হত্যাকাৰী কোন?

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
হত্যাকাৰী কোন
লেখক দণ্ডিনাথ কলিতা
[ বকলা ]
হত্যাকাৰী কোন?











শ্ৰীদণ্ডিনাথ কলিতা।
[ শিৰোনাম ]

হত্যাকাৰী কোন?





শ্ৰী দণ্ডিনাথ কলিতা-ৰচিত ।
তেজপুৰ ।




১৮৬৯ শক ।


মূল্য ১টি।

[ প্ৰকাশক ]
প্ৰকাশক

বি, কলিতা।
বি, আৰ, কলিতা এণ্ড কোং
তেজপুৰ, অসম।









৬৩ নং বিডন ষ্ট্ৰীট,
এলেম প্ৰেছত
শ্ৰীদেৱপ্ৰসাদ মিত্ৰৰ দ্বাৰা

ছপা হ’ল।

[  ]
হত্যাকাৰী কোন?

÷-**@**-÷

প্ৰথম অধ্যায়

“ঔ মাৰিলে ঔ! কাটিলে ঔ ! কোন আছা বেগাই
আহাহঁক ঔ !”
নগৰৰ পৰা দহ মাইলমান দূৰৈত হালধিবাৰী গাওঁ ।
গাওঁখনৰ দক্ষিণে নৰ্থ ট্ৰাঙ্ক ৰ'ড । সেই অালিৰ পৰা লম্বভাবে
এটা লোকেল বোৰ্ডৰ আলি গাওঁখনৰ সো। মাজে দি গৈ
উত্তৰফালে থকা গড় কাপ্তানা আলিত লাগিছে । আলিটোৰ
দুয়ো কাষে মানুহৰ ঘৰ-বাৰী । ট্ৰাঙ্ক ৰ'ড আৰু এই আলিটোৰ
জোৰাতে আলিটোৰ পূব ফালে মিনাই কেওটৰ ঘৰ ওপৰত
কোৱা চিঞৰটো সেই ঘৰৰ পৰাই ওলাইছে । তেতিয়া ৰাতি
তিনি পৰীয়া । ; শুক্ল পক্ষৰ অষ্টমীৰ জোন বহুতো আগতে
পৰিল । সেই কাৰণে আন্ধাৰৰ প্ৰভাব তেতিয়া সম্পূৰ্ণৰূপে
অাছিল ।
চিঞৰ শুনি ওচৰ-চুবুৰীয়া মানুহ দুই এজন লৰি আহিল।
মিনাইৰ ঘৈণীয়েক প্ৰেমলতা তেতিয়া চোতালত বাগৰি চিঞৰি
আছিল । মানুহবিলাকে প্ৰথমে ভাবিছিল,—মিনায়ে কিবা

[  ] কাৰণত ঘৈণীয়েকক মাৰিছে। তেনেকৈ এদিন খুটাত বান্ধি মৰিওৱাৰ কথা তেওঁলোকে জানে। সি প্ৰায় এমাহৰ অাগৰ কথা। তেওঁলোকে প্ৰেমলতাক কি হৈছে সুধিলে। তেওঁ মুখেৰে একো উত্তৰ নিদি ভিতৰলৈ আঙ্গুলীয়াই দিলে।

মানুহকেইটা ভিতৰলৈ সোমাই গ’ল। গৈয়েই জ্বলি থকা সৰু চাকিটোৰ পোহৰত যি দেখিলে তাত তেওঁলোকৰ আপাদমস্তক শিয়ৰি উঠিল। তেওঁলোকে দেখিলে মিনাইৰ মূৰটো ডিঙিৰ পৰা একেবাৰেই বিচ্ছিন্ন হৈ পৰি আছে, তেজে শোৱাপাটী ৰাঙলী কৰি তলত ডোঙা বান্ধিছে। ওচৰত এখন চাদৰ পৰি আছে। ঘটনাটো তেতিয়াই গাৱৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পিল। এজন দুজনকৈ মানুহো চাপিবলৈ ধৰিলে। এনেকৈয়ে ৰাতি পুৱাৰ লগে লগে গাৱৰ সৰহ ভাগ মতা মানুহেই হাল-কোৰ এৰি ঘটনাস্থলত উপস্থিত হ’ল। তেওঁলোকে দেখিলে, যি এই কাম কৰিছে, তাৰ অকল মানুহটো মৰাহে উদ্দেশ্য। কিয়নো ঘৰৰ আন কোনো বস্তুতে হাত দিয়া নাই। কোনো কোনোৱে ক’লে ,—” তাক কোনেও মাৰিবলৈ অহা নাই ; সি কিবা মনৰ বেজাৰত আপোনঘাতী হৈছে। ” আন দুজনমানে ক’লে,—“কেতিয়াও নহয়। নিজে নিজৰ ডিঙিটো এনেভাবে দুছোৱাকৈ কাটিব নোৱাৰে। ” এনেকুৱা আলোচনা বহুত চলিল, কিন্তু সিদ্ধান্ত একো নহ’ল। সকলোৱে আলচ কৰি থানাত খবৰ দিবলৈ গাওঁবুঢ়াক [  ] ভাৰ দিলে। গাওঁবুঢ়াও যাবলৈ ওলাল। তেওঁলোকে ঘৰৰ কোনো বস্তুতে হাত দিয়া নাছিল। দহ মাইল বাট খোজ কাঢ়ি গৈ থানাত “খবৰ দিয়া কামটো বৰ ঢিলা নাছিল। আন কিবা হওক বা নহওক, পুলিচে বাতৰি পোৱাত বহুত পলম হ’লহেতেন। গাওঁবুঢ়াৰ কপাল ভাল। তেওঁ ওলাওঁতেই এখন নগৰমুৱা “বাচ’ আহিল। এনে সময়ত সাধৰণত ‘বাচ' পোৱা নাযায়। এইখন ‘বাচ ’ আগ দিনা গধূলিতে ঘূৰিব লগা আছিল ; বাটত কিবা বেয়া হোৱাত ৰাতি আহিব নোৱাৰিলে। কিবাকিবি মেৰামতি কৰি লৈ সেইহে এতিয়া আহিছে। মানুহৰ জুম দেখি কৌতুহল জন্মাত ড্ৰাইভাৰে আলিৰ দাতিতে বাচখন ৰাখিলে অাৰু সকলো ঘটনা শুনি গাওঁবুঢ়াক মটৰতে তুলি লৈ গ’ল।

--- [  ]
দ্বিতীয় অধ্যায়
---
মিনাই কেওট সেই ঘৰৰ নিগাজী বাসিন্দা। কিমান দিনৰ পৰা সেই ঠাইত তেওঁৰ উপৰি পুৰুষসকলে বাস কৰি আহিছে তাক তেওঁ ক’ব নোৱাৰে। তেওঁৰ নিজা ভাই ককাই কোনো নাই। বেলেগতীয়া দদায়েকহঁতৰ পুতেক কেইজনমান আছে। তেওঁলোকৰ ঘৰো মিনাইৰ ওচৰতে।
মিনাইব বয়স আঢ়ৈ কুৰিৰ ওপৰ ; অৱস্থা পেটে-ভাতে খোৱা। বাৰীখন ডেৰ বিঘামান মাটিৰ। তাতে বাঁহ-কাঠ আদিৰ পৰা তামোল-পাণ, কল-কুঁহিয়াৰ আদিলৈকে অলপ অলপ সকলো খেতি আছে। লাও-কোমোৰা কেৰেলা-বেঙেনা শাক-পাচলি আদিৰো এটা নহয় এটা খেতি সদায় থাকে। ৰুপিত মাটি দুপূৰামান হ’ব। তাত ধানৰ খেতি কৰি যেনে তেনে বছৰটো চলায়। ৰাজহি ততহি মাৰিবলৈ বাৰীৰ শাক পাচলিৰ উপৰিও মাজে-সময়ে দুই-চাৰি পূৰা ধান বা চাউলো বেচিব লগা হয়।
মিনাইৰ ঘৰ মুঠেই চাৰিটা। এটা বৰ ঘৰ, এটা মাৰল , এটা ভৰাল আৰু এটা গোহালি। গোহালিত বলদহালৰ বাহিৰেও দুজনী খীৰতী গাই, দুটা দমৰা, আৰু এজনী চেউৰী আছে। দুজনী ছাগলী আৰু দুজোৰ পাৰ ও পোহে।
প্ৰায় আঠাইশ বছৰ বয়সত মিনাইৰ বিয়া হৈছিল। মিনাই যেনে দুখকাৰী আছিল, ঘৈণীয়েককো তেনেকুৱাই পাইছিল। [  ] দ্বিতীয় অধ্যায়

ঘৈণীয়েকে ধান বনা, পানী অনা, গোবৰ পেলোৱা, তাত বোৱা, ভাত ৰন্ধা আদি ঘৰৰ সকলো কাম-বন কৰি ও ভূই ৰুইছিল, জকাই বাই মাছ ধৰিছিল । আন কি সময়ে সময়ে বাৰীৰ পৰা জেং খৰি বিচাৰি আনি ভাত ৰান্ধিব লগাতে৷৷ পৰিছিল। তেওঁলোকৰ দুটা লৰা আৰু দুজনী ছোৱালী হৈছিল । লৰা দুটা ডাঙৰ । ডাঙৰটোৱে বাপেকৰ কাম চলাব পৰা হৈছিলেই । ছোৱালী দুজনীৰ পৰাও মাকে সকলো কামতে সাহায্য পাইছিল। ডাঙৰ ছোৱালীজনীৰ বিয়াৰ যো-জাও চলিছিল । এনেতে হালধিবোৰী গাৱত মাউৰ লাগে । প্ৰায় ঘৰে ঘৰে বহুতো মানুহ এই ৰোগত পৰে । ডাক্তৰ নাই, চিকিৎসা নাই ; বেমাৰে গোটেই গাওঁ বয়পিলে, অাৰু দিনে দিনে ঘৰে ঘৰে কান্দোনৰ ৰোল উঠিবলৈ ধৰিলে । প্ৰতীকাৰৰ আন কোনো উপায় নেদেখি ভালে থকাসকলে কালী-পূজা এভাগিৰ আয়োজন কৰিলে । পূজা হৈ গ’ল ; ভকতসকলে ৰোগৰ পৰা মুক্তি দিবলৈ গোসানীক নানাভাবে কাকুতি কৰিলে ; পুৰোহিতে আশীৰ্ব্বাদ দ দক্ষিণা লৈ গুচি গ’ল । ৰোগে কিন্তু শাম নাকাটিলে ; পূজাৰ পিচত আক্ৰমণ অলপ চৰিলহে । এই আক্ৰমণৰ ফলত প্ৰত্যেক ঘৰৰে দুই-এজন সিফলীয়া হ’ল । কিন্তু একেবাৰেই মাৰঘাত পৰিল মিনাইৰ ওপৰত । ৰোগে নোছোৱাকৈ তেওঁৰ ঘৰত এজনো নৰ’ল ; তাৰ ভিতৰত লেলাই ধেন্দাই পৰিত্ৰাণ [  ] হত্যাকাৰী কোন ? পালে অকল মিনায়ে । তেওঁৰ ঘৈণীয়েক লৰা-ছোৱালীকেইটা সকলোৱেই চকু মুদিলে । মিনাই লাহে লাহে ভাল হ’ল, কিন্তু তেতিয়াৰে পৰা জলকা লাগিল ; । কাম-বনলৈ ধাউতি নোহোৱা হ’ল এতিয়া তেওঁ বেচিখিনি সময় জুপুকা লাগি বহি থাকে ; মাজে মাজে চকু-লো টোকে । এইবোৰ প্ৰায় এবছৰ আগৰ কথা ।


[  ] মিনাইৰ ঘৰৰ পশ্চিমফালে আলিটোৰ দাতিতে দুবিঘামান

মাটিৰ এখন বাঁহ-কাঠৰ বাৰী সেই-গাৱঁৰে তোলন কোচৰ অাছিল । তাৰ পশ্চিমে এখন ডাঙৰ দোকান । দোকানৰ মালিকৰ নাম শ্যামচাদ ছাহা । তেওঁৰ অাচল ঘৰ ঢাকাৰ ফালে । অসমলৈ আহি প্ৰথমতে তেওঁলোকৰ কোনোব৷ স্বজাতীয় মানুহৰ দোকানত গোমস্তা আছিল । তাত থাকেঁতেই কিবা সূত্ৰত এই গাৱৰ বুদাই বায়নৰ লগত তেওঁৰ চিনাকি হয় আৰু দুবাৰমান তেওঁৰ ঘৰলৈ আহে। ইয়াৰ কিছু দিনৰ পিচত তেওঁ দোকানৰ চাকৰি এৰি দিয়ে অাৰু আলিৰ দাতিত থকা বুদাইৰ মাটিতে জুপুৰী ঘৰ এটা সাজি এখন দোকান পাতে । তাত তেতিয়া ঘাইকৈ লোণ, চেনি, ধপাত, বিড়ি, দিয়াচলাই, ডাইল, মিঠা তেল, কেৰাচিন তেল, নাৰিকল তেল, চাবোন আৰু কিবাকিবি মচলা ৰখা হৈছিল । আগেয়ে এই গাৱত এনে দোকান নাছিল । যিবা নিচেই সৰু এখন আছিল, সিও গাৱৰ এমূৰে আৰু তাত দুই এবিধ বস্তুহে পোৱা যায় । এতিয়া শ্যামাদৰ দোকানখন মাজতে হোৱাত আৰু গাৱৰ মানুহক লগা প্ৰায় সকলো বস্তুকে পোৱাত ৰাইজে ভালেই পালে । মাজে মাজে আজৰি সময়ত বহি মেল মাৰিবলৈকো কিছুমানৰ ই আডাত পৰিণত হ’ল । [  ] এনেকৈয়ে ঘনিষ্ঠতা বাঢ়ি যোৱাৰ লগে লগে শ্যামচাদ সেই গাৱাৰে এজন গঞাৰ দৰে হৈ পৰিল । আন কি, সকামে নিকামেও নিমন্ত্ৰণ পাবলৈ ধৰিলে । কোনো মানুহে মালৰ দাম দিব নোৱাৰিলে সলনিত ধান-চাউল দিও নিব পাৰিছিল আৰু সেই কাৰণে ছাহাক ভাল পাইছিল । সেই গাৱৰ এমূৰত এখন কানিৰ দোকান আছিল । কানিৰ পৰিমাণ আছিল মাহে চাৰি সেৰ । সেই গাৱৰে এজন মানুহে – দোকানখন কেইবা বছৰো চলাই আহিছিল, কিন্তু তাৰ পৰা যি সামান্য আয় হয়, তাৰে তেওঁৰ পৰিয়ালৰ লোণ-তেলৰ খৰচেই নোলায় । জোখত দুই-এৰতি কমাই দি যদিও দুই-এতোলা উলিয়াই পট নথক। কানীয়াক সৰহীয়া দামত বেচে, তথাপি তাৰ পৰাও অৱস্থাৰ বিশেষ উন্নতি নহয় । এনে ভাবে চলি থাকেঁাতেই এবাৰ এজন আবকাৰী দাৰোগাই দোকান পৰীক্ষা কৰি জমা থাকিবলগীয়া কানি জোখত কম পালে আৰু তাৰ ফলতে দোকানখন তেওঁৰ নামৰ পৰা খাৰিজ হ’ল । শ্যামাচাদে দাৰোগাক ধৰি-মেলি দোকানখন তেওঁৰ নামলৈ নিলে অাৰু আগৰ দোকানৰ লগতে লগ লগালে । ই আজি প্ৰায় ছবছৰৰ আগৰ কথা । দোকান আৰম্ভ কৰাৰ পৰা তেতিয়ালৈকে চাৰি বছৰ শ্যামচাদে কোনোমতে পেট প্ৰবৰ্ত্তাই আছিল মাথোন । বৰ বেচি হলেও বছৰত ডেৰ শ, দুশ টকাৰ বেচি জমা কৰিব পৰা নাছিল । কানিৰ দোকান লোৱাৰে পৰা তেওঁৰ অৱস্থা দিনক দিনে ভাল হৈ আহিবলৈ ধৰিলে । দোকানৰ [  ] সেই জুপুৰী বতাটোৰ ঠাইত এতিয়া এটা ডাঙৰ টিনৰ ঘৰ হল । বুদাইৰ মাটিখিনি শ্যামচাদে একেবাৰেই কিনি ল’লে আৰু তাৰ কাষত থকা আন আন মানুহৰ মাটি ও কিনি লৈ গোটেই টোলটো এপূৰামান মাটিৰ কৰিলে । ভিতৰ ফালে দুটা টিনৰ গুদাম ঘৰ, তাত তেওঁ খেতিয়কৰ পৰা ধান, সৰিয়হ, মৰাপাট কিনি জমা কৰে আৰু বজাৰ দৰ বঢ়াৰ লগে লগে বিক্ৰী কৰে এই কামৰ নিমিত্তে এতিয়া তেওঁ দুখন গাড়ীও ৰাখিছে । প্ৰথম চাৰি বছৰত তেওঁ অকলৈ দোকান চলাইছিল ; কানিৰ দোকান লোৱাৰ পৰা কৰ্ম্মচাৰী বাঢ়ি এতিয়া আঠজনমান হৈছে । গাৱৰ সৰহ ভাগ মানুহেই তেওঁৰ ধৰুৱা । ৰুপিত মাটিও দহ পূৰামান ইয়াৰ ভিতৰতে বেলেগ বেলেগ ঠাইত লৈছে । যিখন কানিৰ দোকানৰ পৰা আগৰ অসমীয়া মহলদাৰে খোৰাকিটোকে উলিয়াব নোৱাৰিছিল, সেই দোকানকে লৈ ছবছৰৰ ভিতৰতে শ্যামচাদ ইমান সম্পত্তিৰ মালিক হোৱা দেখি সকলোৱে আচৰিত মানিলে । শ্যামৰ্চাদে প্ৰথমে দোকান আৰম্ভ কৰাৰ পৰা এতিয়া দহ বছৰ হৈছে । ইয়াৰ ভিতৰত মাত্ৰ দুবাৰহে অলপ দিনৰ নিমিত্তে ঘৰলৈ গৈছিল । শুনা যায় দেশত তেওঁৰ লৰা-তিৰুতাও কাছে, কিন্তু তেওঁলোকক অনা নাই । এওঁৰ দোকানৰ পৰা মিনাইৰ ঘৰলৈ তোলনৰ বাৰীখন আৰু বোৰ্ডৰ আলিটোৰ মাত্ৰ ব্যৱধান । সেই কাৰণে মিনাই প্ৰায়েই এওঁৰ দোকানলৈ গৈছিল, এৱোঁ মাজে মাজে মিনাইৰ [ ১০ ] ঘৰলৈ গৈছিল । দুয়োৰে মাজত বৰ মিল আছিল । মিনাইৰ পৰিয়ালৰ মৃত্যুত পুতৌ কৰি শ্যামচাদে কলে —“বুজিছা নে ভকত । এনেকৈ দিন কটোৱা অসম্ভব । তুমি আকৌ বিয়া কৰোৱা ।” মিনাইৰ শোক দুগুণ হল ; উচুপি উচুপি ক’লে,—“আৰু মোক তেনে কথা নক’ব, আকোঁ সেইবোৰ জঞ্জাল লগাই নলওঁ । যি হৈ গ’ল সেয়ে ভালকৈ জুৰিছে । এতিয়া যেনে-তেনে চকু মুদিব পাৰিলেই হয় ।” শ্যামচাদে কিন্তু প্ৰায়েই বিয়াৰ কথা উলিয়াই কয়, “চোৱাঁ, আজি তুমি জ্বৰ-নৰিয়াত পৰিলে এটোপা পানী দিওঁতাও কোনো নাই । দুখে-বেজাৰে পৰি থাকিলে এমুঠি খোৱা বুলি কওঁতা নাই । এনেকৈ কিমান কষ্ট সহিবা ? তাৰ উপৰি তোমাৰ মাটি-বাৰী, সা-সম্পত্তিবোৰ কি কৰিবা ? মোৰ মতে তুমি আৰু পলম নকৰি সোনকালে বিয়া কৰোৱা উচিত । প্ৰথমতে মনায়ে মত দিয়া নাছিল । কিন্তু দিন যোৱাৰ লগে লগে অকলশৰীয়া জীৱনটো অসহ্য হৈ আহিল । দুখোজ আঁতৰি যাব লগা হ’লেই দুৱাৰ বান্ধিব লাগে ; ৰাতি ঘূৰি আহি আন্ধাৰ ঘৰত খেপিয়াই চাকি লগাব লাগে ; ৰন্ধাৰ এলাহত ঘনাই লঘোন দিব লাগে । আন একো নহলেও মেলা দুৱাৰখন, ৰন্ধা ভাতমুঠি পোৱা হ’লে তেওঁ অলপ শান্তি পালেহেতেন । ইয়াৰ পাচত এদিন শ্যামচাদে বিয়াৰ কথা উলিয়ালত মিনায়ে ক’লে,—“বিয়া কৰাবৰ মোৰ মন নাছিল । পিচে এতিয়া দেখিছো কোনোবা ঘৰখীয়া নহলে ঘৰত থকাই টান [ ১১ ] হৈছে । কিন্তু এটা কথা—মই হলোঁ। বুঢ়া, মোক ছোৱালী দব কোনে ? অাৰু দিলেই বা ! সেই ছোৱালীৰ আগলৈ কি গতি হ’ব ? মইতো বেচি দিন জীয়াই নাথাকো ।” অ্যাম ।—তোমাৰ কথা মই বুজিছো । সঁচাকৈয়ে সৰু ছোৱালী এজনী তুমি বিয়া কৰোৱাও অন্যায় হ’ব আৰু তেনে ছোৱালী এজনী তোমালৈ দিয়াও অন্যায় হ’ব । কিন্তু ডেৰ কুৰি দুকুৰি বছৰ বয়সীয়া ছোৱালী এজনী বিয়া কৰালে একো অন্যায় নহয় । মিনাই ।—সিমান বয়সৰ ছোৱালী ক’ত ওলাব! তেতিয়া হ’লে বাটলু বিচাৰিব লাগিব । শ্যাম । —আবিয়ৈ ছোৱালীয়েই ওলাব । তুমি মুঠেই মত দিয়া । মই সকলো দিহা কৰি দিম । মিনাই । —কথাটো শুনাতে কেনেবা কেনেবা লাগিছে । ভাল ছোৱালী হ’লে ইমান বয়সলৈকে আবিয়ৈ থাকি এতিয়া বিয়া সোমাবলৈ আহিব কিয় ? অাকে। যদি দৰা নোলোৱাতহে বিয়া হোৱা নাই তেন্তে তেওঁৰ কিবা এটা দোষ অাছে । আগেয়ে কওকচোন বাৰু আপুনি ক’ত চকু দিছে । শ্যাম ।—কম । আগেয়ে তুমি বিয়া কৰাবা নে নকৰোৱা খাটাংকৈ কোৱাঁ । মিনাই – কৈছো নহয় বিয়া কৰাবলৈ মোৰ সমূলি মন নাছিল, পিচে নকৰালে ও ঘৰ চলাব নোৱাৰে। । সেই দেখি মনে-পিঠিয়ে অাটিলে বিয়া কৰাব পাৰে। । [ ১২ ] অ্যাম ।-শুনা তেন্তে । সোঁ নাহৰবাৰীৰ মনু মহৰীৰ জীয়েক প্ৰেমলতাকে ধৰিম বুলি ভাবিছো । মিনাই !—তাইক ধৰিলে কি হব ! তাই হ’ল লিখা পঢ়া জনা ছোৱালী, মই হ’লোঁ। কৰ মূৰ নিচিনা মানুহ । শ্যামা । ।—হ’ব নোৱাৰিছে । লিখা-পঢ়া জানিলে কি হ’ল ! এতিয়া তাইৰ বয়স কি জানি একুৰি পোন্ধৰমান হ’ল । এতিয়ালৈকে দৰা নোলাল । মিনাই ।—তেনেকুৱা লিখা-পঢ়া জনা ছোৱালীলৈ দৰা নোলাল কিয় ? সেইটোও তো ভাবিবলগীয়া । শ্যাম ।--তুমি কি জানি জানাই তাই প্ৰাইমাৰী পাচ কৰি মজলীয়া স্কুলতো দুবছৰ পঢ়িছিল । তাৰ পাচত গাৱত নতনকৈ পত ছোৱালীৰ স্কুলখনত মাষ্টৰণী হয় । তেতিয় বাপেকে ভাবিছিল জীয়েকক কোনোবা শিক্ষিত ডাঙৰ মানুহে বিয়া কৰাব । সেই দেখি গাৱৰ যিমান ডেকাই ধৰিলে কাকো তেওঁ দিওঁ নুবুলিলে । এতিয়া বয়স বেচি হোৱাত গাৱ লীয়া ডেকায়ো বিয়া নকৰোৱা হ’ল । শিক্ষিত মানুহ আগতে নোলাল, এতিয়া অাৰু ক’ত ওলাব ! সিদিনা বাপেকে কলে বোলে তেওঁ আৰু বাট নাচায়, বুঢ়া-ঠেৰা, হালোৱা-চহা যেয়েই হওক ধৰিলেই তেওঁ দি দিব । তুমি মত দিলে তাইকে মই বন্দবস্ত কৰিব পাৰোঁ । মিনাই —মানুহে কোৱা শুনো বোলে তাইৰ স্বভাব ভাল নহয় ; সেইহে তাইক বিয়া কৰাবলৈ কোনো ওলোৱা নাই । [ ১৩ ] শ্যাম ।—মানুহৰ লো কি ! কথা দেখিলেই কথা উলিয়ায় । সেই কেহোৰাম বোলা পণ্ডিতটোৱে আগেয়ে আন ঠাইত লৰাৰ স্কুলত কাম কৰিছিল । এতিয়া গাৱতে স্কুল এখন হোৱা দেখি তাৰ আহিবৰ মন গ’ল । সিয়েই মেনেজিং কমিটিৰ মেম্বৰসকলক ধৰি মেলি তাইৰ গাত মিছাকৈ বদনাম দি স্কুলৰ পৰা খেদোৱায় আৰু নিজে তাৰ শিক্ষক হয় । অাচল কথাৰ ভু কোনে লয় ! স্কুলৰ পৰা খেদোৱা দেখি তাইৰ স্বভাৱ বেয়া বুলি চাৰিওফালে ফাটি-ফুটি গ’ল আক সেই কাৰণেই বিয়া কৰাবলৈ কোনো আগ নাবাঢ়িল । মিনাই । —মোক তেনেকুৱা ছোৱালী নালাগে । শ্যাম ।—তোমাক লাগে তোমাৰ কথামতেই মেলা দুৱাৰখন , ৰন্ধা ভাতমুঠি, এই বয়সত আনবোৰ কথা ভাবিবৰেই বা দৰকাৰ কি ? মিনায়ে ভাবি-চিন্তি চাব বুলি সেই দিনা শ্যামচাদক বিদায় দিলে । শ্যামচঁাদ কিন্তু ক্ষান্ত নহ’ল, দিনৌ সেই একে প্ৰস্তাবকে কৰিবলৈ ধৰিলে । এনেকৈয়ে কিছুমান দিন যোৱাৰ পাচত মিনায়ে মত দিলে । দনচেৰেক পাচতে বিয়া হৈ গ’ল । কন্যা-ঘৰৰ সকলো খৰচ বহন কৰাৰ উপৰি ও শ্যামাচাদে দৰাকো যথেষ্ট সাহায্য কৰিছিল । [ ১৪ ] বিয়াৰ তিনি মাহমানৰ পাচত প্ৰেম-লতাৰ এটি মৃত সন্তান অসময়ত ওপজে অাৰু তেৱে বহুত দিন পাটীত পৰি থাকিব লগাত পৰে । মিনায়ে বিয়া কৰালে যদিও শান্তি নাপালে । ন ঘৈণীয়েকে ঘৰৰ কোনো কামকেই নাজানে । সৰহখিনি কাম মিনায়েই কৰিব লগাত পৰে । বিয়াৰ পিচৰে পৰা মিনাইৰ ঘৰলৈ শ্যামচাদৰ অহাযোৱা। ঘন হৈ আহিছিল । কিন্তু কি কথা ক’ব নোৱাৰে, প্ৰায় এমাহমানৰ আগৰে পৰা তেওঁ মিনাইৰ ঘৰত ভৰি দিয়া নাই ।

