সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

ভাষালৈ ৰূপান্তৰিত কবিবলৈ হ'লে লিপিৰ আৱশ্যকতা অপৰিহাৰ্য্য। ইন্দিৰা মিৰিব পৰামৰ্শক্ৰমে নেফাৰ শিক্ষা বিভাগে অসমীয়া লিপিকে গ্ৰহণ কৰিলে। শিশুসকলৰ শিক্ষা সহজসাধ্য কৰাব উদ্দেশ্যে থলুৱা জীৱ-জন্তু, ফুল-ফল আদিৰ ৰঙীন ছবিৰে কিছুমান ‘চাৰ্ট’ তৈয়াৰ কৰা হৈছিল। জনজাতীয় দোৱানত সেইবোৰৰ নাম অসমীয়া আখৰেৰে লিখি তাৰ অসমীয়া প্ৰতি-শব্দও কাষতে লিখি দিয়া হৈছিল। কোনো কোনো শিক্ষকে আকৌ জনপ্ৰিয় অসমীয়া ফকৰা-যোজনা কিছুমান জনজাতীয় ভাষালৈ ভাঙনি কৰি অসমীয়া আখৰেৰে লিখি ছাত্ৰৰ চকুত পৰাকৈ স্কুল ঘৰৰ বেৰত আঁৰি দিছিল। আবৰ পাহাৰৰ এজন শিক্ষকে “পঢ়ে পঢ়ায় ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন” – এই ফকৰাটি এনেদৰে জনজাতীয় দোৱানলৈ ভাঙনি কৰিছিল, “পঢ়িনে পঢ়িদ দিদ্‌ আম, আওম চক্‌কে আতি মিমাং”। এনেবোৰ অনূদিত ফকৰা-যোজনাই অকল ছাত্ৰৰ মাজতে নহয়, তেওঁলোকৰ সমাজতো জনপ্ৰিয়তা লাভ কৰিছিল আৰু জনজাতীয় ভাষা সমৃদ্ধ হোৱাত সহায় কৰিছিল। শিশুৰ মাতৃভাষাৰ প্ৰতি শিক্ষককুলৰ এনে আগ্ৰহে শিক্ষা ব্যৱস্থাৰ প্ৰতি জনজাতীয় ৰাইজক বিশেষ ভাৱে আকৰ্ষিত কৰিছিল। - বৰ্হিজগতৰ সৈতে কোনো সম্পৰ্ক নথকা, অজ্ঞ, জনজাতীয় লোকসকলক শিক্ষা- সচেতন কৰিবলৈ যাওঁতে শিক্ষাবিদসকল কিছুমান সমস্যাৰো সন্মুখীন হবলগীয়া হৈছিল। ল'ৰাহঁতক ঘৰুৱা কাম-বনৰ পৰা এৰুৱাই আনি স্কুললৈ পঠিওৱাটো বহু অভিভাৱকে অৰ্থনৈতিক ক্ষতি হিচাপে গণ্য কৰিছিল, স্কুলত পঢ়িলে কিমান টকা পাব বুলি প্ৰশ্ন তুলিছিল। স্কুলত অকল লিখা-পঢ়া নিশিকাই খেতিৰ কাম, হাতৰ কাম শিকোৱাতো বহুতৰে আপত্তি “সেইবোৰ কাম আমাৰ ল'ৰাই ঘৰতে শিকিব, তাকে শিকিবলৈ আকৌ স্কুললৈ যাব লাগে কিয়?” কণ কণ ছাত্ৰৰ সৈতে ১৫/১৬ বছৰীয়া ল'ৰাকো একেলগে প্ৰাথমিক শ্ৰেণীত পাঠদান কৰিবলগীয়া হৈছিল। ছোৱালীক সাধাৰণতে তেওঁলোকে স্কুললৈ নপঠিয়াইছিল, ক'ৰবাত দুই এজনী ছোৱালীয়েহে পঢ়াৰ সুবিধা পাইছিল। এদিন ইন্দিৰা মিৰিক হেনো এজন অভিভাৱকে সুধিছিল, “নানে, আজি তো মোৰ ল'ৰাটো খেতিত যাব লাগে, ল'ৰাটোৰ বদলি মই স্কুলত আহিলে হব না?” এনেবোৰ সমস্যাই অৱশ্যে চিন্তাৰ লগতে তেওঁলোকক হাঁহিৰ খোৰাকো যোগাইছিল। আনহাতে কিছুমান কঠিন সমস্যাই শিক্ষা-বিষয়াসকলক সততে উদ্বিগ্ন কৰি ৰাখিছিল। নেফাত অসংখ্য জাতি-উপজাতিৰ অসংখ্য দোৱান। প্ৰতিটো দোৱানক শিক্ষাৰ মাধ্যম ৰূপেলোৱাটো সম্ভৱপৰ কথা নাছিল। যিসকলৰ দোৱান স্কুলত ব্যৱহাৰ নহৈছিল সেইসকল অসন্তুষ্ট হৈছিল। পোনতে নেফাৰ স্কুল সমূহত পুৱাৰ প্ৰাৰ্থনা- সংগীত হিচাপে ৰামধুন গোৱাৰ ব্যৱস্থা আছিল। ছাত্ৰসকলক ভজন, বৰগীত, নামঘোষা আদি গাবলৈ আৰু বেদব দুই চাৰিটা শ্লোকৰ আবৃত্তি শিকোৱা হৈছিল। নেফাৰ ৰাইজে ৩২