৰ ধ্বংসলীলাৰ ফলত নেফাৰ বহুতো স্কুল জহি খহি প্ৰায় নোহোৱা হৈছিল। ভূমিকম্পৰ পিছত সেইবোৰ নতুনকৈ পাতিবলগীয়া হৈছিল। সেই কামতে বহু সময় ব্যয় কৰিবলগীয়া হোৱাত পিছলৈ নেফাত শিক্ষা অভিযানৰ গতি মন্থৰ হৈছিল। শিক্ষাদান ফলপ্ৰসূ কৰিবলৈ হ’লৈ একনিষ্ঠ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ উপযোগী শিক্ষা পদ্ধতিৰ উপৰিও আৰু এটা বস্তুৰ আৱশ্যক, সি হ'ল উপযুক্ত পাঠ্যপুথি। শিক্ষনীয় বিষয়সমূহ ছাত্ৰ-ছাত্ৰীৰ হৃদয়ংগম হব পৰাকৈ সহজ সৰল ভাষাত উপস্থাপিত কৰিব পৰাটো পাঠ্যপুথিৰ প্ৰধান গুণ। নেফাৰ ল'ৰা ছোৱালীৰ উপযোগীকৈ পাঠ্যপুথি প্ৰণয়নৰ বাবে ৩৯