এই মাহত মিনায়ো ঘৰৰ পৰা ওলোৱা নাছিল । [ ১৫ ]
চতুৰ্থ অধ্যায়

শ্যামচাদৰ টোলৰ সীমাতে তোলন কোচৰ দুবিঘামান মাটি
থকাৰ কথা আগতে কোৱা হৈছে । সেই মাটিখিনি নিজা কৰি
লৈ আলিলৈকে একেকঠি কৰি টোলটো বঢ়াবলৈ শ্যামচাদৰ বৰ
মন । তেওঁ আন মানুহক লগাই আৰু নিজেও মাটিখিনি
বেচিবলৈ তোলনক বহুত বাৰ ধৰিলে । যদিও তেতিয়া। সেই
গাৱত মাটিৰ দাম বিঘাত পঞ্চাশ টকাৰ বেচি নাছিল, তথাপি
তেওঁ বিঘাত ডেৰ শ কৈ দিবলৈ ওলাই ছিল । কিন্তু তোলন
কোনো মতেই মাটি বেচিবলৈ মান্তি নহ’ল ।
যোৱা বছৰ বাৰিষা দিনত হঠাৎ তোলনৰ হালোৱা গৰু এটা
মৰে । ভৰ শাওণমহীয়া গৰুটো মৰাত তেওঁৰ খেতি পৰিব
লগা হ’ল । লগৰটোৰ জোৰৰ গৰু এটা কিনিবলৈ কমকৈও
পঞ্চাশ টকা লাগিব । তেওঁ ঘৰত বিচাৰি খোচাৰি একুৰি
মান গোটালে । আৰু ডেৰকুৰি টকা ক’ত পায় ! শ্যামচাদৰ
বাহিৰে ধাৰলৈ ধন দিয়া মানুহ গাৱত নাছিল, কিন্তু তেওঁৰ
পৰা ধাৰ কৰিবলৈ তোলনৰ সমূলি ইচ্ছা নাছিল। এতিয়া আন
ক’তো নোপোৱাত অগত্যা তেওঁৰ ওচৰলৈকে যাব লগাত পৰিল ।
শ্যামাচাদে তেতিয়াই ত্ৰিশ টকা ৰূপ আনি তোলনক দিলে
আৰু খাতাত লিখি তেওঁৰ চহী ললে । তোলনে মুঠেই আদি

পাঠ প্ৰথম ভাগ পঢ়িছিল ; সেই দেখি নিজৰ নামটো লিখিব
[ ১৬ ] পাৰে অাৰু ফেঁাটাই, ফেঁাটাই পদপুথিও পঢ়ে । তেনেকৈ

পঢ়োতে যুক্তাক্ষৰবোৰ এৰি যায়, কিয়নো সেইবোৰ তেওঁ মাতিব নোৱাৰে । খাতাত লিখা “৩০ তি শ” টকা তেওঁ মাতিব পাৰিছিল । টকা ধাৰে নিলে ও তাক কেতিয়া পৰিশোধ কৰিব পাৰিব তাকে তেওঁ দিনে-ৰাতিয়ে ভাবিছিল । খেতি উঠিলত পোনেই কেইমোনমান ধান বেচি ধাৰ মাৰিবলৈ আহিল আৰু টকাই পতি মাহে দুপইচাকৈ ছমাহৰ সুত ৫০/ অনাৰে সৈতে, সৰ্বমুঠ ৩৫০/ অনা অাদায় কৰিলে । শ্যামাচাদে খাতা এখন আনি ,এইয়। কাটি থলোঁ।” বুলি তোলনৰ নামটো কাটি থ’লে । তোলন গুচি আহিল। টকা আনিবৰ সময়ত গাৱৰ হলধৰ আৰু মধুৱে দেখিছিল । সেই দেখি দিবৰ সময়তো তোলনে এওঁলোকক দোকানলৈ মাতি নিছিল । ধাৰ মৰাৰ দুমাহমানৰ পাচত এদিন তোলনে এখন ৰেজিষ্টৰি চিঠি পালে । চিঠিখন মহেন্দ্ৰনাথ দত্ত উকীলৰ পৰা আহিছে । তাত লিখা আছে, —“যেহেতু তুমি মোৰ মকেল শ্যামচাদৰ পৰা যোৱা ২০ শাওণত তেওঁৰ সীমাত থকা মাটি ডোখৰ বিক্ৰী দিম বুলি মৌখিক বন্দবস্ত কৰি, তিনিশ টকা হাওলাত নি আজিলৈকে বিক্ৰী দিয়া নাই, সেই কাৰণে এই নোটিচৰ দ্বাৰা তোমাক জনোৱা হয় যে আজিৰ পৰা দুসপ্তাহৰ ভিতৰত তুমি উক্ত মাটি বিক্ৰী দি আপোচ কৰিবা । নহ’লে অাইন মতে তোমাৰ বিৰুদ্ধে যথাবিহিত কৰা হ’ব ।” [ ১৭ ] নোটিচ পাই তোলন মূৰ্দ্ধাস্কুট হোৱাৰ দৰে হ’ল । তাৰ পাচত শ্যামচাদক যিমান পাৰে গালি, পাৰি দাত কৰচিবলৈ ধৰিলে । পিচ দিন। এজন উকীলৰ মহৰীৰ লগ ধৰি নোটিচৰ এই দৰে উত্তৰ দিলে —“উক্ত তাৰিখত মই শ্যামচাদৰ পৰা মাত্ৰ ত্ৰিশ টকা ধাৰ কৰিছিলোঁ। । সেই টকা সুদে মূলে যোৱা মাঘ মাহতে আদায় কৰিলোঁ । এতিয়া এটি পায়ো মই তেওঁক দিব লগা নাই । নোটিচৰ কথা সম্পূৰ্ণ মিছা ।” ইয়াৰ এমাহ মানৰ পাচত তোলনে আদালতৰ পৰা চমন পালে । তাৰপৰা বুজিব পাৰিলে যে সঁচাকৈ শ্যামচাদে মোকৰ্দমা কৰিছে । মোকৰ্দমা হ’ল । দুয়ো পক্ষৰ জবানবন্দী অাৰু সাক্ষী-বাদী লোৱা হ’ল । শ্যামাচাদে খাতা দাখিল কৰিলে । তাত তিনি শ টকা লিখা আছে, অাৰু তোলনৰ নিজ হাতৰ চহী ও অাছে । শ্যামচাদে মিনাইক সাক্ষী দিছিল । মিনায়ে মাটি বেচিবলৈ বন্দবস্ত কৰি নগদ তিনি শ টকা নিয়া নিজে দেখিছে বুলি সাক্ষী দিলে । তোলনে নোটিচৰ উত্তৰত যি লিখিছিল তাকে আদালততো ক’লে । তেওঁৰ সাক্ষী হলধৰ অাৰু মাধৱেও সেই কথা সমৰ্থন কৰিলে । তিনিওজনৰ কথামতে খাতাত তোলনৰ নামটো তেতিয়াই কাটি থৈছিল, কিন্তু খাতাত কটাৰ কোনো চিন পোৱা নগ’ল । তোলনৰ উকীলে দেখুৱালে তিনি শৰ “নি”টো আনবোৰ আখৰতকৈ সৰু, এইটো নিশ্চয় পাচত লগোৱা । কন্তু বিচাৰকে নামানিলে ; কিয়নো ‘নি’টো [ ১৮ ] পিচত লগোৱা হ’লে “ত্ৰিশৰ” “ত্ৰি"টো তি কৰাৰ চিন থাকিল হেতেন । সকলো কথা ভাবি চাই হাকিমে তোলনৰ ওপৰত সুদ আৰু খৰচসহ গোটেই টকা ডিক্ৰী দিলে । ৰায় শুনি তোলনৰ উকীলে আপীল কৰিবলৈ স্থিৰ কৰিলে। তোলনে মনৰ বেজাৰত কাছাৰী ঘৰতে বহুতো মানুহৰ আগত কৈ পেলালে, — “শ্যামচাদ বিদেশী মানুহ, সি আমাক ঠগিবলৈকে আহিছে। কিন্তু একেখন গাৱতে ভাই ককাইৰ দৰে থকা ই মিনায়ে এনে মিছা কথা ক’ব পায় নে ? আপীলৰ কি হয় দেখা যাওক, যদি একো নহয়, এনে ও নাই, তেনেও নাই, তাক একেবাৰেই দু-ছোৱাকৈ কাটিম ।”

আপীলৰ বিচাৰ এতিয়ালৈকে হোৱা নাই । [ ১৯ ]
পঞ্চম অধ্যায়

প্ৰায় দহমান বজাত এখন মটৰ আহি মিনাইৰ ঘৰৰ আগত
ব’ল । মটৰ পৰা নামিল এজন দাৰোগা, দুজন চিপাহী আৰু
গাওঁবুঢ়া । ।
দাৰোগা ভিতৰ সোমাল আৰু মিনাইৰ শটো চালে ।
মাৰল ঘৰত চালপীৰা এখনত শুই থকা অৱস্থাতে তেওঁৰ
মূৰটো কটা তাছে । ওচৰত কোনো অস্ত্ৰ নাই । কিন্তু মাটিত
এখন চেলেং পৰি আছে | আত্মহত্যা নে অান প্ৰকাৰ হত্য।
দাৰোগাই ঠাৱৰাব নোৱাৰিলে । অৱশ্যে ওচৰত কোনো অস্ত্ৰ
নথকাত আন কোনোবাই হত্যা কৰিছে বুলিয়েই সন্দেহ
কৰিলে । তেওঁ প্ৰেমলতাক প্রশ্ন কৰিলে, —“যেতিয়া এই
ঘটনা ঘটে তেতিয়া তুমি লগত নাছিলা জানো ?”
প্ৰেম । নাছিলোঁ । আগেয়ে দুয়ো বৰ ঘৰতে শুইছিলোঁ ।
আজি কিছুমান দিনৰ পৰা বৰ ঘৰত বেচি গৰম বুলি তেওঁ
মাৰল ঘৰতে অকলৈ শুইছিল ।
দাৰোগা । —তুমি ক’ত শুইছিলা ?
প্ৰেম | –বৰ ঘৰত ।
দাৰোগা ।—তুমি কোনো সাৰ-সঁহাৰি পোৱা নাছিলা নে ?
প্ৰেম !—নাই ।

দাবোগা —তুমি কেতিয়া গম পালা ?
[ ২০ ] প্ৰেম।—মই এবাৰ মাৰলৰ দুৱাৰত ঘিটিং ঘাটাং কৰা যেন

