সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

শ্ৰীঅৰুণ শৰ্ম্মা - “হোৱাট্‌ লাইফ্ মীন্‌চ্ টু মী” (মোৰ কাৰণে জীৱনৰ অৰ্থ কি হ'ব পাৰে?) এই বিষয়ে ইংৰাজীত এটি অনাতাঁৰ কথিকা নিবেদন কৰিবলৈ আকাশ বাণীৰ ষ্টুডিঅ'লৈ নিমন্ত্ৰণ কৰি অনা হৈছিল শ্ৰীমতী ইন্দিৰা মিৰিক। তাৰিখটো মনত নাই, কিন্তু সময়খিনি আছিল সত্তৰৰ দশকৰ মাজভাগত, অৰ্থাৎ এতিয়াৰ পৰা প্ৰায় পচিশ বছৰ পূৰ্ব্বে। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনাৰ দায়িত্বত মই আছিলো। গতিকে স্বাভাবিকতে আকাশ বাণীৰ ষ্টুডিঅ'ত তেখেতৰ মুখা মুখিকৈ বহাৰ আৰু কিছু সময় তেখেতৰ সৈতে আলাপ-আলোচনা কৰাৰ প্ৰথম সুযোগটো মোৰ জীৱনত হৈছিল সেইদিনাই। সেয়া অৱশ্যে একান্তই আনুষ্ঠানিক সান্নিধ্য আৰু যোগাযোগৰ সুযোগ আছিল। কিন্তু সেয়ে হ'লেও সেই প্ৰথম সান্নিধ্য মোৰ বাবে আছিল অনবদ্য, অবিস্মৰণীয় এক অভিজ্ঞতা। এখন অৰণ্যৰ লুঙ্গুঙীয়া বাটেৰে পাৰ হৈ গৈ হঠাৎ সমুখত দেখা পোৱা এখন বিশাল, গভীৰ, প্ৰশান্ত ধীৰ-প্ৰবাহী নদী, যেন ব্ৰহ্মপুত্ৰ, যেন গঙ্গা। ইন্দিৰা বাইদেউৰ সৈতে হোৱা মোৰ প্ৰ মোৰ প্ৰথম সাক্ষাৎ আছিল এখন বিশাল নদী দেখাৰ অভিজ্ঞতা। সেইদিনা তেখেতৰ কথিকাটোৰ বিষয়-আলোচনা, প্ৰকাশ আৰু ভাষাৰ প্ৰাঞ্জলতা, সৰ্বোপৰি তেখেতৰ অপূৰ্ব নিবেদনশৈলী আছিল আমাৰ এক পৰম বিস্ময়। মোৰ আকাশ-বাণীৰ ত্ৰিশ বছৰৰ চাকৰি জীৱনত অনেক কথিকা লিখক আৰু প্ৰচাৰকক অনুষ্ঠানত জড়িত কৰোৱাৰ সুযোগ হৈছিল। কিন্তু অনাতাঁৰ মাধ্যমৰ বিশেষ শৈলীৰ মাজেৰে অত্যন্ত আকৰ্ষণীয়কৈ বক্তব্য দাঙি ধৰা যি কেগৰাকী সীমিত সংখ্যক প্ৰচাৰকক লগ পাইছিলো তেওঁলোকৰ ভিতৰত অন্যতম আছিল ইন্দিৰা বাইদেউ। ইংৰাজী, অসমীয়া দুয়োটা ভাষাতে অতি দক্ষতাৰে শ্ৰোতাৰ মনোগ্ৰাহীকৈ তেখেতে আকাশ বাণীৰ পৰা ভালে কেইটি কথিকা প্ৰচাৰ কৰিছে। তাৰ পিছত, মোৰ জীৱনত যি কেইটামান পৰম সৌভাগ্য এতিয়ালৈকে ঘটিছে তাৰে এটি হ'ল প্ৰায় চাৰি বছৰ কাল গুৱাহাটীৰ শিলপুখুৰীত ইন্দিৰা বাইদেউৰ ঘৰৰ চৌহদত বাস কৰিবলৈ পোৱাৰ সুযোগ। সেই চৌহদত তেখেতৰ বৰপুত্ৰ উৎপল মিৰিৰ নিজাববীয়াকৈ সজা এটা ঘৰ আছে। আমি সেই ঘৰটো ভাড়া লৈ আছিলো; গতিকে স্বাভাবিকতে আমি বাইদেউৰ সান্নিধ্যত আছিলো আৰু সেই সান্নিধ্য হৈ উঠিছিল অতি নিবিড় আৰু আপোন। তেখেতৰ পিছ বাৰীৰ পালেং-লাই-ধনীয়াৰ মুঠিৰ সৈতে পাকঘৰৰ খাৰ, টেঙা বা কিবা ৬৮