সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

উৎসৱ-পাৰ্ব্বনতো সেই গাঁৱৰ শিক্ষকজনে সক্ৰিয় ভাৱে যোগ দিছিল, গঞা ৰাইজৰ বিপদে আপদেও তেওঁ মাতষাৰ দিছিল। ফলস্বৰূপে, ৰাইজে শিক্ষকজনকো ৰাইজৰে এজন বুলি আকোৱালি লৈছিল আৰু সেই জনৰ হাতত নিজৰ ল'ৰা-ছোৱালীৰ শিক্ষাৰ দায়িত্ব গটাই দি নিশ্চিন্ত হৈছিল। খেতিৰ বতৰ নাইবা গাঁৱৰ সুবিধালৈ লক্ষ্য ৰাখি শিক্ষাদানৰ সময়-তালিকা প্ৰস্তুত কৰা হৈছিল। স্কুলীয়া পাঠ্যক্ৰমত লিখা-পঢ়া, অঙ্কৰ উপৰিও স্বাস্থ্য-বিজ্ঞান, সমাজ-শিক্ষা আৰু গীত-মাত, নাচ আদি অন্তৰ্ভুক্ত কৰা হৈছিল; খেতি-বাতিৰ কাম, জনজাতীয় কুটীৰ শিল্প তথা হাতৰ কামত গুৰুত্ব দিয়া হৈছিল; কিয়নো শিক্ষাৰ দ্বাৰা কেৱল জ্ঞান লাভ হলেই নহব, সৎ, সন্মানিত জীৱন যাপনৰ বাবে ই সুস্থ জীৱিকাৰ উপায়ো দিব লাগিব, আৰ্থ-সামাজিক দিশত নিতান্তই পিছপৰা নেফাত সেইকালত জীয়াই থকাটোহে প্ৰধান সমস্যা আছিল। তাৰ পিছতেই আহিল শিক্ষাৰ মাধ্যমৰ সমস্যা। এই ক্ষেত্ৰত শিক্ষা বিভাগ বিশেষ জটিলতাৰ সন্মুখীন হবলগীয়া হৈছিল, কাৰণ নেফা বিভিন্ন জনজাতি, বিভিন্ন উপজাতিৰ বাসস্থান। সেইসকলৰ প্ৰায় প্ৰত্যেকৰে নিজা নিজা দোৱান আছিল। একে জাতিৰ এটা উপজাতিয়ে আন এটা উপজাতিৰ দোৱানেৰে নিজৰ ল'ৰা-ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰাটো বাঞ্চা নকৰিছিল৷ জনজাতীয়সকলৰ মাজত সংযোগী ভাষা হিচাপে অতি পুৰণি কালৰে পৰা অসমীয়া ভাষাৰ প্ৰচলন আছিল। নেফাৰ জনজাতীয় সমাজত এই ভাষা কোনেও জোৰকৈ প্ৰৱৰ্ত্তন কৰা নাছিল, কিন্তু অসমৰ সৈতে অতীজৰে পৰা থকা আবেগিক সম্পৰ্কৰ উপৰিও ঘাইকৈ বানিজ্যিক লেন-দেনৰ সুচলাৰ্থে পাহাৰীয়া ভাই-ভনীসকলে নিজৰ স্বাৰ্থতে অসমীয়া ভাষাক আপোন কৰি লৈছিল। শিক্ষা দানৰ প্ৰসংগত পোনেই ভাষাৰ প্ৰশ্ন আহি পৰে। নেফাত কোনো লিখিত ভাষা নাছিল বাবে শিক্ষাৰ মাধ্যম হিচাপে পোনতে অসমীয়া ভাষাকে গ্ৰহণ কৰাত বাদে গত্যন্তৰ নাছিল। এই প্ৰসংগত শ্ৰীযুতা মিৰিয়ে কৈছে, “ক্ষিপ্ৰগতিত শিক্ষা আগবঢ়াবলৈ প্ৰথমতে অসমীয়া ভাষাকে মাধ্যম হিচাপে লৈছিলো, অৱশ্যে লগতে তেওঁলোকৰ দোৱানৰ উন্নতিৰ চেষ্টাও কৰিছিলো যাতে শিশুক শীঘ্ৰে মাতৃ ভাষাত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব পাৰি। কাৰণ মাতৃভাষা মাতৃদুগ্ধ সম, শিশুৰ সুস্থ, সবল মনোবিকাশৰ অত্যুত্তম মাধ্যম। চৰকাৰেও এই ক্ষেত্ৰত অনুমোদন দিছিল।” ৰচঙীয়া ছবি, সাধুকথা, গীত-মাতেৰে শিশুৰ মনোৰঞ্জন তথা শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছিল। শিক্ষক প্ৰশিক্ষণৰ কালছোৱাতে অঞ্চল বিশেষৰ দোৱানৰ শিক্ষা লৈ অহা শিক্ষক সকলে সহজে তাক আয়ত্ব কৰি পাৰ্যমানে জনজাতীয় ভাষাৰেই শিক্ষা দিবলৈ যত্নপৰ হৈছিল। ভাষাৰ লগতে সাঙোৰ খাই থকা আনটো সমস্যা আছিল লিপিৰ। দোৱানক লিখিত ৩১