শুনি তেওঁক মাতিবলৈ ধৰিলোঁ, কিন্তু কোনো উত্তৰ নাপালোঁ । মোৰ ওচৰত চাকি অাৰু দিয়াচলাই আছিল । মই চাকিটো লগাই তেওঁক মাতিবলৈ মাৰললৈ ওলাই আহিলোঁ । বাহিৰত তেতিয়া বৰষুণ পৰাৰ শব্দ শুনিছিলোঁ। মই তেওঁৰ খাটৰ ওচৰলৈ চাপি গলোঁ। আৰু লগে লগে এই দৃশ্য চকুত পৰিল । তেতিয়া মোৰ কি হ’ল, কিমান পৰ পৰি আছিলোঁ। একো ক’ব নোৱাৰে । যেতিয়া হুচ আহিল, তেতিয়া মই বাহিৰলৈ ওলাই মানুহ মাতিলোঁ । বৰষুণ তেতিয়াও কিনকিনাই আছিল । দাৰোগা । —দুৱাৰ জানো বন্ধ নাছিল ? প্ৰেম !—আগতে মাৰলৰ দুৱাৰত দাং দিয়া আছিল, বৰঘৰৰ দুৱাৰ এনেয়ে জপোৱা আছিল । দাৰোগা —তুমি ওলাই যাওঁতেও দাং মৰা আছিল নে ? প্ৰেমা ।— নাই । এনেয়ে জপোৱা আছিল । দাৰোগাই পৰীক্ষা কৰি দেখিলে বাহিৰৰ পৰা হাত সুমুৱাই দাংডাল মেলা বিশেষ টান নহয় । দাৰোগা ।—তোমাৰ কাৰবাৰ ওপৰত সন্দেহ আছে নে ? প্ৰেম।—সেই বিষয়ে ঠিৰাং কৈ একো ক’ব নোৱাৰো । দাৰোগা !—কিবা বস্তু নিলে নে ? প্ৰেম ।—বস্তু-বাহানি যি হয় বৰঘৰতে থাকে । তাত বোধ কৰে সোমোৱা নাই । মাৰলত যি লাংখালিংখি দু ডোখৰ আছিল তাকে নিয়াৰ চিন পোৱা নাই ; [ ২১ ] দাৰোগ ।।—তেন্তে ই চোৰৰ কাম নহয় । কাৰবাৰ লগতে আখেজ আছিল নে ? প্ৰেম । — হয় । এই গাৱৰে তোলন কোচৰ লগত কিবা আখেজ আছিল। দাৰোগা ।—কিয় ? তেতিয়া শ্যামচাদে তেওঁৰ মোকৰ্দমা, মিনাইৰ সাক্ষ্য আৰু তোলনে কোৱা কথা সকলে। বৰ্ণনা কৰিলে । তাৰ লগতে ক’লে,-“কালি ৰাতি নমান বজাত হাতত দা এখন লৈ মোৰ দোকানৰ আগে দি তাক ক’ৰবালৈ যোৱা দেখিছিলোঁ, অহা৷ দেখা নাই । ” কেইবাজনো মানুহে সেই কথা সচা বুলি ক’লে । তেওঁলোক বোলে তেতিয়া দোকানতে বহি আছিল । দাৰোগা । — তোমলোক কিমান পৰলৈকে আছিলা ? মানুহ ।—বাৰমান বজালৈকে । দাৰোগা | –তেতিয়ালৈকে সি ঘূৰি অহা নাছিল ? মানুহ !—নাছিল । দাৰোগা ।—কেনেকৈ জানিলা ? তোমালোকে মন নকৰাতে কি জানি সি আহিল । মানুহ। —দোকান আলিৰ দাতিতে । তাতে তেতিয়৷ জানাক । বাটে দি যোৱা শিয়ালো আমি দেখা পাইছিলোঁ । । তাৰ পাচত দাৰোগাই পৰি থকা চেলেংখন কাৰ সুধিলে । প্ৰেমলতাই তেওঁলোকৰ নহয় বুলি ক’লে । কেইটামানে [ ২২ ] ক’লে বোলে ঠিক এনেকুৱা চাদৰ এখন মাজে-সময়ে তোলনে কান্ধত লৈ ফুৰায় । আগদিনা দেখোঁতেও তেওঁৰ কান্ধত চাদৰ আছিল । তাৰ পাচত দাৰোগাই চোতালত কিবা পায় বুলি চাই ফুৰোঁতে এঠাইত এটা খোজ ওলাল। । খোজটো সো । ভাৰৰ, বুঢ়া আঙুলীটো বা ও ফাললৈ আৰু কে এা আঙুলীটো সো ফাললৈ বেকা । দাৰোগা ।—এই গাৱত এনেকুৱা ভৰিৰ মানুহ আছে নে ? সকলোৱে ভালকৈ চাই ক’লে,—“আন কোনোবা মানুহ আছে নে নাই ক’ব নোৱাৰোঁ । কিন্তু তোলনৰ সে। ভবিৰ আঙুলীৰ লগত এই আঙুলীকেইটাৰ সম্পূৰ্ণ মিল আছে । দাৰোগ৷ !—স আজি খবৰ লবলৈ আহিছিল নে ? মানুহ ।— নাই । আজি হে নালাগে সেই মোকৰ্দমাৰ দিনাৰে পৰা আনহে নালাগে সকামলৈ মাতিলেও নাহে । দাৰোগাই তেতিয়া খোজটোৰ এটা চিত্ৰ আঁকি ল’লে আৰু খোজটো যাতে কোনেও নোছোৱাকৈ ঢাকি ৰাখে তাৰ ব্যৱস্থা কৰিলে । এইখিনি কাম শেষ হ’লত দাৰোগাই সকলো লিখি লৈ এট। চিপাহী লগত দি লাচটো প’ষ্টমৰ্টেম পৰীক্ষাৰ নিমিত্তে জিলালৈ পঠালে । শ্যামচাদৰ গাড়ী এখনতে লাচ পাঠোৱা হ’ল । [ ২৩ ] ষষ্ঠ অধ্যায় লােচ পঠিয়াই দি দাৰোগা তোলনৰ ঘৰলৈ গ’ল। লগতে গাৱৰ মানুহো বহুতো গৈছিল । তোলনে তেতিয়া পথাৰৰ পৰা আহি গা ধুই গোসাই-সেৱা কৰিছিল। । এনেতে দাৰোগাই মাতিছে বুলি শুনি ওলাই আহিল । দাৰোগাক দেখি তেওঁৰ কঁপনি উঠিল । দাৰোগাই সুধিলে -“কালি ৰাতি তুমি কলৈ গৈছিলা ?” তোলন ।—কালি মোৰ হালোৱা গৰু এটা হেৰাইছিল । সন্ধা ভগালৈকে ওচৰত বিচাৰি ক’তো নাপালোঁ । এই গৰুটো। দ চুবুৰীৰ পৰা কিনিছিলোঁ । মাজে মাজে সি তাৰ আগৰ গৰাকীৰ ঘৰলৈ যায় । কালি ও তেনেকৈ গ’ল বুলি ভাবি তালৈকে গ’লোঁ । । দাৰোগা ।— পিচে গৰু পালা ? তোলন —নাপালোঁ । দাৰোগ। —তেতিয়া তেন্তে উলটি আহিলা ? তোলন ।— নাই অহা । । গৰুৰ গিৰিহঁতৰ ঘৰৰ কাষতে মোৰ শহুৰৰ ঘৰ । ইমান ওচৰৰ পৰা মাত নলগোৱাকৈ অস্থা বেয়া হ’ব বুলি মই শহৰৰ ঘৰত সোমালোঁ । । কালি তেওঁৰ ঘৰলৈ মোৰ শালপতি আহিছিল : তওঁকো তাতে লগ পালে ৷ [ ২৪ ] আৰু কিবাকিবি ঘৰুৱা কথা পাতিলোঁ। । তেওঁক খুৱাবৰ নিমিত্তে শহুৰে হঁহ এটা অনাই মৰাইছিল ; মোকো ভাত খাই আহিবলৈ ক’লে। মই থাকিব নুখুজিছিলোঁ ; পিচত এৰাব নোৱাৰি ৰ’ব লগাত পৰিলোঁ । দাৰোগা !—তুমি তেন্তে ৰাতি তাতে থাকিলা ? তোলন —নাই থকা । থাকিবলৈ মই তালৈ যাম বুলি ঘৰত কৈ যোৱা নাছিলোঁ । । সেই কাৰণে ঘৰত চিন্তা কৰি থাকিব বুলি খোৱা হ’লতে উলটি আহিলোঁ । দাৰোগ। —তেতিয়া ৰাতি কিমান হৈছিল ? তোলন —জোন পৰে’। পৰো হৈছিল । দাৰোগা ।—ইমান ৰাতি অকলৈ আহিবলৈ তোমাৰ ভয় লগা নাছিল নে ? তোলন — অালিয়ে অলিয়ে অাহেঁতে কিহৰ ভয় ! তাতে দাখন হাতত থাকিলে কোনো অপদেৱতায়ে৷ ওচৰ চাপিবলৈ সাহ নকৰে । দাৰোগা ।—তামাৰ হাতত তেন্তে দা এখন আছিল । চাওঁ কোনখন দা । তোলনে ।—দাখন আনি দেখুৱালে ; দাৰোগাই হাতত লৈ চালে । দাখন বৰ চোকা অাৰু একেবাৰেই চিকচিকীয়া । দাৰোগা —তুমি আহেঁতে বাটত কাৰবাক পাইছিল৷ নে ? তোলন । — নাই পোৱা । দাৰোগা :– ক’তো একো দেখাও নাই নে ? [ ২৫ ] তোলন ।— আন ক’তো একো দেখা নাই, মাত্ৰ ছাহাৰ দোকানৰ বাৰাণ্ডাত কোনোবা এটা থিয় হৈ থকা যেন দেখিছিলোঁ । দাৰোগা –কোন ক’ব পাৰা নে ? তোলন —নোৱাৰোঁ। আন্ধাৰত চিনিব পৰা নাছিলোঁ । দাৰোগা —ৰাতিপুৱা তুমি হাল বালা কিহেৰে ? তোলন —মই বিচাৰি ফুৰোঁতেই গৰু আহি আপুনি ওলাল । দাৰোগ। —তুমি কি চোলা পিন্ধিছিলা ? তোলন —মই চোলা পিন্ধা নাছিলোঁ । । বৰ গৰম দেখি কান্ধতে চেলেংখন পেলাই লৈ গৈছিলোঁ । দাৰোগা ।— চাণ্ড চেলেংখন । তোলনে এখন সাধাৰণ চেলেং আনি দেখুৱালে। মিনাইৰ ঘৰত পোৱা চেলেংখন অাৰু এইখনৰ অলপো পাৰ্থক্য নাই । কাপোৰৰ দীঘ-পুতল, সুতা, ফুল, বান দুয়োখনৰে একে । দুয়োখন যেন একে সূতাৰে একে শালতে একেজনী শিপিনীয়ে বোৱা । দাৰোগাই সকলো সময়তে তোলনৰ ভৰিলৈ লক্ষ্য ৰাখিছিল । সচাকৈয়ে মিনাইৰ চোতালত দেখা খোজটোৰ লগত তাৰ সাদৃশ্য আছে । তেওঁ কাগজত আঁকি দিয়া চিত্ৰৰ ওপৰত তোলনৰ সোঁ ভৰিটো দিবলৈ দিলে । খোজ একে বাৰেই মিলি গ’ল । [ ২৬ ] দাৰোগাৰ আদেশমতে চিপাহীটোৱে তোলনৰ হাতত হেণ্ড কাফ লগালে । দা আৰু চেলেংখনে ল’লে । ইমানতে তাৰ কাৰ্য্য শেষ কৰি দাৰোগা ছাহাৰ দোকানলৈ ঘূৰি আহিল । তাতে চিপাহীটোৰ জিন্মাত তোলনক এৰি তেওঁ গাওঁবুঢ়াক লৈ গৰুৰ গৰাকী অাৰু তোলনৰ শহুৰেকক বিচাৰি গ’ল । তেওঁ লোকৰ পৰা যি শুনিলে সি তোলনৰ কথাৰ লগত মিলি গ’ল । । আনকি, তোলনৰ শালপতিয়েক তেতিয়াও শহুৰেকৰ ঘৰতে আছিল । তাৰ পৰা ঘূৰি আহি দাৰোগাই চিপাহীৰে সৈতে তোলনক মটৰত তুলি লৈ থানালৈ উলটিল --- [ ২৭ ] সপ্তম অধ্যায় তোলনৰ ঘৰত কাৰো ভাত পানী নোহোৱা হ’ল । কিহৰ পৰা কি হ’ল প্ৰথমতে কোনে ও একো নুবুজিলে । পিচত যেতিয়া সকলো কথা জানিব পাৰিলে সকলোৱে কান্দিবলৈ ধৰিলে । মিনাইক কটাৰ বাবে তোলনক ধৰি নিছে, তেওঁৰ ফাঁচী বা কলিয়াপানী হ’ব’ই বুলি যেতিয়া সকলোৱে ক’বলৈ ধৰিলে তেতিয়া তোলনৰ ঘৈণীয়েক আঘোণীৰ জীৱ উৰি যোৱাৰ দৰে হ’ল । তেওঁ কি কৰিব কি নকৰিব একো ঠিক কৰিব নোৱাৰিলে । এই দুটানাৰ কথা শুনি আঘোণীৰ ককায়েক, বাপেক আধা সম্বন্ধীয়া মানুহ কেইবাজনো তোলানৰ ঘৰলৈ আহিল । আঘোণীয়ে তেওঁলোকক কিবা এটা উপায় উলিয়াবলৈ কৈ কান্দিবলৈ ধৰিলে । ,— কান্দলে কি হ’ব । তেওলোকে ক’লে আমি জিলালৈ গৈ উকীলক সুধি পুছি চাওঁগৈ কি কৰিব পাৰি । এতিয়া ঈশ্বৰৰ ওপৰত ভাৰসা কৰি মনে মনে থকাই ভাল । পিচিদিনা আঘোণীৰ ককায়েক মলে। আৰু জেঠালেক মোহন দুয়ো জিলালৈ ওলাল । আগৰ মোকৰ্দমাত তোলনে যাক উকীল ধৰিছিল দুয়ো তেওঁৰ ওচৰলৈকে গ’ল ! লগত [ ২৮ ] তেওঁলোকৰ চিনাকী মহৰীজনকো লৈ গৈছিল । সকলো। কথা শুনি উকীলে ক’লে ,—“এতিয়া মই একো ক’ব নোৱাৰোঁ । আসামী এতিয়াও পুলিচৰ হাততে । পুলিচৰ ৰিপোট নহালৈকে ঘটনাৰ মোৰ ধৰা সম্ভব নহয় । এতিয়া জামীনৰ আবেদন কৰাও মিছা ।” মলে। অাৰু মোহনে উকীলক পাঁচ টকা বয়না দি যি হয় কৰিবলৈ খাটনি ধৰি গুচি আহিল । ইয়াৰ পাচত এসপ্তাহ গ’ল । মলে৷ ইয়াৰ ভিতৰতে অাৰু তিন দিন উকীলৰ ঘৰলৈ গ’ল, কিন্তু কাম একো নহ’ল । পুলিচৰ ৰিপোৰ্ট এতিয়াও অহা নাই। আঘোণীৰ ভনী-জোৱায়েকৰ ভায়েক বলে। পুলিচ চাহাবৰ চাপ্ৰাচী আছিল । আঘোণীয়ে তেওঁৰ ওচৰলৈকে এবাৰ গৈ কিবা কৰি পাৰে নে চাব খুজিলে । তেওঁ তেতিয়া লৰা- . ছোৱালী হাল আৰু ঘৰখন মোহনক চমজাই এখন গৰুৰ গাড়ীত নগৰলৈ ওলাল । লগত মলোও গ’ল । ৰাতি দহমান বজাত আঘোণীয়ে বলোৰ ঘৰ পালেগৈ । বলোৱে তোলনক গ্ৰেপ্তাৰ কৰাৰ কথা আগেয়ে শুনিছিল আৰু খা-খবৰো কৰিছিল, কিন্তু একো কৰিবৰ শক্তি নাছিল । এতিয়া আঘোণী যোৱাত ক’লে ,-“মই কি কৰিম ! মোৰ কি হাত আছে ! মই এটা চাপ্ৰাচীহে ! মোৰ কথা কোনে শুনিব ! এটা কাম কৰিব পাৰোঁ । পুলিচ চাহাব অসমীয়া মানুহ, ব্যৱহাৰো ভাল । মই কালিলৈ তোমাক তেওঁৰ ওচৰলৈ লৈ যাম । তুমি [ ২৯ ] হাতে ভৰিয়ে ধৰি সকলো কথা ক’বা । তেওঁ দয়া কৰিলে কিব৷ হ’ব পাৰে ।” সেই মতেই কাম হ’ল । পিচ দিনা বলোৱে আঘোণীক পুলিচ চাহাবৰ ওচৰলৈ লৈ গ’ল । আঘোণীয়ে চুলি ছিঙি কাতৰ কৰি আদিৰ পৰা অন্তলৈকে সকলো কথা বৰ্ণনা কৰিলে । তাৰ পাচত ক’লে,—“তেওঁ মানুহ মৰাহে নালাগে পাৰচৰাই এটা ও মাৰি খাব নোৱাৰে ; এইবোৰ কাৰবাৰ চক্ৰান্ত ।” পুলিচ চাহাবে সকলো কথা মন দি শুনি ক’লে,—“সকলো কথা প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰে ! তোমাৰ গিৰিহঁতক ধৰি আনোতেই একো প্ৰমাণ হোৱা নাই । তেওঁ যদি নিৰ্দোষ, এনেয়ে তেওঁ খালাচ পাব, অাৰু যদি দোষী তেনেহ’লে তেওঁক সৰুৱাবৰ কাৰো সাধ্য নাই ।” আঘোণী ।—টকা ননাকৈয়ে অনা বুলি ছাহা দোকানীয়ে প্ৰমাণ কৰাইছে । এতিয়াও যদি তেনেকুৱাই হয়, বেটীক এতিয়াই মাৰি পেলোৱাই ভাল । কিছু সময় তলকা মাৰি থাকি পুলিচ চাহাবে ক’লে,—“তুমি যোৱাগৈ । যাতে অন্যায় হ’ব নোৱাৰে মই তালৈ চাম । তুমি আৰু ইয়ালৈ নাহিবা, আজি অহাৰ কথাও কাকো নক’বা । তেতিয়া, আঘোণী বলোৰ ঘৰলৈ আহিল আৰু সেইদিনাই আবেলি বেলিকা গৰুৰ গাড়ীতে ঘৰলৈ উলটিল । পুলিচ চাহাবে তদন্তকাৰী দাৰোগাক মাতি ঘটনাৰ আদ্যো পান্ত শুনিলে । তাৰ পাচত ক’লে, —“যি প্ৰমাণ পোৱা গৈছে [ ৩০ ] তোলনক গ্ৰেপ্তাৰ কৰাৰ বাহিৰে উপায় নাই। কিন্তু আদালতত তাক দোষী সাব্যস্ত কৰাৰ জোখাৰে এতিয়াও প্ৰমাণ সংগ্ৰহ হোৱা নাই ।” দাবোগা ।—সেই বিষয়ে অনুসন্ধান চলিয়েই আছে আৰু সেই কাৰণেই ফাইনেল নিপোট দিব পৰা নাই । পু, চা ।— বাৰু এতিয়া যাওক, কিন্তু সোনকালে তদন্ত শেষ কৰিবলৈ যত্ন কৰক। " দাৰোগা গ’লত পুলিচ চাহাবে চোৰাংচোৱা বিভাগৰ দাৰোগ৷ সুদৰ্শন বৰবৰাক মাতি পঠালে । তেওঁ আহিলত পুলিচ চাহাবে ক’লে,—“চাওক বৰবৰা, আপোনাৰ সূক্ষ দৃষ্টিৰ ওপৰত মোৰ বিশ্বাস আছে ; সেইহে মাতিছো । সম্প্ৰতি হালধিবাৰী গাৱত এটা হত্যাকাণ্ড ঘটিছে, আপুনি ও বোধ কৰোঁ৷ শুনিছে ! আপুৰ্ব্ব দাৰোগাই তদন্ত কৰি হত্যাকাৰী বুলি এজনক ধৰিছে । সাঁচা কৈয়ে তেওঁ হত্যাকাৰী হয় নে নহয় মই বুজিব পৰা নাই । মোৰ বোধেৰে ঘটনাটোত কিবা এটা ৰহস্য আছে । আপুনি সেই ৰহস্য ভেদ কৰিব লাগিব । পাৰিব ? ” সুদৰ্শন ।—ঘটনাৰ আদ্যোপান্ত বিবৰণ পালে আৰু ঘটনাৰ থলীখন এবাৰ চাবলৈ পালেহে ক’ব পাৰিম । পুলিচ চাহাবে গোটেই ঘটনাটো বণনা কৰি ক’লে,— “আপোনাৰ এই বিষয়ে মত কি ?” সুদৰ্শন ।—ঘটনাটো যিমান সহজ যেন ভবা গৈছিল সিমান নহয় । ইয়াত কিবা এটা ডাঙৰ ৰহস্য আছে । [ ৩১ ] পু, চা ।—কেনে ? সুদৰ্শন ।—তোলনে হত্যাৰ কাৰণে সাজু হৈ শহুৰেকৰ ঘৰলৈ যোৱা হ’লে হত্যাৰ পিচতো তালৈকে ঘূৰি গ’লহেতেন । তেতিয়া হ’লে তেওঁ সেই বাতি সেই গাৱতেই নাছিল বুলি প্ৰমাণ দিব পাৰিলেহেতেন । তদুপৰি তেওঁ শেহ নিশা ঘূৰি আহা, হাতত দা লৈ যোৱা কথা উপযাচি স্বীকাৰ নকৰিলে হেতেন । পু, চা ।—চাদৰখন ? সেইখন তাৰ ঘৰৰ চাদৰেৰে মিলি গৈছে, আৰু সি লৈ ফুৰোৱা চাদৰেৰে একে বুলি বহুতে সাক্ষী ও দিছে । সুদৰ্শন — এই চাদৰৰ কথাই ঘটনাটো বেলেগ ধৰণেহে জায় । অকস্মাৎ এনে ঘটনা ঘটিলে মানুহে কাপোৰ কানি পেলাব পাৰে । কিন্তু আগৰে পৰা সাজু হৈ অহা মানুহে চিন ৰাখিবৰ নিমিত্তেই এনেকৈ কাপোৰ কানি পেলাই নাৰায় । সি আগতে তাক কমাৰত বান্ধি ললেহেতেন । পু, চা — আৰু খোজটো ? সুদৰ্শন !—নেদেখাকৈ একো ক’ব লোৱাৰোঁ । পু, চা — বাৰু আপোনাক এই ঘটনাৰ তদন্তৰ ভাৰ দিলোঁ । অপূৰ্ব দাৰোগাই তেওঁৰ কাম কৰি থাওক । পুনি আপোনাৰ মতে ইয়াৰ ৰহস্য উদঘাটন কৰক । সুদৰ্শন —আজিৰ পৰাই মই কাম আৰম্ভ কৰিম । পু, চা – ভাল কথা । কিন্তু আপোনাৰ অনুসন্ধানৰ ফল মাজে মাজে মোক জনাই থাকিব । [ ৩২ ] অষ্টম অধ্যায়। সেইদিন। দুপৰীয়া খাই-বৈ উঠি সুদৰ্শন বৰবৰা হালধি বাৰীলৈ বুলি ওলাল। প্ৰায় দুঘণ্টামানৰ মূৰত নিৰ্দিষ্ট ঠাই পাই মিনাইৰ ঘৰত সোমাল । ঘটনাৰ সম্পৰ্কে প্ৰেমলতাৰ পৰা সকলো কথা বুজি ল’লে । কোৱা বাহুল্য যে আগেয়ে কোৱা কথাৰ লগত তেওঁৰ কথাৰ অলপো অমিল নাছিল । সুদৰ্শনে মিনাইৰ শোৱা খাটখন চাই দেখিলে আঘাতত অকল মনাইৰ ডিঙিয়েই কটা নাই খাটৰো কিছু অংশ কাটিছে । তাৰ পৰা এইটো বুজা গ’ল যে হত্যাকাৰী বলীপুৰুষ আৰু অস্ত্ৰ ও খুব চোকা । তাৰ পাচত তেওঁ চোতালৰ খোজটো ভালকৈ পৰীক্ষা কৰি চাই গুচি আহিল । গধূলি সুদৰ্শনে পুলিচ চাহাবৰ লগত দেখা কৰিলে । পুলিচ চাহাবে সুধিলে,-“আজি কিবা তথ্য আবিষ্কাৰ কৰিব পাৰিলে নে ?” সুদৰ্শন । —হয়, দুটা কথা নিশ্চয়কৈ জানিব পাৰিছে। । পু, চা ।—সেই দুটা কি ? সুদৰ্শন —এটা হৈছে তোলন কোচৰ লগত এই ঘটনাৰ কোনো সম্পৰ্কনাই । আনটো হৈছে এই হত্যাকাণ্ডত মিনাইৰ ঘৈণীয়েক প্ৰেমলতাৰো যোগ আছে। [ ৩৩ ] পু, চা ।—কেনেকৈ জানিলে ? সুদৰ্শন । —প্ৰথমতে প্ৰেমলতাৰ লগত কথা পাতেঁাতে মই তেওঁৰ চকু আৰু মুখৰ ভঙ্গীলৈ দৃষ্টি ৰাখিছিলোঁ । তাত বিশেষ উৎকণ্ঠাৰ লক্ষণ দেখা গৈছিল । কিন্তু সি শোক বা বেজাৰৰ নহয়, ভয়ৰ হে । তেওঁৰ ভাব দেখি এনে বোধ হৈছিল যেন ঘটনাটোৰ আৰু অনুসন্ধান কৰাটো তেওঁ ভাল নাপায়। যিমান সোনকালে পাৰি ঘটনাটোৰ সামৰণি মাৰিলেই যেন তেওঁ ৰক্ষা পায় । তাৰ পাচত খোজটো । এইটোৱেই তোলনৰ নিৰ্দো৷ তাৰ প্ৰমাণ । পু, চা ।— নিৰ্দ্দোষিতাৰ নে দোষৰ ? সুদৰ্শন ।— িনৰ্দ্দোষিতাৰ । পু, চা ।—কেনেকৈ ? সুদৰ্শন ।—খোজটো চোতালৰ মাজতে আছে আৰু প্ৰায় তিনি ইঞ্চিমান তললৈ বহিছে । বাকী গোটেইখন চোতালত কোনো চিন নাই । সেইদিনা বৰষুণ হ’ব পাৰে, কিন্তু গোটেইখন চোতালত মাত্ৰ ভৰিৰ খোজ এটাৰ জোখৰ ঠাইত তিনি ইঞ্চি তললৈ খোজ বহিব পৰা বোকা হ’ব অাৰু বাকী খনিত চিন ছাব একো নাথাকিব, এইটো কেনেকৈ সম্ভব হ’ব পাৰে । তাৰ উপৰি ঘটনাৰ দিনা অলপ বৰষুণ থকাত খোজটো তো অান মাটিৰ লগত মিলি আছিল, কিন্তু এই কেইদিন 'দ দিয়াত তাৰ চাৰিওফালে ফাট মেলি অান মাটিৰ পৰা। বলেগ হৈ আছে । মই লৰাই চাই দেখিলোঁ খোজটো তাৰ [ ৩৪ ] ৩8 হত্যাকাৰী কোন ? পৰা তেনে ভাবেই তুলি অনা যায় । অকল এয়েই নহয়, চোতালৰ মাটি ৰঙা, কিন্তু খোজটোৰ মাটি ক’লা । ইয়াৰ পৰা মই এই সিদ্ধান্ত কৰিছো যে এই হত্যাৰ আয়োজন বহুত দিন আগৰে পৰা চলিছে আৰু অকল মিনাইৰ লগত নহয় তোলনৰ লগতো হত্যাকাৰীৰ শত্ৰুতা আছে । হত্যাকাৰীয়ে আগতে ক’ৰবাত বোকাত ৰৈ যোৱা তোলনৰ খোজ এটাৰ চিন ৰাখি শুকালত সাৱধানে খানি আনি থৈ দিয়ে আৰু সেইদিনা। প্ৰকাশ্যে তোলনক হাতত দা লৈ ওলাই যোৱা দেখি তেওঁৰ হত্যাকাণ্ড সমাধা কৰে । তাৰ পাচত খোজটো আনি গাত খানি মিনাইৰ চোতালত বহুৱাই থয় । তোলনে নিজে হত্যা কৰি ধৰা দিবৰ মনেৰে এনেকৈ নিজৰ খোজ যে চোতালত পুতি থৈ যোৱা নাই ই ধুৰুপ । । এই কাৰ্যায়েই প্ৰেমলতাৰ সহযোগিতাও সমৰ্থন কৰে । হত্যাকাৰীয়ে হত্যা কৰিবলৈ আহি চোতালত খোজ পোতা, গাতৰ মাটি অতৰাই পেলাই চিন মৰা, আৰু পানী দি চোতালৰ লগত খোজটো মিলোৱা ইমানবোৰ কাম আগতে কৰিবলৈ নিশ্চয় সাহ কৰা নাই । মোৰ বিশ্বাস হত্যাৰ পাচতহে এইবোৰ কৰিছে । প্ৰেমলতাৰ কথাৰ পৰা বুজা যায় তেওঁ দুৱাৰত শব্দ শুনি ওলাই আহিছিল। যদি সেয়ে হয় নিশ্চয় তেওঁ এইবোৰৰ অলপ নহয় অলপ গম পাইছে । তেওঁ পোন পটিয়ে সাহায্য নকৰিবও পাৰে , কিন্তু আওপাকে দি সাহায্য কৰিছে বুলি মোৰ দৃঢ় ধাৰণা । [ ৩৫ ] অষ্টম অধ্যায় ৩৫ পু, চা ।—হত্যাকাৰীৰ বিষয়ে আপোনাৰ ধাৰণা কি ? সুদৰ্শন !—বিশেষ একো ধাৰণা কৰিব পৰা নাই । কিন্তু এইটো ঠিক যে হত্যাকাৰীক সহজে ধৰা পেলোৱা টান । আৰু এটা কথা মোৰ মনত খেলাইছে যে প্ৰেমলতাই এই হত্যাৰ মূল । পু, চা ।—এটা কথা,—যিবোৰ প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি অপূৰ্ব্ব দাৰোগাই তোলনক দোষী সাব্যস্ত কৰিছে, সেইবোৰ প্ৰমাণৰ ওপৰতে আপুনি তাক নিৰ্দোষ বুলি সিদ্ধান্ত কৰিছে । হত্যাকাৰী ধৰা নপৰালৈকে কোনটো সিদ্ধান্ত ঠিক বুজা নাযায় । সুদৰ্শন। —হত্যাকাৰীক উলিয়াবলৈ বৰ বেচি দিন নালাগিব, কিন্তু আদালতৰ প্ৰয়োজনীয় সাক্ষী-প্ৰমাণ সংগ্ৰহ কৰিবলৈ বহুত দিন লাগিব পাৰে । হয়তো প্ৰমাণ সংগ্ৰহ কৰা সম্ভব নহ’বও পাৰে । তেতিয়া হ’লে হত্যাকাৰীক উলিয়াব পাৰিলেও গ্ৰেপ্তাৰ কৰাৰ পৰা লাভ নহয় । পু, চা ।—যিমান দিনেই লাগক দোষীক ধৰি দণ্ড দিব পৰাটোতেই আমাৰ কৃতিত্ব সুদৰ্শন। —কালিৰ পৰা মই সেই বিষয়ে অনুসন্ধানত লাগিম আৰু দোষীৰ সম্পৰ্কে এটা নিশ্চিত পন্থা অবলম্বন কৰিব নোৱৰালৈকে অপোনাক দেখা নকৰোঁ । এইদৰে কৈ সুদৰ্শন বিদায় ল’লে। পুলিচ চাহাবে সুদৰ্শনৰ অনুসন্ধানৰ প্ৰণালীৰ কথাকে ভাবিবলৈ ধৰিলে । [ ৩৬ ] নবম অধ্যায় নাহৰবাৰীত এখন ছোৱালীৰ প্ৰাইমাৰী স্কুল পতা আজি এঘাৰ বছৰ হৈছে । প্ৰথমতে শ্ৰীমতী প্ৰেমলতাই ইয়াৰ শিক্ষয়িত্ৰী আছিল । এতিয়া কেহোৰাম বুলি বয়সিয়াল পণ্ডিত এজনেই প্ৰায় দহ বছৰ চলাই আহিছে । ওপৰত কোৱা ঘটনাৰ পিচদিনা আবেলি স্কুল ছুটী হৈছে ছোৱালীবিলাক ঘৰাঘৰি যাবলৈ ওলাইছে । পণ্ডিতো ঘৰলৈ যাবলৈ সাজু হৈছে ! এনেতে এজন মানুহ চাইকেলেৰে আহি স্কুলৰ সন্মুখ পালে । আলিৰ দাতিতে স্কুল। তেওঁ তাতে নামি ভিতৰলৈ সোমাই গ’ল । মানুহজন হৃষ্ট-পুষ্ট, ডাঢ়িয়ে গোঁফে ভোবোকাৰ। মূৰত মথুৰা-পাগ, কালত ধুতী, গাত চোলা, ভৰিত জোতা অাৰু কান্ধত এখন জোলোঙা । মানুহজনক দেখি পণ্ডিতে কি লাগে সুধিলে। তেওঁ ক’লে, —“মই পেন্সিল, চিয়াহী আদিৰ কাৰবাৰ কৰোঁ । গাৱালীয়া ঠাইত দোকানীহঁতে এইবোৰ বস্তুৰ বৰ দাম লয় । সেই দেখি মই বহুতো স্কুলত এইবোৰ বস্তু যোগাওঁ । তাৰপৰা মোৰো দুপইচা আয় হয়, পণ্ডিতৰো কিছু লাভ হয় আৰু লৰা-ছোৱালী

