সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

ডাইৰেক্‌টৰ পদত অধিষ্ঠিত হৈছে। অলপতে তেওঁৰে কন্যা ইন্দিৰা মাল'ই আই এ এছ পাইছে। কোৱা বাহুল্য, ইন্দিৰা মিৰিৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ চিন স্বৰূপে তেওঁ নিজ কন্যাৰ নাম ইন্দিৰা ৰাখিছিল। কোনোবাই দেৱতাৰ থানত বলি দিবলৈ নিয়া ৬/৭ বছৰীয়া ছোৱালী এটিক অঞ্চলটোৰ পলিটিকেল অফিচাৰ বিপিন বৰগোঁহায়ে উদ্ধাৰ কৰি ইন্দিৰা মিৰিক গতাই দিছিল। অনাথ গৃহত ডাঙৰ হোৱা কমথুন নামৰ সেই ছোৱালীটিয়ে সম্প্ৰতি পাছীঘাটৰ হস্পিটালত নাৰ্চৰ কাম কৰি আছে। এই সকলে ইন্দিৰা মিৰিক আজিও মাতৃজ্ঞান কৰি তেওঁৰ সৈতে প্ৰেম-প্ৰীতিৰ সম্পৰ্ক ৰক্ষা কৰি চলি আছে। পৰিবৰ্ত্তনশীল জগতখনৰ কোনো কথাই সদায় একে হৈ নাথাকে। সময় যোৱাৰ লগে লগে নেফাৰ শিক্ষা জগতখনতো পৰিবৰ্ত্তনৰ বতাহ বলিবলৈ আৰম্ভ কৰিছিল। নেফা অঞ্চল পোনতে বহিঃ পৰিক্ৰমা দপ্তৰৰ অধীনত থকা হেতুকে কেন্দ্ৰীয় চৰকাৰে তাত কিছুসংখ্যক বাহিৰৰ, ঘাইকৈ উত্তৰ ভাৰতৰ লোকক লাকক নিযুক্তি দিছিল। তেওঁলোকে নেফাৰ ৰাইজৰ হৃদয়-সংবাদ পঢ়িবলৈ চেষ্টা কৰাৰ পৰিবৰ্ত্তে নেফাত হিন্দী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰতহে অধিক গুৰুত্ব দিবলৈ ধৰিলে। স্বাধীনতা লাভৰ পিছৰে পৰা ভাৰতত বুনিয়াদী শিক্ষা জনপ্ৰিয় হৈ উঠিছিল। দৰিদ্ৰ মানুহৰ দেশ ভাৰতবৰ্ষৰ শিশুসকলক ভবিষ্যতে অৰ্থনৈতিক স্বাৱলম্বিতা দিব পৰাকৈ পঢ়া শুনাৰ লগতে হাতে কামে শিক্ষা দিয়াৰ উদ্দেশ্য আগত ৰাখি প্ৰাথমিক স্তৰত বুনিয়াদী শিক্ষাৰ প্ৰৱৰ্ত্তন হৈছিল। ১৯৫৩ চনৰ মে' মাহত নেহৰু মন্ত্ৰী সভাই সিদ্ধান্ত গ্ৰহণ কৰে যে নেফাতো বুনিয়াদী শিক্ষা প্ৰৱৰ্ত্তন হব। সেই সন্দৰ্ভতে ৱাৰ্দ্ধাৰ হিন্দুস্থানী তালিমি সংঘৰ সম্পাদক আৰ্য্যনায়কম্ আৰু তেওঁৰ পত্নী আশা দেৱী আৰ্য্যনায়কম্ নেফাত উপস্থিত হৈ নেফাৰ প্ৰচলিত শিক্ষা পদ্ধতি তথা তাত বুনিয়াদী শিক্ষাৰ প্ৰৱৰ্ত্তন সম্পৰ্কে শিক্ষা-বিষয়া সকলৰ সৈতে এলানি আলোচনা চলায়। উল্লেখযোগ্য যে আলোচনাৰ অন্তত আশা দেৱীয়ে নেফাত ইতিমধ্যে চলি থকা ‘হাতে কলমে’ শিক্ষা ব্যৱস্থাক সেই ঠাইৰ উপযোগী আৰু সিও বুনিয়াদী শিক্ষাৰে এটা ৰূপ বুলি মত প্ৰকাশ কৰে। আনহাতে, তেওঁৰ স্বামী আৰ্য্যনায়কমে পূৰ্ব্বৰ শিক্ষা ব্যৱস্থাৰ ঠাইত ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত বুনিয়াদী শিক্ষা ষোল্ল অনাই প্ৰৱৰ্ত্তনৰ সপক্ষে অভিমত দিয়ে। ১৯৫৪ চনৰ জুন মাহত, নেফাত বুনিয়াদী শিক্ষাৰ প্ৰচলন সম্পৰ্কে আলোচনা কৰিবলৈ শ্বিলঙত এখন সন্মিলন অনুষ্ঠিত হয়। সেই সন্মিলনত কেন্দ্ৰীয় শিক্ষা দপ্তৰৰ যুটীয়া সচিৱ কে. জি. চৈয়দীন আৰু তালিমি সংঘৰ আৰ্যনায়কমে যোগ দিছিল। আলোচনা বিলোচনাৰ অন্তত দিল্লীৰ চৰকাৰে সিদ্ধান্ত ল'লে নেফাৰ শিক্ষা ব্যৱস্থা বুনিয়াদী হব, লিপি হিচাপে সৰল দেৱনাগৰী লিপি গ্ৰহণ কৰা হব। যিমান দূৰ সম্ভৱ জনজাতীয় দোৱান শিক্ষাৰ মাধ্যমৰূপে ব্যৱহৃত হব। যিটো স্তৰত সেই মাধ্যমেৰে শিক্ষা দিব পৰা নেযাব তাত হিন্দী মাধ্যমৰ - ৩৮