ইহঁতৰো খৰচ কমে । আপোনাক কিবা লাগে বুলি সোমালোঁ । [ ৩৭ ]

কেহোৱে তেওঁৰ বস্তু চাব খুজিলে। বেপাৰীজনে এবিধ এবিধকৈ উলিয়াই দেখুৱালে। কেহোৱে সকলোবোৰ চাই চিতি সুধিলে ,—“আপুনি এই কাঠ পেন্সিল কেনেকৈ দিব পাৰিব। ”
বেপাৰী।—আপুনি বাৰু ঠিক এনে পেন্সিল কেনেকৈ কিনে ?
কেহো।—গাৱৰ দোকানত ডালে দু অনা, জিলাত ছপইচাকৈ পায়। আপুনি কিমানত দিব পাৰে ?
বেপাৰী।— আপুনি কিমান ল’ব খোজে ? এডাল-দুডাল হ’লে বজাৰ দৰমতেই হ’ব। ডজনহিচাপে ল’লে কম পাৰিব।
কেহো।—কিমান ?
বেপাৰী।—ডজনত বাৰ অনা।
কেহো। —মাটি পেন্সিল একা ?
বেপাৰী।—ইয়াৰো বাকচত বাৰ অনা।.
কেহো।—অাৰু চিয়াহী ?
বেপাৰী।—বজাৰত এই চিয়াহী গোটে পইচাকৈ বিক্ৰী হয়, সেই মতে এক গ্ৰোচত দুটকা চাৰি অনা হয়। মই পাঁচ মহাত দিব পাৰোঁ।
পণ্ডিতে তেতিয়া মাটি পেন্সিল চাৰি বাকচ, কাঠ পেন্সিল চাৰি ডজন, আৰু চিয়াহী চাৰি টেমা ল’ব খুজি ক’লে,-“এতিয়া। মোৰ হাতত পইচা নাই। মোৰ ঘৰ ওচৰতে। যদি অনুগ্ৰহ কৰি এই দুখোজ যায় তেন্তে ল’ব পাৰোঁ।”

[ ৩৮ ]

বেপাৰী পণ্ডিতৰ প্ৰস্তাবত সম্মত হ’ল ।
তেতিয়া দুয়ো পণ্ডিতৰ ঘৰলৈ গ’ল । পণ্ডিতে বেপাৰীক বহিবলৈ কৈ তামোল-ছালি খাবলৈ দিলে আৰু বস্তুকেইটা কিনি ল’লে ।
প্ৰায়ভাগ পণ্ডিতেই এইবোৰ বস্তু আৰু লগতে কাগজ কিতাপ আদিৰ কাৰবাৰ কৰে ; কেহো পণ্ডিতেও কৰে । নকৰিলে নো অকল লোকেল বোৰ্ডৰ তিনি-চাৰি মাহৰ মূৰত পোৱা বাৰ টকা দৰমহাৰে তৰে কেনেকৈ ! কেহো পণ্ডিতে দেখিলে এওঁৰ বস্তুৰ দাম বজাৰতকৈ বহুত শাস্তা, সেই কাৰণে এওঁৰ লগত অলপ খাতিৰ ৰখা ভাল। ইয়াকে ভাবি বেপাৰীক এটোপা চাহ খাই যাবলৈ ক’লে ।
চাহ-পানী আহে মানে তেওঁলোকে কথা-বতৰা পাতি সময় কটাবলৈ ধৰিলে । বেপাৰীয়ে ক’লে ,—“আজি-কালি বহুতো ছোৱালীয়ে শিক্ষা পাইছে । তথাপি দেখোন ছেৱালীৰ স্কুলত এতিয়াও পুৰুষ শিক্ষক নহ’লে নচলা হৈয়েই অাছে । ইয়াৰ কাৰণ কি ? ছোৱালীৰ স্কুলত শিক্ষয়িত্ৰী ৰখা ভাল। নহয় জানো ?”
পণ্ডিত ।—জানো হয় নে নহয় ! এইখন স্কুলতে প্ৰথমতে প্ৰেমলতা নামে শিক্ষয়িত্ৰী এগৰাকীয়েই আছিল, পিচত হে মোক আনিছে ।
বেপাৰী !—কিয় ?

[ ৩৯ ] পণ্ডিত ।—কি নো ক’ম সেইবোৰ কেলেঙ্কাৰীৰ কথা । শিক্ষয়িত্ৰী গৰাকী আমাৰ গাৱৰে ছোৱালী, ছাত্ৰবৃত্তিলৈকে পঢ়া । নগৰত থাকি পঢ়িছিল, পিচে পৰীক্ষা নিদিয়াকৈ গুচি আহিল । গাৱৰ ৰাইজে ভাবিলে বোলে গাৱতে এজনী শিক্ষিতা ছোৱালী এনেয়ে বহি আছে যেতিয়া এখন ছোৱালীৰ স্কুলকে পাতি দিয়া যাওক । সেইমতেই ঘৰটো সাজি স্কুল অাৰম্ভ কৰিলে । এখন মেনেজিং কমিটিও পতা হ’ল । কমিটিয়ে প্ৰেমলতাকে শিক্ষয়িত্ৰী নিযুক্ত কৰিলে । অলপ দিন চলাৰ পাচত লোকেল-বোৰ্ডে স্কুলখন মঞ্জৰ কৰি বোৰ্ডৰ অধীনলৈ নিলে । প্ৰেমলতাৰ স্বভাৱ বৰ ভাল নহয় বুলি মেনেজিং কমিটিয়ে জানিছিল । তথাপি ওচৰত তেনে শিক্ষিতা ছোৱালী নথকাত, অাৰু দায়িত্ব পালে ভাল হোৱাৰ অাশাত তেওঁ লোকে তেওঁকেই নিয়োগ কৰিলে । পিচে মিছা হ’ল ; তেওঁৰ চৰিত্ৰ সংশোধন হোৱা দূৰত থাকক, দিনে দিনে বেচিকৈহে বেয়া হ’বলৈ ধৰিলে । স্কুল চলি থাকেঁাতেও তালৈকে তেওঁৰ বন্ধু বান্ধবৰ সমাগম হ’বলৈ ধৰিলে ।

বেপাৰী । কমিটিয়ে এইবোৰ দেখি শুনি মনে মনে থাকিল নে ? পণ্ডিত । কমিটিয়ে তেওঁক কেইবাবাৰো সতৰ্ক কৰি দিছিল, কিন্তু খেদাবৰ কাৰবাৰ কৰা নাছিল । বেপাৰী । কিয় ? পণ্ডিত । তেওঁক বোৰ্ডে নিযুক্ত কৰা নাছিল, কমিটিয়েহে [ ৪০ ] কৰিছিল। ডেপুটিয়ে কমিটিৰ কাৰ্য্যকে অনুমোদন কৰিছিল মাত্ৰ । এতিয়া অভিযোগ কৰিলে কমিটিয়েই লাজত পৰিব লাগে । সেই কাৰণে বহুত দিনলৈকে তেওঁলোক মনে মনে অাছিল । বেপাৰী । পিচত কি হ’ল । পণ্ডিত । প্ৰেমলতাৰ চৰিত্ৰৰ কথা যেতিয়া জনাজাত হৈ পৰিল, তেতিয়া ৰাইজে দেখিলে যে এই শিক্ষয়িত্ৰী থাকিলে গোটেই গাৱঁৰ ছোৱালী নষ্ট হ’ব । তেতিয়া তেওঁলোকে সেই শিক্ষয়িত্ৰীক নাতৰালে ছোৱালী স্কুললৈ নপঠিয়াওঁ বুলি মেনেজিং কমিটি, ডেপুটি ইন্সপেক্টৰ আৰু ছেয়াৰমেনলৈ আবেদন কৰিলে । কমিটিয়েও এতিয়া আন উপায় নেদেখি তেওঁক ওচাই এজন বয়সিয়াল শিক্ষক দিবলৈ ডেপুটি আৰু ছয়াৰমেনলৈ প্ৰস্তাব দিলে । প্ৰস্তাব পাই তেওঁলোক দুয়ো ইয়ালৈকে আহিল আৰু সকলো অভিযোগ সাঁচা বুলি প্ৰমাণ পাই তেওঁক “ডিচমিচ’ কৰিলে। ডেপুটিয়ে অনুসন্ধান কৰি এইটোও জানি আহিছিল যে প্ৰেমলতাই ছাত্ৰবৃত্তি পৰীক্ষা নিদিয়াকৈ এনেয়ে গুচি অহা নাছিল, জঘন্য চৰিত্ৰৰ বাবে খেদা খাইহে আহিছিল । স্কুলৰ চাৰ্টিফিকেটখনো নিবিচৰাকৈ এনে এজনী ছোৱালীক নিযুক্ত কৰাৰ বাবে তেওঁ মেনেজিং কমিটিকেই দোষ দিলে । বেপাৰী । তাৰ পাচতেই বোধ কৰোঁ আপোনাক আনিলে ? [ ৪১ ] নবম অধ্যায় পণ্ডিত । হয় । ওচৰৰ কোনো গাৱঁত শিক্ষয়িত্ৰী পাতিব পৰা কোনো ছোৱালী বা বয়সিয়াল তিৰুতা নাছিল । সেই দেখি এজন বয়সিয়াল শিক্ষক নিযুক্ত কৰিবলৈকে সকলোৱে সিদ্ধান্ত কৰিলে । মোৰ ঘৰ এইখনেই, কিন্তু মোৰ চাকৰি আছিল ইয়াৰ পৰা পাঁচ মাইল দূৰৈত থকা এখন লৰাৰ স্কুলত । এতিয়া সকলো ৰাইজে মোকে আনিবলৈ অনুৰোধ কৰাত ডেপুটি ইন্সপেক্টৰ সন্মত হ’ল অাৰু মোক বদলি কৰিলে । তেতিয়াৰে পৰা দহ বছৰ হ’ল , ময়েই এই স্কুল চলাই অাছো । বেপাৰী । পিচে শিক্ষয়িত্ৰী গৰাকীৰ কি হ’ল ? পণ্ডিত । কি না হ’ব । তেওঁৰ সুখ্যাতি চাৰিওফালে ইমান বেচিকৈ প্ৰচাৰ হ’ল যে তেওঁক বিয়া কৰাবলৈ কোনো নোলাল । ইফালে তেওঁৰ ঘৰখন নানা ঠাইৰ নানা মানুহৰ আডিডা হৈ পৰিল । তাতে বাপেক বাগিচাৰ মহৰী, বাগিচাতে থাকে ; কেতিয়াবাহে মাহেকে-পষেকে ঘৰলৈ আহে । ভায়েক ভনীয়েকহঁত সৰু । মাকে জীয়েকৰ যশস্যা কৈয়েই অন্ত নাপায় । মুঠতে তেওঁৰ পৰাই গাওঁখনো গুচিল । বেপাৰী। এতিয়াও তেওঁ তেন্তে আবিয়ৈ হৈয়েই আছে ? পণ্ডিত । নাই । দুবছৰমান আগতে শ্যামচাদ ছাহা নামে এটা মানুহে তেওঁৰ ঘৰ লয় । ছাহাৰ এখন দোকান আছে । ক’ৰবাৰ খাবলৈ নোপোৱা বঙাল, ইয়াত ঠাই লৈ আজি দহ বছৰ মানতে মস্ত সদাগৰ হৈ পৰিল । [ ৪২ ] হত্যাকাৰী কোন ? বেপাৰী । সেই যে হালধিবাৰীৰ ট্ৰাঙ্ক ৰোডৰ ওপৰতে দোকানখন আছে তেৱেই নহয় নে ? পণ্ডিত । হয়, তেৱেঁই । তেওঁ ঘৰ লোৱাৰ পৰা প্ৰেমলতাৰ ঘৰলৈ অান মানুহৰ আহ-যাহ কমি আহিল । যোৱা বছৰত মানুহে তলে তলে কোৱাকুই কৰা শুনিলোঁ বোলে প্ৰেমলতাৰ গাত আসোঁৱাহ । তাৰ অলপ দিনৰ পাচতে ঘপহ কৰে মিনাই বুলি লিখা-পঢ়া নজনা বুঢ়া মানুহ এটাৰ লগত তেওঁৰ বিয়া হৈ গ’ল । শ্যামৰ্চাদেই এই বিয়া পতাৰ গুৰি । বিয়াৰ খৰচ-পাতি সকলো তেওঁৰেই । এতিয়া শুনিছে। মিনাইক কোনোবাই কাটিলে । তোলন কোচ বুলি মানুহ এটাক হেনো পুলিচে ধৰি নিছে। কথাটো হ’লে আমাৰ কাণত সোমোৱা নাই । বেপাৰী ! আপোনালোকে নো কি বুলি ভাবে ? পণ্ডিত । আমাৰ বোধেৰে বিয়া অাৰু হত্যা দুয়োটাৰে মূল কাৰণ একে। বিয়াখন যেনে আচৰিত ঘটনা, এই হত্যাও তেনে আচৰিত । এই দুয়োটা ঘটনাৰ লগত নিশ্চয় কিবা এটা ৰহস্য সোমাই আছে । বেপাৰী । কেনে ধৰণৰ ? পণ্ডিত । সেইটো কেনেকৈ কওঁ । কিন্তু কিবা এটা আছে বুলি অনুমান হয় । বেপাৰী ।—এৰা, আমাৰ সেইবোৰ ভাবিবৰ প্ৰয়োজন নাই । সেইবোৰ হৈছে পুলিচৰ কাম । পুলিচে ৰহস্য ভেদ কৰি থাকক ; আমি মনে মনে থকাই ভাল । [ ৪৩ ] নবম অধ্যায় 8৩ পণ্ডিত ।—পিচে এটা কথা,—চোৰেই হওক বা হত্যা কাৰীয়েই হওক গৃহস্থই ধৰি নিদিলে পুলিচে জানো উলিয়াব পাৰে ! বহুত সময়তে দেখিছো দোষী সাৰি যায়, নিৰ্দ্দোষে শাস্তি পায় । বেপাৰী ।—কথাটে মিছা নহয়, কিন্তু পুলিচকেই বা দোষ দিব কি ! সাক্ষী প্ৰমাণৰ ওপৰত গোচৰ নিৰ্ভৰ কৰে । যদি সাক্ষী-বাদীৰ দ্বাৰা প্ৰমাণ হয়, তাকেই বা নহয় বোলা যায় কেনেকৈ ! পণ্ডিত ।—সাক্ষী প্ৰমাণ বহুত সময়ত ধনৰ বশীভূত । ধনৰ প্ৰভাব কিমানখিনি তাক বিচাৰি উলিওৱাও অনুসন্ধানৰ ভিতৰত পৰা উচিত । বেপাৰী ।—সেইটো হয় । পিচে আমাক নো আদাৰ বেপাৰীক জাহাজৰ খবৰ লাগিছে কেলেই ! দোষীয়ে শাস্তি পালে ভাল পাওঁ ; কিন্তু এই ক্ষেত্ৰত কোন দোষী, কোন নিৰ্দোষ জানিবৰ আমাৰ উপায় নাই । তেওঁলোকে কথা পাতি থাকোতেই চাহ আহিছিল আৰু । কথাৰ লগেলগে চাহ খোৱাও চলি আছিল এতিয়া চাহখোৱা৷ হ’লত তামোল-ছালি খাই বেপাৰীজনে বিদায় ল’লে। যাবৰ সময়ত ক’লে,—“আপোনাক বহুতো আমনি কৰিলোঁ, বেয়। নাপায় যেন ।” পণ্ডিত —ইয়াত বেয়া পাবলৈ কিটো আছে । মাহে মাহে আজিৰ সমানেই পেন্সিল চিয়াহী দিবলৈ নাপাহৰে যেন । [ ৪৪ ] হত্যাকাৰী কোন ? “নিশ্চয় নাপাহৰোঁ” বুলি বেপাৰীজন চাইকেলত উঠি নগৰমুৱা হ’ল । নগৰ পাই ঘৰত সোমোৱাৰ লগে লগে তেওঁৰ ডাঢ়ি-গোফ পাগ নোহোৱা হৈ গ’ল । কাপোৰ কানি, সলাই যেতিয়া তেওঁ বাহিৰ ওলাল, তেতিয়া দেখা গ’ল তেওঁ বেপাৰী নহয়, সুদৰ্শন বৰবৰা । [ ৪৫ ] দশম অধ্যায় এদিন আবেলি শ্যামচাদ অাৰু ওচৰৰে নৰেশ্বৰ দোকানৰ বাৰাণ্ডাত বহি কথা পাতি আছিল । কথাৰ বিষয় আছিল মিনাইৰ হত্যাৰ বিষয়ে । নৰেশ্বৰে ক’লে,—“পুলিচ দেখোন এতিয়াও মাজে মাজে ইয়াত ঘূৰি ফুৰে । আকোঁ কিবা হৈছে নে কি ?” শ্যাম ।—নাই হোৱা । সেই মিনাইক মৰাৰ বিষয়েই তদন্ত বোলে শেষ হোৱা হোৱা নাই । নৰে ।— আৰু নো কি তদন্ত কৰে ! সাক্ষী- প্ৰমাণ লৈ দোষীক দেখোন ধৰি নিলেই । এতিয়া কি হয় শাস্তি দিলেই লেঠা মৰে দেখোন । শ্যাম ।—নহয় হে, পুলিচৰ কাম সিমান খৰধৰ নহয় । তেওঁলোকৰ ঘাই উদ্দেশ্য কাৰবাৰ পৰা কিবা সৰকাৰ পাৰে নে নোৱাৰে তাৰ অনুসন্ধান কৰা । পিচে সেইটো তেওঁলোকৰ মিছা চেষ্টা । তোলনৰ যি অৱস্থা তাৰে সি বা তাৰ সম্পৰ্কীয় মানুহে তেওঁলোকক সন্তুষ্ট কৰিব নোৱাৰে । নৰে ।— সেইটো ঠিক । তোলনৰ ঘৰত বিচাৰিলে ৰূপ একুৰিও ওলাব বুলি মনে নধৰে । ঘৈনীয়েকজনী কাজী [ ৪৬ ] 8 ৬ হত্যাকাৰী কোন ? নোহোৱা হ’লে সি ধাৰতে পোত গ’লহেতেন । তাই যেনিবা৷ অধি-কটন কাটি দুই-এখন কাপোৰ বেচি দুপইচা উলিয়াই দেখি কোনোমতে চলি আছে । পিচে এটা কথা,—তোলনৰ লগত মিনাইৰ ঘৈনীয়েকৰো যোগ আছে যেন লাগে । শ্যাম ।—সেইটো তোমাৰ ভুল । তাই যেনেকুৱাই হওক নিজৰ গিৰিয়েকক তেনেকৈ মাৰিবলৈ এৰি দিব নোৱাৰে । মই তেনে কথা বিশ্বাস নকৰোঁ । তুমি আগ গুৰি নজনাকৈ এনে কথা কোৱাই অনুচিত । নৰে ।—কোৱা অৱশ্যে উচিত নহয় । কিন্তু মিনাই অাৰু প্ৰেমলতাৰ মাজত যে এখন ডাঙৰ-কাজিয়া আছিল সি একে বাৰেই সাঁচা । এমাহমানৰ আগতে মিনায়ে প্ৰেমলতাক খুটাত বান্ধি মৰিওৱাৰ কথা সকলোৱেই জানে । সেই দিনাৰ পৰাই মিনাই বাহিৰলৈ নোলোৱা হ’ল; বৰঘৰতো নোসোমোৱা হ’ল, ঘৈনীয়েকৰ হাতে খোৱা-লোৱাও নকৰা হ’ল । মাৰলতে থাকে তাতে জুহালতে কেতিয়াবা এমুঠি সিজাই খায়, কেতিয়াবা একো নাখায়। এইবোৰ আমি ভালকৈ জনা কথা । এই মাহতে প্ৰেমলতাৰে৷ হাড়ছাল ওলাই গৈছে, তেওঁ বোধ কৰে। নিশ্চিন্ত মনে এঘুমটি শুবও পৰা নাই । শ্যাম ।— হ’ব পাৰে । আগতে যদিও মই মাজে-সময়ে মিনাইৰ ঘৰলৈ গৈছিলোঁ আজি কালি যাবলৈ এৰি দিছো । সি ঘৰৰ পৰা নোলোৱা দেখি তাৰ কিবা মূৰৰ বিকাৰ হৈছে বুলি ভাবিছিলোঁ । অানবোৰ কথাৰ মই গমকে পোৱা নাই । [ ৪৭ ] দশম অধ্যায় নৰে ।—এতিয়া অামাৰ বিশ্বাস, প্ৰেমলতাই মিনাইক মৰাত সাহায্য নকৰিৰ পাৰে, কিন্তু তেওঁ জানে আৰু জানিও বাধা। দিয়া নাই । শ্যাম ।—কাৰ মনৰ কথা কি, আমিনো কেনেকৈ কওঁ । এইবোৰ আলচ নকৰাই ভাল। আকৌ লাগিলে তুমিও সাক্ষী হ’বগৈহে লাগিব । তেওঁলোকে কথা আৰম্ভ কৰোঁতেই এজন নতুন মানুহ দোকানত সোমাইছিল । আলিৰ কাষৰ দোকান, কত বাটে যোৱা মানুহে আন নহলেও বিড়ি-দিয়াচলাই কিনিবলৈ সোমায় তাৰ কি লেখ আছে! মানুহজন ডেকা, মূৰত সেওঁতা ফল৷ , ডাঢ়ি খুৰোৱা, গোফ নাকৰ তলতে দুই-আঙুলমান হ’ব । চকুত বিতচকু, কঁকালত ধুতী, গাত পাঞ্জাবী আৰু ভৰিত এজোৰ ৰাবৰৰ জোত৷ । দোকানীটো তেতিয়া কেইজনমান মানুহক বস্তু দিয়াত ব্যস্ত আছিল । মানুহজনে একো নকৈ দুৱাৰৰ কাষতে থিয় হৈ আছিল । বস্তু দি আজৰি হ’লত দোকানীয়ে তেওঁক কি লাগে সুধিলে । মানুহজনে ক’লে ,—“মোক অান একো নালাগে, এবাৰ মহাজনক লগ পাব খোজে ।” দোকানীয়ে তেতিয়া শ্যামচাদক আঙ্গুলীয়াই দেখুৱালে। মানুহজন ওলাই আহিল আৰু শ্যামচাদক নমস্কাৰ জনালে শ্যামচাদে সুধিলে,—“কি লাগে ? [ ৪৮ ] হত্যাকাৰী কোন ? মানুহজনে বঙলা ভাষাত উত্তৰ দিলে —“আপোনাৰ লগ পাব লাগে ।” শ্যাম !—কিয় ? মানুহ ।—মোৰ ঘৰ পাবনাত, নাম বিজয়কুমাৰ সেন । মেটিকলৈকে পঢ়িছিলোঁ । পচে ঘৰুৱা জঞ্জালৰ কাৰণে স্কুল এৰি পোন্ধৰ টকা দৰমহাত এখন দোকানত চাকৰি কৰিব লগাত পৰিলোঁ । কিছু দিন তাত থকাৰ পাচত পঁচিশ টকা দৰমহা পাই আন এখন দোকানলৈ গ’লোঁ । তাতো পাচ বছৰ কাম কৰিলোঁ । । দৰমহা ও ত্ৰিশ টকালৈকে বাঢ়িছিল । তাৰেই যেনে তেনে চলি আছিলোঁ । শ্যাম ।—তেন্তে গুচি আহিল৷ কিয় ? বিজয় ।—মোৰ এজন ওচৰ-চুবুৰীয়া বন্ধু আছিল , একে লগেই পঢ়িছিলোঁ । স্কুল এৰি মই দোকানত সোমালোঁ, তেওঁ আসামলৈ আহিল । ইয়াত ক’ৰবাত চাহ বাগিচাত চাকৰি কৰি তেওঁ বহুত ধন ঘটিলে । আগেয়ে তেওঁৰ অৱস্থা মোতকৈও বেয়া অাছিল, কিন্তু এতিয়া বহুততকৈ ভাল । এমাহমান আগতে তেওঁ ঘৰলৈ গৈছিল । তেওঁৰ পৰা অসামৰ বিষয়ে বহুতো কথা শুনি মোৰো ইয়ালৈ আহিবৰ মন গ’ল । তেওঁৰ কথাৰ পৰা মই বুজিছিলোঁ। অসমখন চাহ বাগিচাৰেই ভৰা আৰু ইয়ালৈ আহিলেই চাকৰি পোৱা যায়। সেই কাৰণে দোকানৰ চাকৰি এৰি দি অসমত চাকৰি বিচাৰি আহিলোঁ । কিন্তু ইয়ালৈ আহি বুজিলোঁ। মোৰ ধাৰণাই ভুল । [ ৪৯ ] দশম অধ্যায় এতিয়ালৈকে বহুত ঠাইত ঘূৰিলোঁ, কিন্তু কোনো চাকৰিকে যোগাৰ কৰিব নোৱাৰিলোঁ । এতিয়া ঘৰলৈ ঘূৰি যাবলৈকো হাতত ধন নাই । মই দোকানৰ কাম জানো । আপোনাৰ দোকানতে কিবা এটা চাকৰি পাম বুলি আশা কৰি আহিলোঁ । ময়ে। বঙালী, আপুনি ও বঙালী । বঙালীয়ে বঙালীৰ মুখলৈ নাচালে আৰু কোনে চাব ! শ্যাম ।—তুমি দোকানৰ সকলো হিচাপ-কিতাপ ভালকৈ ৰাখিব পাৰিবা ? বিজয় ।—পৰাত পাৰিম, কিন্তু এটা কথা—মই দুখন দোকানত কাম কৰি দেখিছো সকলো দোকানতে একেদৰে হিচােপ ৰখা নহয়। তাৰ উপৰি আচল হিচাপ আৰু ইন্‌কাম টেক্স অফিচাৰক দেখুৱাবলৈ ৰখা হিচাপতো প্ৰভেদ থাকে । আপোনাৰ দোকানত কেনে ভাবে ৰখা হয় নাজানো, কিন্তু পুৰণি খাতা-পত্ৰবোৰ চাই ল’বলৈ পালে এসপ্তাহৰ ভিতৰতে আপোনাৰ মনোমতকৈ হিচােপ ৰাখিব পাৰিম বুলি ডাঠি ক’ব পাৰোঁ । শ্যাম ।—দৰমহা কিমান লাগিব ? বিজয় ।— সেইটো এতিয়া ক’ব নোৱাৰে”। । ময়ো কাম খিনি বুজিব লাগিব আৰু আপুনিও মোৰ যোগ্যতা চাব লাগিব ; তেতিয়াহে দৰমহাৰ বন্দবস্ত হ’ব পাৰিব । সেই কাৰণে মই কওঁ মোক এমাহ কাম কৰিবলৈ দিয়ক । এই মাহত অকল খোৰাকীটো পালেই হ’ব । যদি মোৰ কামত [ ৫০ ] হত্যাকাৰী কোন ? আপুনি সন্তুষ্ট হয়, তেন্তে অহা মাহৰ পৰা দৰমহাৰ নিৰিখ ঠিক কৰি ল’ম । শ্যাম ।—মোৰ ঠাকুৰ আছে। ইচ্ছা কৰিলে এই মাহ মোৰ লগতে খাব পাৰিব। । বিজয় ।—মোৰ তাত কোনো আপত্তি নাই । শ্যাম —তোমাৰ কাপোৰ-কানি ? বজয় ।—মই বাচত আহিছিলে 1 । আপোনাৰ দোকান কোনখিনিতে নজনাৰ বাবে গাওঁখনৰ মূৰতে নানিলোঁ । । সেইখিনিতে এখন সৰু দোকান আছে । তাতে খা-খবৰ লৈ আপোনাৰ দোকান বিচাৰি অাহিলোঁ । । কাপোৰ-কানি তাতে আছে, এতিয়া লৈ আহেঁ । । শ্যাম ।—তুমি নিজে কেনেকৈ আনিব। ! মোৰ চাকৰ এটা । লৈ যোৱা । শ্যামচাদে চাকৰ এটাক মাতি বিজয়ৰ লগত যাবলৈ ক’লে । বিজয়ে তাক লৈ গৈ অলপ সময়ৰ ভিতৰতে বিছনাখন আৰু চুট কোঁচটো লৈ ঘূৰি আহিল । [ ৫১ ] একাদশ অধ্যায় বিজয় কুমাৰে চাকৰি পাই দোকানতে থাকিবলৈ ল’লে । দোকানৰ ভিতৰ ফালৰ ঘৰ এটাত দোকানৰ কৰ্ম্মচাৰী কেইজন মান থাকে । বজয়কো তাৰে এটা খোটালী দিয়া হ’ল । সেই দিনা ৰাতি খাই-বৈ উঠি যেতিয়া সকলো শুলে, তেওঁ নোট বুক এখন উলিয়াই তাত কিছুমান কথা টুকি ৰাখিলে । যেতিয়া সকলো নিজঞ্জাল হ’ল তেৱোঁ শুই থাকিল । পিচ দিনাৰ পৰা তেওঁৰ কাম আৰম্ভ হ’ল । মৰাপাট আৰু ধানৰ জোখ কৰাই গুদামত ৰখা আৰু তেনেকৈয়ে গাড়ীত বোজাই দিয়াই নগৰলৈ পঠোৱাই তেওঁৰ প্ৰধান কাম হ’ল । বস্তুৰ জোখ অাৰু দামৰ হিচাপ ৰখা ও তেওঁৰ কামৰ ভিতৰত । কানিৰ হিচােপ শ্যামাচঁাদ অাৰু তেওঁৰ ভতিজাকেই ৰাখে । ভতিজাকেই বিক্ৰীদাৰো । এই কাৰবাৰৰ লগত বিজয়ৰ কোনো সম্পৰ্ক নাই । তেল-নিমখ আদি বেচি বেপাৰীটোৱেই ৰাতি টকা জমা দি যায় ; কেতিয়াব। কাৰবাক কালিয়নে দিলেহে বহীত লিখে । দোকানলৈ আনোতে মাথোন বিজয়ে হিচােপ ল’ব অাৰু ৰাখিব লাগে । [ ৫২ ] হত্যাকাৰী কোন ? দিনেী এইখিনি কাম কাৰ বিজয়ে পুৰণি খাতাবোৰ চায় আৰু কেতিয়াবা কেতিয়াবা কিবাকিবি নোট বুকত টুকি লয়। এনেকৈ এসপ্তাহ মানতে তেওঁ আটাই কেই বছৰৰ খাতা চাই শেষ কৰিলে । তাৰ পাচত এদিন শ্যামচাদক ক’লে, “আপোনাৰ সকলো খাতা চাই কেনেকৈ হিচাব ৰাখিব লাগে বুজিলোঁ, কিন্তু এটা কাম মোৰ মনোমত হোৱা নাই ।” শ্যাম ।—কি ? বিজয় ।—এই চাউল-ডাইল আদিৰ দোকানৰ হিচাপ নিয়মমতে ৰখা হোৱা নাই । এইবোৰ বস্তু অনাৰ হিচােপ আছে, দৈনিক যিমান টকা পোৱা যায় তাৰো হিচােপ আছে, কিন্তু দিনো কোনটো বস্তু কিমান বিক্ৰী হল তাৰ বিতং হিচােপ একো নাই । মাজে মাজে ষ্টক লোৱাৰো কোনো ব্যৱস্থা। নাই । বিক্ৰীদাৰ দিনেী ঘৰৰ পৰা আহে । যাওঁতে যদি দুই-এটকা লৈ যায়, নাইবা কিবা বস্তুকে ইফাল-সিফাল কৰে আপুনি কেনেকৈ জানিব ! পহিলা ব’হাগৰ পৰা আজিলৈকে ষ্টক লোৱা নাই । মোৰ মতে পাৰিলে সপ্তাহে সপ্তাহে নোৱাৰিলে মাহে মাহে মজুত বস্তুৰ হিচাপ লোৱা ভাল । তেতিয়া হ’লে কিবা বস্তু হেৰাইছে নে নাই ধৰিব পাৰি । শ্যামচাদে ভাবিলে কথাটো ঠিক । সাঁচাকৈয়ে কৰ্ম্মচাৰীজন বৰ হুচিয়াৰ । তেওঁ বিজয়ক ক’লে—“তোমাৰ কথা বৰ সাৰুৱা । এতিয়াৰ পৰা পোন্ধৰ দিনে পোন্ধৰ দিনে মজুত বস্তুৰ হিচােপ ল’বা৷ । কালিলৈকে এবাৰ লোৱা । । [ ৫৩ ] একাদশ অধ্যায় পিচ দিন৷ ষ্টক লোৱাত প্ৰায় এশ টকা মূল্যৰ বস্তু নোলাল । বিজয়ে ক’লে,—“আজি চাৰি পাঁচ মাহ ষ্টক লোৱা৷ নাই । দৈনিক বিক্ৰীৰ হিচােপ নৰখাত কিহত কিমান লোক চান হৈছে, তাকো একেবাৰেই সঠিককৈ ক’ব নোৱাৰি । তদুপৰি গুদামত যাওঁতে আৰু নিগনি ইন্দুৰৰ উপদ্ৰৱতো কিছুমান লোকচান হোৱাৰ সম্ভব । সেই কাৰণে আগেয়ে যি হৈ গ’ল গ’ল, এতিয়াৰ পৰা এপইচাৰ জলকীয়া বেচিলেও হিচােপ ৰখাৰ নিয়ম কৰক আৰু পষেকত এবাৰকৈ ষ্টক লোৱা হওক । তেতিয়া মহাজন, দোকানী কোনেও কাকো অবিশ্বাস কৰিবলৈ বাট নাথাকিব ।” শ্যামৰ্চাদে বিজয়ৰ নিৰ্দেশমতে চলিবলৈ বিক্ৰীদাৰক আদেশ দিলে । বজয়ৰ ওপৰত দিনে দিনে তেওঁৰ আস্থা বাঢ়ি আহিল । বিজয় বৰ শহাকণীয়া, ৰাতি ক’ৰবাত খিটিং কৰিলেই তেওঁ সাৰ পায়, আৰু কোনো সঁহাৰি নলগোৱাকৈ খিৰিকিয়ে দি বাহিৰলৈ লক্ষ্য কৰে । এদিন ৰাতি কোনোবাই শ্যামচাদৰ শোৱনী ঘৰৰ দুৱাৰত তিনটা টোকৰ মাৰিলে । টোকৰকেইটা বিজয়ৰ কাণত পৰিল । তেওঁ খিৰিকিয়ে দি লক্ষ্য কৰিলে । অলপ পাচতে দুৱাৰখন মেল খালে অাৰু এটা মানুহ ভিতৰলৈ সোমাই গ’ল । মানুহটো সোমালতে দুৱাৰ বন্ধ হ’ল । তাকে দেখি বিজয়ো বাহিৰ ওলাল, অাৰু হাতত সাৰে ভৰিত সাৰে [ ৫৪ ] ৫৪ হত্যাকাৰী কোন ? গৈ খোটালীটোৰ একাষে খিৰিকিত কাণ দি থাকিল । এনেকৈ থাকোতেই এবাৰ শ্যামচাদে কোৱা শুনিলে,— “শুনিছা সভাৰাম, এনেকৈ বাকী নাৰাখিবা। । অহা বাৰলৈ নগদ দামৰ উপৰিও বাকী টকা শ আনিলেহে কানি পাবা৷ ” তাৰ পাচত মানুহজনে কোৱা শুনিলে —“আগেয়ে জানে। কেতিয়াবা বাকী ৰাখিছিলোঁ ! এইবাৰ লৰাটোৰ নৰিয়াত বহুত খৰচ হ’ল । সেইহে গোটাব নোৱাৰিলোঁ । অহাবাৰলৈ নিশ্চয় পাব ।” বিজয়ে আৰু বাট নাচালে । তেতিয়াই অাহি নিজৰ খোটালীত সোমাই খিৰকিয়ে দি জুমি থাকিল । অলপ পিচতেই মানুহজন ওলাই গ’ল । দুৱাৰ বন্ধ হ’ল । বিজয়ে জোনৰ পোহৰত যিমান দূৰ পাৰে মানুহটোৰ চেহেৰাটো চাই ল’লে আৰু নোট বুকত কিবাকিবি টুকি ৰাখিলে। [ ৫৫ ] দ্বাদশ অধ্যায় দুদিন পিচৰ কথা । তেতিয়া ৰাতি প্ৰায় এক বাজিছে , সকলো মানুহ শুই নিঃপালি দিছে । এনেতে শ্যামচাদ শোৱাৰ পৰা উঠি বাহিৰ ওলাল, দুৱাৰত বাহিৰৰ পৰা তলা লগালে । গ্যামচাদ ওলাই গৈ আলিবাট পালে । এনেতে বিজয়ো ঘৰৰ পৰা ওলাল আৰু গা দেখা নিদিয়াকৈ কাম ছয়াই কাম ছয়াই তেওঁৰ পিচ ল’লে । শ্যামাচাদে চাৰিও ফালে চাই-চিতি মিনাইৰ ঘৰলৈ সোমাই গ’ল আৰু দুৱাৰত টুকৰিয়াবলৈ ধৰিলে । অলপ পাচতে প্ৰেমলতা আহি দুৱাৰ মেলি দিলে আৰু শ্যামচাদ ভিতৰ সোমোৱাৰ লগে লগে বন্ধ কৰিলে । ভতৰত এটা সৰু চাকি ঢিমিক-ঢামাককৈ জ্বলি আছিল । তেওঁলোক দুয়ো বৰঘৰলৈ সোমাই গ’ল । বৰঘৰটোৰ খোটালী তিনটা, – পূবৰটোত ৰান্ধে , পশ্চিমটোত খায় । মাজৰটোত শোৱে । তাতে পেৰা-পেটাৰী আদিও থাকে । ঘৰটোৰ বাৰ গোবৰ মাটিৰে লিপা আছিল । পিচে বহুত দিন তাত হাত নিদিয়াত এতিয়া ঠায়ে ঠায়ে লেও এৰাই ইকৰা ওলাই পৰিছে। তেনেকুৱা এঠাইতে থিয় হৈ বিজয়কুমাৰে বাৰৰ জলঙাইদি ভিতৰলৈ লক্ষ্য কৰিবলৈ ধৰিলে । [ ৫৬ ] হত্যাকাৰী কোন ? প্ৰেললতা অাৰু শ্যামচাদ মাজৰ খোটালীলৈকে সোমাই গ’ল আৰু দুয়ো খাটৰ ওপৰতে বহিল । শ্যামচাদে প্ৰেমলতাৰ ডাঙিত সাবটি ধৰিলে । প্ৰেমলতাই হাতটো এৰুৱাই গহীন হৈ ক’লে,—“ক’তা ! টকা ক’তা ? শ্যাম ।— নাই । প্ৰেম।— িদম দিম বুলি তুমি সদায় ফাকি দি আছা । মই অাৰু বাট চাব নোৱাৰোঁ । শ্যাম ।—টকাৰে নো কি কৰিবা ! তোমাৰ খোৰাক পোচাক পাই থাকিলেই নহয় জানো ? প্ৰেম ।—নহয় । এতিয়া নহয় দুদিন খোৰাক-পাচাক দিলা, পিচত নিদিলে মই কি কৰিম ! শ্যাম ।—তুমি এতিয়াও মোক বিশ্বাস কৰিব পৰা নাই ? প্ৰেম ।— নাই । তুমি দোকানী মানুহ । কথাতে কয় বোলে “কতো নাই সচা কথা ধূৰ্ত্ত বেপাৰীৰ ।” শ্যাম । — বাৰু পাবা ; এজেহাৰ হে নালাগে তাতোকৈ বেচিকৈ পাব৷ । মুঠেই মোকৰ্দমাটোৰ কি হয় এটা হৈ যাওক । প্ৰেম ।---তেতিয়ালৈকে মই বাট চাব নোৱাৰোঁ । মোক অাজিয়েই লাগে । শ্যাম ।— যদি একেবাৰেই নিদিওঁ তেতিয়া কি কৰিবা ? প্ৰেম । —সঁচা কথা কৈ দিম । শ্যাম –তেতিয়া তুমিও মৰিবা । [ ৫৭ ] দ্বাদশ অধ্যায় ৫৭ প্ৰেম ।—মৰোঁ। যদি মৰিম । জীয়াই থাকিনো কিটো কৰিম ! শ্যাম ।—তুমি মৰিব পাৰিবা, মোক মাৰিব নোৱাৰা । প্ৰেম ।—দেখা যাব কোন ক’ত মৰে । শ্যাম।—কি দেখিবা ! গোলমাল কৰিলে তোমাৰো তোলনৰ লগত যোগ আছে বুলি প্ৰমাণ কৰি দিম । তেতিয়া তুমিয়েই মৰা পৰিবা । প্ৰেম । মৰোঁ মৰিম । তোমাৰ ব্যৱহাৰ অাৰু কাম কাজ দেখি সঁচাকৈয়ে মোৰ মৰিবৰেই মন গৈছে । কিন্তু মই অকলৈ নমৰোঁ, তোমাক মাৰিহে মৰিম । শ্যামাচঁাদ বিবৰ্ণ হ’ল । অলপ-বেলি নীৰৱে থাকি ক’লে — “তোমাৰ টকা দুই-এদিনৰ ভিতৰতে পাবা । কিন্তু এটা কথা , মোৰ চিঠিখন পঢ়িয়েই পুৰি পেলাবলৈ কৈছিলোঁ ; তুমিও পুৰিলোঁ বুলি কৈছিল৷ । কথাটো সঁচা নে মিছা ? ” প্ৰেম ।—মিছা । মই তাক এতিয়া ও পোৰা নাই । শ্যাম — এইটো তুমি বৰ বেয়া কাম কৰিছা । এতিয়াও আনা, তাক পুৰি পেলোৱা যাওক । প্ৰেম ।—টকা হেজাৰ নোপোৱালৈকে মই তাক পুৰিবলৈ নিদিওঁ । শ্যাম ।—মই নিজে বাকচ ভাঙি উলিয়াই নিম । প্ৰেম !—বাকচ ভাঙিলে নোপোৱা । [ ৫৮ ] হত্যাকাৰী কোন ? শ্যাম ।—তেন্তে ক’ত আছে ? তুমি সেইখন ৰাখি থোৱা অন্যায় হৈছে । পুলিচৰ হাতত পৰিলে কি হ’ব ভাবি চোৱাঁ । প্ৰেম !—মই নিজে নিদিলে পুলিচেও নাপায়, তুমি ও নোপোৱা । শ্যাম —সেইখন থৈ দিয়াৰ পৰা লাভ কি ? বৰং বিপদৰেই হে সম্ভাবনা । প্ৰেম ।—তুমি তোমাৰ কথামতে কাম নকৰিলে বিপদকে মাতিব লাগিব । শ্যাম ।—চোৱা প্ৰেম, যি হৈছে সকলো তোমাৰ ভালৰ নিমিত্তেই, নতুবা কিজানি ইমান দিনলৈ তুমি জীয়াই থাকিবলৈ নাপালাহেতেন । প্ৰেম —এনে ভাবে জীয়াই থকাতকৈ মৰা হ’লে কিজানি শান্তিকেই পালোঁহেতেন । শ্যাম । —মৰিবৰ মন গৈছে, মৰা, কিন্তু মোৰ চিঠিখন দিয়া । প্ৰেম।— নিদিওঁ বুলি কৈছো নহয় । শ্ৰাম —দিব’ই লাগিব । প্ৰেম।— নিদিওঁ । গোলমাল কৰিলে মই মানুহ মাতিম অাৰু সকলো কথা কৈ দিম । “বাৰু তাৰ ফল পাবা । তোমাকো মিনাইৰ লগলৈ পঠালে কি কৰিবা ? প্ৰমাণ হৈ যাব গিৰীয়েকৰ বেজাৰত আপোন ঘাতী হ’ল বুলি’ – এইদৰে কৈ শ্যামচাদ মিনাইৰ ঘৰৰ পৰা [ ৫৯ ] দ্বাদশ অধ্যায় ৫ ৯ = ভোঁ-ভোঁৱাই ওলাই আহিল । প্ৰেমলতা নিৰ্ব্বাক নিম্পন্দ হৈ পাটীতে বহি থাকিল । শ্যামচাদ ওলাই অহাৰ পাচত বিজয় লুকুৱা ঠাইৰ পৰা ওলাল অাৰু অতি সতৰ্কতাৰে নিজৰ খোটালীলৈ উলটিল । কিছু সময় পাটীত পৰি থকাৰ পিচত তেওঁ শোৱাৰ পৰা উঠি কেইওফালে গম-গতি ল’লে । তাৰ পাচত নোট বুকত কিবা কিবি টুকি থৈ আকোঁ পাটীত পৰিল । [ ৬০ ] ত্ৰয়োদশ অধ্যায় । পিচ দিনা পুৱা বিজয়ে শ্যামচাদক ক’লে,—“আজি দিনটোৰ কাৰণে মোক ছুটী লাগে । শ্যাম ।—কিয় ? বিজয় ।— আমাৰ গাৱৰ এজন মানুহে এই জিলাতে এখন মণিহাৰী দোকান দিয়ে । মই ঘৰত থাকেঁাতেই তেওঁ দেশলৈ গৈছিল। ভাদৰ প্ৰথম সপ্তাহতে ঘূৰি অহাৰ কথা আছিল । এতিয়া ভাদৰ এপষ গ’ল । তেওঁ আহিল নে নাই এবাৰ খবৰটো কৰি আঠো । আহিল যদি তেওঁৰ পৰা ঘৰৰ বাবাতৰি ল’ব পাৰিম । শ্যাম । — বাৰু যাব পাৰ, কিন্তু আজিয়েই ঘূৰি আহিবা । বিজয় । নিশ্চয় আহিম । তাত থাকিবলৈ মোৰ জানো ঘৰ এখন আছে ! পিচে আপোনাৰ চাইকেলখন দিলে সুবিধা হয় । নহ’লে বাচ নাপাওঁ যদি অহাত অসুবিধা হ’ব । শ্যামা । — বাৰু নিব পাৰা । [ ৬১ ] ত্ৰয়োদশ অধ্যায় বিজয় তেতিয়াই নগৰলৈ ওলাল আৰু নমান বজাত পুলিচ চাহাবৰ ঘৰ পালেগৈ । পুলিচ চাহাবে সুধিলে—“কি লাগে ?” বিজয় ।— অলপ গোপনীয় কথা আছে । “গোপনীয় কথা !” এই বুলি পুলিচ চাহাবে বিজয়ৰ মূৰৰ পৰা ভৰিলৈকে বিশেষ ভাবে লক্ষ্য কৰিবলৈ ধৰিলে। “আপুনি মোক চিনি পোৱা নাই ? ” এই বুলি বিজয়ে চকুৰ পৰা চমাজেৰি সোলোকালে । “পুলিচ চাহাবে হাহি হাঁহি ক’লে,”—অ’ বৰবৰা। । আপুনি তো কম নহয় । মোৰ চকুতেই ধূলি দিছিল । পিচে খবৰ কি ?” বিজয় ।—খবৰ ভাল । এতিয়া মই সুদৰ্শন বৰবৰা নহওঁ, বিজয়কুমাৰ সেন । আৰু কেইদিনমান বিজয় হৈয়েই থাকিব লাগিব । পু, চা ।—হত্যাকাৰী ওলাল ? বিজয় ।— অনুসন্ধান আৰম্ভ কৰাৰ পিচ দিনাই হত্যাকাৰী ওলাল, কিন্তু আদালতত দিব পৰাকৈ প্ৰমাণ এতিয়াও সংগ্ৰহ কৰিব পৰা নাই । দুই এদিনতে পাৰিম বুলি মোৰ বিশ্বাস । পু, চা –কেনেকৈ ? বিজয় ।—সম্প্ৰতি শ্যামচাদ ছাহাক গ্ৰেপ্তাৰ কৰিব লাগে । হত্যাৰ অপৰাধত নহয়, চোৰাং কানিৰ ব্যৱসায়ৰ বাবে । [ ৬২ ] ২ হত্যাকাৰী কোন ? পু, চা ।—কি ! সি চোৰাং কানিৰ ব্যৱসায় কৰে । আপুনি কেনেকৈ জানিলে ? বিজয় ।—মই তেওঁৰ দোকানত চাকৰি ল’লোঁ আৰু হিচাপ-পত্ৰ ৰাখিবৰ নিমিত্তে পুৰণি খাতাবোৰ চাই ল’ব খুজিলোঁ। … শ্যামচাদে আনন্দেৰে সেইবোৰ চাবলৈ দিলে । মই দোকানৰ আৰম্ভৰে পৰা সকলো খাতা পৰীক্ষা কৰিলোঁ । তাৰ পৰা বুজিলোঁ। যে কানিৰ দোকান পোৱাৰ আগতে তেওঁৰ বছেৰেকীয়া আয় দুই তিনি শৰ বেচি নাছিল। কানিৰ দোকান পোৱাৰ পৰা আনবোৰ কাৰবাৰো অলপ বাঢ়ি আহিছিল ; আৰু তায় বছৰে চাৰিশৰ পৰা সাতশ মানলৈকে উঠিছিল । দোকানৰ আৰম্ভৰে পৰা এতিয়ালৈকে সেই মতে তেওঁৰ ছয়-সাত হেজাৰতকৈ বেচি অায় হোৱা নাই । এই টকাৰেই তেওঁ নিজৰ খোৰাক-পোছাক অাৰু ঢাকাত থকা ঘৰৰ খৰচ চলাব লগা হৈছিল । এনে অৱস্থাত তেওঁ ইমান মাটি বাৰী সম্পত্তি কৰিবলৈ টকা ক’ত পালে, সেইটো ভাবি লগীয়া বিষয় হৈ পৰিল। প্ৰথম চাৰি বছৰত অৰ্থাৎ কানিৰ দোকান পোৱাৰ আগতে তেওঁ মাটি-বাৰী ল’ব পৰা নাছিল, দোকানখনো লোকৰ মাটিতেই আছিল । কানিৰ দোকান লোৱা বাৰেই তেওঁ দোকান দিয়া মাটিখিনি কিনি ললে অাৰু লাহে লাহে কাষৰে-পাজৰে থকা মাটি ও অলপ অলপকৈ কিনি টোলটোৰ মাটি প্ৰায় এপুৰা কৰিলে । অকল সেয়ে নহয়, দোকানঘৰ টিনৰ হ’ল ; ভিতৰ ফালে ধান, সৰিয়হ মৰাপাট [ ৬৩ ] ত্রয়োদশ অধ্যায় আদিৰ গুদাম আৰু কৰ্ম্মচাৰী আৰু তেওঁ নিজে থকা ঘৰো হৈ উঠিল । এতিয়া তেওঁৰ সম্পত্তিৰ মূল্য কুৰি হেজাৰৰ কম নহয় । ইমানবোৰ ধন তেওঁ সঞ্জ উপায়েৰেই ঘটিলে বুলি মোৰ বিশ্বাস নহ’ল । সেই কাৰণে মই তাৰ তথ্য অনুসন্ধানত লাগিলোঁ । তাৰ ফলত ভালকৈ প্ৰমাণ পালোঁ। যে তেওঁ চোৰাং কানিৰ কাৰবাৰ কৰে । আগতে এই ব্যৱসায় ভালকৈ চলাব পৰা নাছিল, কন্তু কানিৰ দোকানখন পোৱাৰ পৰা তেওঁৰ সুবিধা হ’ল । অতি সহজে তেতিয়াৰে পৰা তেওঁ সকলোৰে চকুত ধূলি দি এই ব্যৱসায় চলাই আছে । পঢ়া। নোহোৱা কানীয়াক পোনপটিয়ে চাৰি গুণ দামত বেচাৰ উপৰিও আন ঠাইত বেচিবলৈ তেওঁৰ এজেণ্ট আছে । আগেয়ে সেই কাৰবাৰৰ আডা ক’ত আছিল জনা নাযায়, কিন্তু কানিৰ দোকান পোৱাৰ পৰা তেওঁৰ শোৱনী ঘৰতে সেই কাৰবাৰ চলে। এতিয়া খানা-তালাচ কৰিলে তাতে সেই কাৰবাৰৰ সকলো সম্ভেদ ওলাই পৰিব । পু, –চোৰাং কানিৰ চা৷ ব্যৱসায়ৰ বাবে শ্যামচাদক গ্ৰেপ্তাৰ কৰিলে, হত্যাকাৰী কেনেকৈ ধৰা পৰিব মই বুজা৷ নাই । বিজয় ।—মই প্ৰথম দিনাই কৈছিলোঁ, হত্যাকাৰীৰ লগত প্ৰেমলতাৰো এক প্ৰকাৰে নহয় এক প্ৰকাৰে যোগ আছে । এতিয়া সেইটো সম্পূৰ্ণ সঁচা বুলি জানিব পাৰিছো । প্ৰেম লতাৰ হাতত এই হত্যা সম্পৰ্কে কিবা লিখিত প্ৰমাণ থকাৰ [ ৬৪ ] হত্যাকাৰী কোন ? সম্ভব, কিন্তু শ্যামচাদক আটক কৰি নাৰাখিলে তাক হাত কৰা টান হ’ব । পু, চা ।— কিয় ? একে সময়তে তেওঁৰ ঘৰে। খানা-তােলাচ কৰিলেই বোধ কৰোঁ। বেচি সুবিধা হ’ব । বিজয় । — নহয় । খানা-তালাচ কৰি তাক উলিওৱা টান । এনে ব্যৱস্থা কৰিব লাগিব যাতে তেওঁ নিজে উলিয়াই দিয়ে । পু, চা । দিব জানো ? বিজয় ।—দিব বুলি মোৰ বিশ্বাস । কিন্তু তেওঁক যে সন্দেহ কৰিছে। সেই বিষয়ে তেওঁ এতিয়া একো গম পাব না লাগিব । গম পালে নষ্ট কৰাৰ ভয় অাছে । পু, চা ।— আপোনাৰ মতে শ্যামচাদেই হত্যাকাৰীও । নহয় নে ? বিজয় । — হয় । কিন্তু এতিয়া সেই কথা গোপন কৰিব লাগিব । অকল চোৰাং কানিৰ ব্যৱসায়ৰ বাবে হে গ্ৰেপ্তাৰ কৰিব লাগিব । পু, চ। —কেতিয়া খানা-তালাচ কৰা ভাল ? বিজয় ।—আজিয়েই । ৰাতিৰ আগতে তাক গ্ৰেপ্তাৰ কৰিলে সুবিধা হয়। পু, চা । —কিয় ? বিজয় ।— কাৰণ অাছে । আজি ৰাতি সি প্ৰেম-লতাক লগ ধৰিব পাৰিলে সাক্ষী-প্ৰমাণ নষ্ট হোৱাৰ ভয় আছে । [ ৬৫ ] ত্ৰয়োদশ অধ্যায় পু, চা –ইমান দিনে যিটো হোৱা নাই, আজি হ’ব বুলি ভবাৰ কাৰণ কি ? বিজয় । —সম্প্ৰতি কিবা কাৰণত তেওঁলোকৰ মনোমালিন্য ঘটিছে । দিনত কোনে ও কাৰো লগ ধৰিব নোৱাৰে । যদি ৰাতি লগ ধৰি আপোচ কৰি পেলায়, তেন্তে সাক্ষী-প্ৰমাণ সকলো শ্যামচাদৰ হাতত পৰিব পাৰে । পু, চা ৷—বাৰু, আজিয়েই যোৱা যাব । বিজয় ।--সেই দিনা খোজটোৰ বিষয়ে মই যি সিদ্ধান্ত কৰিছিলোঁ সি একেবাৰেই নিভু ল । তেনে খোজ এটা নালাগে দহোটাও তুলি আনিব পাৰি । পু, চা ৷— ক’ৰ পৰা ? বিজয় ।—শ্যামচাদৰ ঘৰৰ ওচৰৰ পৰাই । শ্যামচাদৰ দোকানৰ কাষতে তোলনৰ এখন বাৰী আছে । বাৰীখনৰ সৰহখিনি ঠাইত বাঁহ-কাঠ আছে । অলপমান ঠাইত একো নাই । তাতে সি কঠীয়া পাৰে । এতিয়া কঠীয়া তুলি নিলে । তাৰে এডোখৰ ঠাইত বোধ কৰোঁ বোকা হৈছিল । তাত বহুতো খোজ বহি এতিয়া । শুকাই আছে। কিছুমান খোজ মিনাইৰ চোতালত পোৱা খোজৰ লগত মিলি যায়। মাজতে এটা খোজৰ জোখাই মাটি খানি নিয়াৰ চিনো আছে । পু, চা , । —চেলেংখনৰ তত্ত্ব ওলাল নে ? বিজয় !—নাই ওলোৱা, কিন্তু অলপতে ওলাব । [ ৬৬ ] ৬১৬ হত্যাকাৰী কোন ? পু, চা৷ ।— বাৰু সেইবোৰ উলিয়াই খাওক । সম্প্ৰতি কানিৰ অপৰাধটোকে হাতত লোৱা হওক । বিজয় ।— আপুনি নিজে গ’লে ভাল । শ্যামচাদক গ্ৰেপ্তাৰ কৰাৰ পাচত খাতা-পত্ৰেৰে সৈতে মোকো লৈ আহিব । ৰাতিয়েই কিন্তু উলটি যোৱাৰ ব্যৱস্থা ও কৰি দিব লাগিব । পু, চা ।—তুমি ইয়াৰ পৰা কেতিয়া যাবা ? বিজয় —দুইমান বজাত । মই গৈ পোৱাৰ আগতে আপোনালোক পালেগৈ ভাল হয় । পু, চা — বাৰু, সেইমতেই যোৱা যাব । বিজয়ে পুলিচ চাহাবৰ ওচৰত বিদায় ল’লে । [ ৬৭ ] চতুৰ্দশ অধ্যায় । প্ৰায় চাবিমান বজাত এজন দাৰোগা আৰু চাৰিজন কনষ্টেবল লৈ পুলিচ চাহাব ছাহাৰ দোকানত উপস্থিত হ’ল । দোকানত সোমাই তেওঁ ছাহাক লগ পাব খুজিলে । পুলিচ দেখি শ্যামচাদৰ মনলৈ নানা আশঙ্কা আহিল ; তেওঁকে বিচাৰি আহিছে নে আন কিবা অনুসন্ধান কৰিবলৈ আহিছে তেওঁ বুজিব নোৱাৰিলে। তেওঁ ওলাই আহি পুলিচ চাহাবক চালাম দিলে । পুলিচ চাহাবে ক’লে ,—“চাওঁ আপোনাৰ কানিৰ দোকানৰ হিচাপ ।” শ্যামচঁাদ হিচােপ দেখুৱালে ; সকলো পৰিপাটী । মজুত থকা কানি জোখালে, হিচাপৰ লগত অলপো হেৰফেৰ নাই । পুলিচ চাহাবে ক’লে,—“এনে সুন্দৰ ভাবে হিচাপ-কিতাপ ৰখা অাৰু এনে ঠিক জোখত চলা দোকান মই অতি কম হে দেখিছো ।” শ্যামচাদে মনত ৰং পালে ; ভয়ো অলপ পাতলিল । তাৰ পাচত চাহাবে ক’লে,—“আপোনাৰ ভিতৰখন চোৱাৰ প্ৰয়োজন আছে । বলক, এবাৰ ভিতৰলৈ যাওঁ ।” শ্যামচাদৰ মুখ শুকাই গ’ল । তথাপি ক’লে,—চাব খুজিছে চাওক, কিন্তু কিয় এনে কৰিছে মই বুজি পোৱা নাই । মোতকৈ নিয়ম মানি চলা মহলদাৰ আৰু কোনো নাই বুলিয়েই [ ৬৮ ] ৬৮ হত্যাকাৰী কোন ? মোৰ বিশ্বাস । চোৱাৰ পৰা মোৰ একো হানি নহয়, কিন্তু অনাহকত মোক আমনি কৰাত হে দুখ লাগিছে ।” পুলিচ চাহাব দলে বলে শোৱনী ঘৰত সোমাল । আন মানুহো কিছুমান গোট খালে । খোটালীটোত একাষে এখন ডাঙৰ চালপীৰা । তাতে শ্যামচাদ শোৱে । মূৰ-শিতানৰ ফালে বাৰৰ কাষলৈ এটা লোহাৰ বাকচ । তাৰ কাষতে এখন বেঞ্চত কেইটামান ষ্টীল টাঙ্ক । এফালে এটা অালমাৰী আৰু এডাল “অালনা” । অালনাতে কাপোৰ কানি আৰু একেবাৰেই তলত কেইজোৰ মান জোতা আছে । দুৱাৰৰ পোনে পোনে এখন মেজ অাৰু তাৰ চাৰিফালে চাৰিখন চকী । ঘৰটোৰ ভতৰত ইমানেই সম্বল । পুলিচ শোৱনী ঘৰত সোমোৱাৰ পিচতেই বিজয় আহি পালে । তেৱোঁ তালৈকে সোমাই গ’ল আৰু কি হৈছে শ্যামচাদক ফুচফুচাই সুধিলে । পুলিচ চাহাবে তেতিয়া ভেকাহি মাৰি ক’লে ,—“তুমি কোন ? কি লাগে ? ” বিজয় ।—মই এই দোকানতে কাম কৰোঁ, হিচাপ-পত্ৰ ৰাখে। । মই আজি দোকানত নাছিলোঁ ; কি হৈছে বুজিব নোৱাৰি মহাজনক সুধিছিলোঁ । পু, চা ।—এতিয়া তুমি অ’াতৰি যোৱা। ; দৰকাৰ হ’লে তোমাক বিচাৰিম ! বিজয় ওলাই আহিল আৰু বাহিৰত থকা মানুহক ঘটনাটো [ ৬৯ ] চতুৰ্দশ অধ্যায় ৬৯ ক সুধিবলৈ ধৰিলে । কোনেও কিন্তু সঠিককৈ একো ক’ব নোৱাৰিলে । পুলিচ চাহাবে ছােহাক প্ৰথমতে লোহাৰ বাকচটো মেলিবলৈ ক’লে ; ছাহাই মেলি দিলে । তাত ডেৰহেজাৰমান টকা, কেইপদমান অলঙ্কাৰ আৰু কিছুমান খত-পত্ৰৰ বাহিৰে একো নাছিল । তাৰ পাচত ষ্টীল ট্ৰাঙ্ক কেইটা চাই কাপোৰ-কানিৰ বাহিৰে একো নেদেখিলে । অালমাৰীত খনচেৰেক কিতাপ, বহী কেইখনমান, আৰু কেইবটলমান পেটেণ্ট ঔষধ মাথোন আছিল । চিপাহী কেইজনে ঘৰৰ চুক-কান একোকে বিচাৰিবলৈ বাকী নথ’লে, কিন্তু আপত্তিজনক কোনো বস্তুৱেই নোলাল । পুলিচ চাহাব চিন্তিত হ’ল ; তেওঁৰ কপালৰ গাঁঠি থোপা৷ হ’ল । তেনেহলে বৰবৰাৰ কথা মিছা নে কি ! অন্যান্য খোটালীত বিচাৰিব নে নিবিচাৰিব তেওঁ ভাবিবলৈ ধৰিলে । শ্যামৰ্চাদে ক’লে,—“ক’তা ? কিবা । পালে জানো ? আপোনালোকৰ হাতত ক্ষমতা আছে বুলিয়েই ভদ্ৰলোকক এনেকৈ “জুলুম” কৰিব লাগে নে ?” পুলিচ চাহাবে একো নামাতিলে । অলপ ভাবি চিপাহীক ক’লে, —“বিছনাখন চোৱাঁ৷ ” চিপাহীয়ে ইফালে সিফালে তুলী দাঙি ভুকুৱাই-চপৰিয়াই চালে, একো নাই । পুলিচ চাহাবে চালপীৰাখন ঘূৰি-পকি চাই ক’লে – “বিছনাখন তুলি আনা ।” [ ৭০ ] ৭০ হত্যাকাৰী কোন ? চিপাহীয়ে বিছনাখন মেৰিয়াই তুলি আনিলে । ছাহাৰ মুখ ক’লা পৰিল । সকলোৱে দেখিলে চালপীৰাৰ মাজতে কন্তুজা লাগোৱা ঢাকনী এখনত তলা লগোৱা আছে ; তলফালে বাকচ । পুলিচ চাহাবে ক’লে —“তলাটো মেলা ।” শ্যামৰ্চাদে ক’লে—“চাবি নাই । যেতিয়া দোকানঘৰ খেৰী আছিল আৰু লোহাৰ চন্দুকো নাছিল, তেতিয়া ইয়াতে দোকানৰ টকা-পইচা, খাতা-পত্ৰ থৈছিলোঁ । । এই ঘৰ হোৱাৰ পৰা লোহাৰ চন্দুকতে থওঁ । তেতিয়াৰে পৰা ইয়াৰ প্ৰয়োজন নোহোৱাত চাবিৰ খবৰেই লোৱা নাই ।” পু, চা । —চাবি দিবই লাগিব । শ্যাম । —নহ’লে ক’ৰ পৰা দিম ? তেতিয়া পুলিচ চাহাবে কজা এৰুৱাবলৈ চিপাহীক আদেশ কৰিলে । কন্তুজা এৰুওৱাত ঢাকনী এৰাই পৰিল । তেতিয়া ঢাকনী গুচালত বাকচটোত কানি অাৰু এখন খাতা ওলাল । জোখ কৰাত কানি চাৰে তিনি সেৰ হ’ল । খাতাত তেওঁৰ এজেণ্টৰ নাম-ধাম আৰু নিয়া কানিৰ হিচােপ আছে । শ্যামচাদৰ মাতবোল একেবাৰেই হৰিল । তেতিয়াই তেওঁক হেণ্ডকাফ দিয়া হ’ল । পুলিচ চাহাবে তেতিয়া বিজয়ক মাতি ক’লে ,—“তুমি দোকানৰ হিচাপ ৰাখোঁ বুলিছিলা নহয় ?” বিজয় |—হয় । [ ৭১ ] চতুৰ্দশ অধ্যায় পু, চা ।—তুমি এইবোৰ কাৰবাৰৰ কথা জানা ? বিজয় ।—মই এতিয়াহে ইয়াৰ গম পাইছে। । মই ধান অাৰু মৰাপাটৰ হিচাপহে ৰাখো । পু, চা —তোমাৰ ওপৰত অামাৰ সন্দেহ আছে ; দোকানৰ সকলো খাতা পত্ৰ অানা । খাতা-পত্ৰ অনা হ’লত চাহাবে ক’লে—“ইয়াত বহুত সময় হ’ল, সেইবোৰ চাবলৈ সময় নহয় । বাচত তুলি দিয়া, তুমিও যাব লাগিব ।” বিজয়ে ক’লে,—“মই ইয়াৰ কামত সোমোৱা দুসপ্তাহেই হোৱা নাই । মোক মিছাতে নাসাঙুৰিব । মোক এৰি দিয়ক ।” পু, চ৷ ।-—কোনো কথা নুশুনো৷ । ভালে ভালে ব’লা, নহলে হেণ্ডকাফ দিয়া হ’ব । বিজয়ে তাদেশ পালন কৰিলে । কানিৰ বিক্ৰীদাৰটো শ্যামচাদৰ ভতিজাক । এতিয়া তেওঁ কেই দোকানখন চমজাই দি শ্যামচাদ, বিজয়, কানি আৰু খাতাখন লৈ অনুচৰ সহ পুলিচ চাহাব বাচত উঠিল । [ ৭২ ] পঞ্চদশ অধ্যায়। সেই দিনা প্ৰেমলতাৰ চকুত টোপনি নাই । যদিও শ্যাম চঁাদক চোৰাং কানিৰ ব্যৱসায়ৰ বাবে হে পুলিচে ধৰি নিছে, তথাপি ঘটনাই কি গঢ় লয় তেওঁ ভাবি ঠিক কৰিব পৰা নাই । বিজয় ঘূৰি আহিলে কিবা গম পাব পাৰে বুলি তেওঁ গম লৈ থাকিল, কিন্তু ৰাতি বাৰ বজালৈকে তাৰ কোনো উমান নাপালে। চিন্তা ভাবনাত ছটফট কৰি তেওঁ ৰাতিটো কটালে । বিজয় ঘূৰি আহিল শেষ নিশা । পুলিচ চাহাবে নিজৰ মটৰেৰে তেওঁক দোকানলৈ পঠিয়ালে । অৱশ্যে তেওঁ আধা। মাইলমান আঁতৰতে মটৰৰ পৰা নামি বাকী ছোৱা খোজ কাঢ়ি আহিল । ৰাতিপুৱা প্ৰেমলতাই খবৰ লৈ বিজয় ঘূৰি যোৱা বুলি জানি তেওঁক তেতিয়াই মতাই আনিলে । বিজয় আহিলত প্ৰেমলতাই আগদিনাৰ ঘটনাৰ পাৰণতি কি হৈছে জানিব খুজিলে । বিজয়ে ক’লে,—“আপুনি সোধা কথা ক’বলৈ মোৰ মনটো অলপ কোচ খাইছে । হাজাৰো হওক শ্যামচাদ মোৰ মনিব । তেওঁৰ বিৰুদ্ধে কোনো কথা কোৱা মোৰ পক্ষে উচিত নহয় ।” প্ৰেম ।— আপোনাক জানো বিৰুদ্ধে ক’বলৈ কৈছো ? বিজয় ।—পোনপটিয়ে কোৱা নাই সঁচা, কিন্তু আপোনাৰ [ ৭৩ ] পঞ্চদশ অধ্যায় কথাৰ উত্তৰ দিবলৈ গলেই তেনে কৰিব লাগিব । আপুনি হয়তো ভাবি থৈছে ছাহাৰ পৰা আপোনাৰ একো অপকাৰ নহয়, এতিয়া মোৰ কথাই যদি তাৰ ওলোটাটো বুজায়, তেনে হলে আপুনিও তেওঁৰ বিৰুদ্ধে সাজু হ’বলৈ সুবিধা পাব । প্ৰেম । —ছাহাই তেন্তে মোৰ বিৰুদ্ধে কিবা কৈছে ? বিজয় ।—মই যাওঁ ; ক্ষমা কৰিব । মই এতিয়া আপোনাৰ কথাৰ উত্তৰ দিব নোৱাৰোঁ । বিজয় যাবলৈ ওলাল। প্ৰেমলতাই নানা বধ-শপত দি, কাবৌ-কোকালি কবি বহিবলৈ ক’লে আৰু আচল কথাটো ভাঙি ক’বলৈ অনুৰোধ কৰিলে । বিজয়ে ক’লে, —“আপুনি মোক বৰ আহুকালত পেলালে । মনিবৰ ভিতৰুৱা কথা প্ৰকাশ কৰ। তলতীয়া লোকৰ পক্ষে অন্যায় কাম । আকোঁ যদি আপোনাৰ গাত দোষ নাই, আপোনাক ৰক্ষা কৰাও উচিত । মই কোনটো কৰিম ভাবি ঠিক কৰিব পৰা নাই ।” প্ৰেমলতা আৰু ব্যাকুল হ’ল ; হাতে-ভৰিয়ে ধৰি সকলো কথা ক’বলৈ তেওঁক কাকুতি কৰিবলৈ ধৰিলে । বিজয় ।— আপুনি মোক বৰ বেয়া অৱস্থাত পেলালে । সি যি কি নহওক, আপুনি ইমানকৈ ধৰিছে যেতিয়া মই কওঁ, কিন্তু মোৰ পৰা শুনিছে বুলি যেন গুৰি পৰুৱা এটাকো জানি বলৈ নিদিয়ে । প্ৰেমলতাই নকওঁ বুলি শপত খালে । [ ৭৪ ] হত্যাকাৰী কোন বিজয়ে ক’লে, —“পুলিচে আচলতে চোৰাং কানি বিচাৰি অহা নাছিল, আহিছিল সেই হত্যাৰ বিষয়ে তদন্ত কৰিব লৈহে । পুলিচে বোলে প্ৰমাণ পাইছে —এমাহমানৰ আগতে ছাঙ্গাকে আপোনাকে একেলগে পাই মিনায়ে কাটিব খুজিছিল । ছাহা হেনো লৰ মাৰি সাৰিলে অাৰু আপোনাক ধৰি মিনায়ে খুটাত বান্ধি লৈ মৰিয়ালে । সেই ঘটনাৰ লগত মিনাইৰ মৃত্যুৰ কিবা। সম্পৰ্ক থাকিব পাৰে বুলি পুলিচে সন্দেহ কৰিছে, আৰু সেই সম্পৰ্কে আপুনি লিখা কিবা চিঠি-পত্ৰ শ্যামচাদৰ ঘৰত ওলাব পাৰে বুলিয়েই খানাতালাচ কৰিছিল । পিচে সেই বিষয়ে একো নাপালে, কেচু খানোভে সাপ হে ওলাল ;–চোৰাং কানিৰ ব্যৱসায়টো ধৰা পৰিল । এতিয়া সেই বিষয়ে প্ৰমাণৰ আৱশ্যক নাই । হাতে হাতে ধৰা পৰিছে, মজুত কানি আৰু খাতা-পত্ৰই তাৰ প্ৰমাণ । শাস্তিৰ হাত সাৰিবৰ তেওঁৰ উপায় নাই ।” প্ৰেম ।— পিচে মোৰ বিৰুদ্ধে কথা ওলাবলৈ পালে কেনেকৈ ? বিজয় ।—ইয়াত যদিও পুলিচে হত্যাৰ সম্পৰ্কে একো নুসুধিলে, থানালৈ নি তেওঁক হত্যাৰ বাবেও অপৰাধী কৰিলে । পুলিচৰ বিশ্বাস সেই দিন। মিনায়ে কাটিব খোজাৰ পৰাই শ্যামচাদে ভয় খাইছিল আৰু মিনাই জীয়াই থাকিলে তেওঁক এদিন নহয় এদিন কাটিব পাৰে বুলি সন্দেহ কৰিছিল । সেই বাবেই মিনায়ে নেী কাটোতেই তেৱোঁই মিনাইক কাটিলে । [ ৭৫ ] পঞ্চদশ অধ্যায় ৭৫ প্ৰেম ।—পিচে ছাহাই কি কৈছে ? বিজয় ।—ছাহাই ক’লে বোলে প্ৰেমলতাৰ লগত যিটো মানুহক পাই মিনায়ে কাটিব খুজিছিল, সেইটো তেওঁ নহয়, আন কোনোবা মানুহহে । কোন তেওঁ ক’ব নোৱাৰে । সেই দিনাৰ পৰা মিনায়ে দুয়োটাকে কাটিম বুলি দা লৈ ঘৰতে বহি থাকে । প্ৰেমলতাৰ ভয়ত তত নাই । কেনেকৈ ৰক্ষা পাব ভাবি লঘোনে-ভোকে দিন নিয়ায় । ইয়াৰ আগতে তোলন কোচে তাৰ বিৰুদ্ধে সাক্ষী কোৱাৰ বাবে মিনাইক কাটিম কাটিমকৈ ফুৰিছিল । ছাহাই কয় আপুনি আন উপায় নাপাই তোলনৰ লগত পৰামৰ্শ কৰি এই কামটো কৰিলে । প্ৰেম ।—যদি এয়েই হয় তেওঁ কেনেকৈ জানিলে ? বিজয় ।—হ্যামচাদে কয় বোলে তোলন ঘূৰি আহোতে তেওঁ দোকানৰ বাৰাণ্ডাতে আছিল । তোলনে দা লৈ যোৱা দেখাৰে পৰা তেওঁৰ মনত সন্দেহ জন্মিছিল । এতিয়া শেহ নিশা তেওঁক অহা দেখি সেই সন্দেহ বেচি বলবৎ হয়, আৰু মনে মনে তেওঁৰ পিচ লৈ আলিৰ পৰা আলেখলেখ চাই থাকে । তোলন আহি আপোনাৰ ঘৰত সোমায় আৰু অলপ সময়ৰ পাচত ওলাই যায় । ওলাই যাওঁতে আপুনিও হেনো লগত আছিল, তাৰ পৰাই আপোনাৰো যে যোগ আছে বুজিব পাৰিছিল । প্ৰেম।—এই কথা তেওঁ আগতে কোৱা নাছিল কিয় ? বিজয় ।— আপোনাক পাৰিলে সৰুৱাৰৰ নিমিত্তেই হেনো [ ৭৬ ] ৭৬ হত্যাকাৰী কোন ? তেওঁ কোৱা নাছিল । এতিয়া তেওঁৰ নিজৰ গাতে দায় পৰা। দেখি উপায় নাপাই হে হেনো ক’ব লগাত পৰিল । প্ৰেম।—এই শ্যামচাদৰ নিচিনা পাষণ্ড পৃথিবীতে নাই । বিজয় ।— কিয় ? প্ৰেম ।—সিয়েই তেওঁক হত্যা কৰিছে । বিজয় ।— কি ! আপুনি এনে কথা কোৱা উচিত নহয় । প্ৰমাণ দিব পাৰিব ? প্ৰেম । —পাৰিম । বিজয় ।—কি প্ৰমাণ দিব ? প্ৰেম ।—তেওঁৰ নিজ হাতৰ চিঠি । বিজয় ।— আপোনাৰ হাতত আছে ? মই চাব পাৰিম নে ? প্ৰেম ।—মই এতিয়া কাকো নেদেখুৱাওঁ । দেখুৱাব নোৱাৰোঁও । মই তাক এনে ঠাইত থৈছে। য’ৰ পৰা মই উলিয়াই নিদিলে, পুলিচেও উলিয়াব নোৱাৰে । বিজয় । —থাওক তেন্তে । হওঁতে মই চাব খোেজাটোৱেই ভুল । ছাহাৰ লগত সম্পৰ্ক থকা কাগজ-পত্ৰ ছাহাৰ কৰ্ম্মচাৰী এজনক দেখুওৱা যে উচিত নহয়, সেইটো মই নিজেই জনা উচিত আছিল । প্ৰেম ।—মোৰ গাতো দোষ থাকিব পাৰে, কন্তু তাচল দোষী ছাহা । তোলনক মিছাতে লটি-ঘটি কৰিছে । বিজয় ।—তেন্তে আচল কথাটো কি ? [ ৭৭ ] পঞ্চদশ অধ্যায় প্ৰেম । —মই এতিয়া একো ক’ব লোখোজে। ! প্ৰয়োজন দেখিলে সকলো কথা ক’ম । আপুনি বেয়া নাপাব । বিজয় ।—বেয়া পাবৰ একো কাৰণ নাই । পিচে এটা। কথা,—আজিয়েই পুলিচ আহিব পাৰে আৰু গ্ৰেপ্তাৰ কৰিব পাৰে । আপুনি সাজু হৈ থাকিব । কিন্তু মোৰ পৰা আগ ধৰি গম পাইছে বুলি যেন ক’তো নুলিয়ায় । তেতিয়া হ’লে ময়ো মৰা পৰিম । নুলিয়াওঁ বুলি প্ৰেমলতাই শপত খালে । বিজয় তেতিয়া দোকানলৈ আহিল আৰু সোনকালে খাই বৈ নগৰলৈ ওলাল । তেওঁ শ্যামচাদৰ ভতিজাকক থকা ঘৰৰ চাবি দি ক’লে,—“মহাজনৰ খবৰ লোৱা আৰু উকীল ধৰি কি কৰিব পাৰি চেষ্টা কৰা আমাৰ কৰ্ত্তব্য । তালৈকে দিনেী অহা৷ যোৱা কৰি থাকিলে নহয় । কেইদিন মান একেৰাহে নগৰতে থাকিব লাগিব । সেই দেখি মোৰ মাল-বস্তু ও লৈ যাওঁ । কেইদিনমানৰ মূৰত ঘূৰিব পাৰে। ঠিক নাই। মুঠতে মহাজনক মুকলি কৰিব নোৱৰালৈকে মই নাহো ।” তাৰ পাচত দুপৰীয়াৰ বাচ ধৰি তেওঁ নগৰলৈ যাত্ৰা কৰিলে । [ ৭৮ ] ষোড়শ অধ্যায় । আবেলি পাঁচ মান বজাত সুদৰ্শন দাৰোগা আহি প্ৰেম লতাৰ ঘৰত উপস্থিত হ’ল । লগত দুজন চিপাহী । বিজয়েই ষে সুদৰ্শন দাৰোগ৷ তাক চিনিবৰ এতিয়া কাৰো সাধ্য নাই । এতিয়া তেওঁৰ গোফো নাই, বিত চকুও নাই । বিজয়ে বঙলা । কথা কৈছিল ; অসমীয়া ভালকৈ বুজি নাপাইছিল , কিন্তু সুদৰ্শনৰ কথা শুধ অসমীয়া । বিজয় অলপ আৰি-কুঁজা আছিল, কিন্তু সুদৰ্শন একেবাৰেই পোন । ইয়াৰ আগতে প্ৰেমলতাই ভায়েককো মতাই আনিছিল। অাৰু যদি তেওঁক পুলিচে ধৰি নিয়ে তেন্তে কি কৰিব তাৰো। দিহা-পোহা কৰি ৰাখিছিল । দাৰোগাই প্ৰেমলতাক ক’লে ,—“আমি সাক্ষী বাদীৰ পৰা প্ৰমাণ পাইছে। আপুনি তোলন কোচৰ লগত যোগ হৈ আপোনাৰ স্বামীক হত্যা কৰিছে । সেই বাবে অাপোনাক গ্ৰেপ্তাৰ কৰা হ’ল । আপোনাৰ কিবা ক’ব লগা আছে নে ? প্ৰেম ।—অাছে । সুদৰ্শন !— ক ? প্ৰেম ।—এই হত্যাৰ লগত তোলনৰ কোনো সম্পৰ্ক নাই । সুদৰ্শন ।—তেন্তে কোনে মাৰিলে ? আপুনি নিজে ? প্ৰেম ।— নহয়, শ্যামচাদ ছাহাই । [ ৭৯ ] ষোড়শ অধ্যায় ৭৯ সুদৰ্শন ।—ক’তা ? এতিয়ালৈকে আমি তেনে কোনো। প্ৰমাণ পোৱা নাই । অকল মুখেৰে ক’লেই হ’ব নে ? প্ৰেম । —মই প্ৰমাণ দিম । সুদৰ্শন ।— কি প্ৰমাণ দিব ? প্ৰেমলতাই ঘৰৰ ৰুৱা এটাত ওভোতাকৈ সুমাই থোৱা সৰু চুঙা এটা বহু কষ্টৰে উলিয়াই আনিলে । চুঙাটোৰ ভিতৰত নুৰিয়াই সুমোৱা কেইখনমান কাগজ । কাগজকেইখন উলিয়ালত দেখা গ’ল তাত শ্যামচাদে লিখা তিনিখন চিঠি আছে । প্ৰথমখন আঠ মাহৰ আগৰ । তাত লিখা আছিল — “একোতেই দেখিছো কাম নহ’ল । এতিয়া আৰু উপায় নাই । অলপ দিনৰ পাচতে সকলো কথা জনাজাত হ’ব । তেতিয়া তুমি ও সমাজৰ পৰা বাদ পৰিবা, মোৰো মান নাথাকিব । সেই কাৰণে মই আন এটা উপায় ভাবিছো । মোৰ দোকানৰ লগালগি ঘৰ এটাত মিনাই নামে এটা মানুহ আছে । তেওঁ অকলশৰীয়া, ঘৰৰ বাকী সকলো মাউৰত মৰিল । তেওঁ বয়সিয়াল মানুহ, বিয়া কৰাবৰো ইচ্ছা নাই । পিচে মই লোকক দেখুৱাই তেওঁৰ লগতে বিয়াখন পতিব খুজিছো । তাৰ পৰা এয়ে লাভ হ’ব যে তুমি সদায় মোৰ ওচৰতে থাকিব পাৰিবা অাৰু আমাৰ সম্পৰ্কও আগৰ দৰেই থাকিব । অথচ আন এটা সুবিধা হ’ব যে কিবা লেঠাত পৰিলে তেওঁক দায়ী কৰিব পৰা যাব । বৰ্ত্তমানৰ দায়িত্বও [ ৮০ ] হত্যাকাৰী কোন ? তেওঁৰ গাতে আৰোপ কৰিবলৈ চল লাগিব । তোমাৰ খোৰাক-পোচাক অাদি মোৰ পৰাই পাই থাকিবা । ইয়াত তুমি আপত্তি নকৰিবা ।” দ্বিতীয় চিঠিখন ইয়াৰ তিন দিনৰ পিচৰ । তাত লিখা আছিল — “তোমাৰ চিঠি পালে। । তুমি মোৰ কথাত আপত্তি কৰিছা, ভবিষ্যতলৈ ভবা নাই । এনেকৈ পলম কৰি থাকিলে এইটো উপায়ো শেহত নষ্ট হ’ব । তেনে হ’ব লাগিলে মই হ’লে একেবাৰেই টুপাই বুৰ মাৰিম । তুমি মৰা মৰিবা, তৰ। তৰিবা । এতিয়াও যদি মোৰ কথামতে কাম কৰা, মই তোমাৰ সকলো দায়িত্ব লোৱাৰ উপৰিও নগদ এহেজাৰ টকা তোমাক জমা ৰাখিবলৈ দিম । কেতিয়াবা কিবা অথন্তৰ মিলিলে ও সেই টকাৰেই চলিব পৰিবা । ।” “চিঠিখন পঢ়িয়েই পুৰি পেলাবা । আগৰখন যদি এতিয়াও থৈ দিছা, তেন্তে তাকো পুৰিবা ।” তৃতীয়খন চিঠি মিনাইৰ মৃত্যুৰ দুদিন আগত লিখা । তাত লিখিছিল : “সেই দিনা মই ভাগ্যেহে সাৰিলে । তোমাক কাটিব বুলিয়েই ভাবিছিলোঁ । মৰিয়ায়েই যে এৰিলে সি তোমাৰ পৰম ভাগ্য । সেই দিনাৰ পৰা মোৰ দোকানৰ পৰা ওলাবলৈকে ভয় লাগিছে । তুমি যে ইমান দিন প্ৰত্যেক মুহূৰ্ত্ততে মৃত্যুলৈ অপেক্ষা কৰি একে ঘৰতে দিন কটাব লগা। [ ৮১ ] ষোড়শ অধ্যায় হৈছে তাক ভাবিলে ও গাৰ নোম শিয়ৰি উঠে । মিনায়ে সেই দিন। কোৱা কথাৰ পৰা বুজা গৈছে, সি মোক কাটিব পৰিলেই তোমাকো কাটি আপোনঘাতী হ’ব । মুঠতে মিনাই থাকিলে তিনিওটা মৰিব লাগিব, কিন্তু তাক মাৰিলে আমি ৰক্ষা পাম । “সেইদিনাৰে পৰা মই তাৰ আয়োজনত ধৰিছো । এতিয়া আমাৰ শত্ৰু প্ৰকৃততে দুটা ; এটা তোলন কোচ, আনটো মিনাই । একেটা কাৰ্য্যৰ দ্বাৰা দুয়োকে পাৰ কৰিবৰ মোৰ মতলব । যি দিনাই সুবিধা হয়, সেই দিনাই এই কাৰ্য্য সমাধা কৰিম । তুমি সাহায্য কৰা বা নকৰা বাধা নিদিবা ; কিয়নো এই কাৰ্য্য ঘাইকৈ তোমাৰ মঙ্গলৰ নিমিত্তে ।” “এইবোৰ চিঠিত লিখা কথা নহয় । কিন্তু মিনায়ে দিনে ৰাতিয়ে পহৰা দি থকাত তোমাক লগ ধৰিবৰ উপায় নাই । তুমি পঢ়িয়েই পুৰি পেলাব৷ । নতুবা যি বিপদৰ হাত সাৰিব খুজিছো তাক চপাই লোৱা হে হ’ব ।” চিঠি পঢ়ি দাৰোগাই সুধিলে ,—“শ্যামৰ্চাদে লিখামতে আপুনি চিঠিকেইখন নুপুৰিলে কিয় ?” প্ৰেম ।—তেওঁ মোক দিম বোলা এহেজাৰ টকা পিচত দিম বোলাত মোৰ সন্দেহ হৈছিল ; সেই দেখি আগৰ দুখন চিঠি ৰাখি থৈছিলোঁ । এতিয়ালৈকে টকা আদায় কৰিব নোৱৰাত তাকো পোৰা নাই । শেহৰখন চিঠিত যি প্ৰস্তাব কৰিছিল তাত মোৰ মত নাছিল । হয়তো পিচত সঁচা কথা কোৱাৰ প্ৰয়োজনো হ’ব পাৰে বুলি থৈ দিছিলোঁ । [ ৮২ ] হত্যাকাৰী কোন ? সুদৰ্শন ।— আপোনাৰ যে মত নাছিল, শ্যামচাদক জনাই ছিল জানো ? প্ৰেম ।—জনাবৰ কোনো উপায় নাছিল । মই তেতিয়া এক প্ৰকাৰ বন্দী । সুদৰ্শন ।—শ্যামৰ্চাদে চিঠি দিলে কেনেকৈ ? প্ৰেম ।---তেওঁ বাহিৰ ফুৰিবলৈ যাওঁতেই তেওঁ কিছুমান ফটা কাকতৰ টোপোলা কৰি তাৰ লগতে চিঠিখনো ভেটাৰ ওপৰে দি পেলাই গ’ল । তেতিয়া মই বাৰীতে থকা নাদৰ পৰা পানী তুলি আছিলোঁ । সুদৰ্শন !—বাৰু, মিনায়ে আপোনাক কাটিম বুলিও নাকাটিলে কিয় ? প্ৰেম ।—তেওঁ ক’লে বোলে আগেয়ে তোক কাটিলে কি হ’ব ? হয় ময়ো মৰি লাগিব, নহয় পুলিচে ধৰি লৈ গৈ ফঁাচী দিব । তেতিয়া হ’লে শ্যামচাদ সাৰি যাব । সেই কাৰণে আগেয়ে শ্যামচাদক কাটি লৈহে তোকো কাটিম, ময়ো মৰিম । সুদৰ্শন । — সিনাইক কাটোতে আপুনি কি কৰিছিল ? প্ৰেম ।—মই বৰঘৰত শুই আছিলোঁ । কটাৰ পাচত শ্যামচাদে মতিলত হে উঠি আহিলো । কিন্তু দৃশ্যটো চকুত পৰিলতে মোৰ মূৰ ঘূৰি গ’ল, কি হ’ল ক’ব নোৱাৰোঁ । যেতিয়া হুচ আহিল তেতিয়া বাহিৰলৈ ওলালে । আৰু মানুহ মাতিলোঁ । শ্যামচাদ কেতিয়া গ’ল মই ক’ব নোৱাৰোঁ। । [ ৮৩ ] ষোড়শ অধ্যায় ৮৩ সুদৰ্শনে ইয়াৰ আগতে তোলনৰ ঘৈণীয়েক আঘোণীক মাতিবলৈ পঠিয়াইছিল । আঘোণী আহি ৰৈ আছিল । এতিয়া সুদৰ্শনে সুধিলে —“তোমাৰ ঘৰৰ পৰা পুলিচে চেলেং এখন লৈ গৈছে, নহয় নে ?” আঘোণী ।— হয় । সুদৰ্শন । — তোমাৰ ঘৰত আৰু তেনেকুৱা চেলেং কেইখন অাছে ? আঘোণী ।—এখনো নাই । " সুদৰ্শন ।—কিয় ? এবাৰত কেইখনকৈ কাপোৰ লগোৱা ? আঘোণী ।—তাৰ ঠিক নাই । সূতা সৰহকৈ পালে সৰহকৈ অাৰু কমকৈ পালে কমকৈ লগাওঁ । সুদৰ্শন ।—সেই খনৰ লগত আৰু লগোৱা নাছিলা নে ? আঘোণী ।—লগাইছিলোঁ । । মুঠতে দুখন লগাইছিলো । সূতাও নাছিল, ইফালে বাৰিষা দিন, সময়ো নাছিল। সেই দেখি সৰহকৈ লগোৱা নাছিলোঁ । সুদৰ্শন —তেন্তে এখন ঘৰত আছে ? আঘোণী ।—নাই । সেইখন কেৰকন আতৈক দুটকাত বেচিলোঁ । কৰকনৰ ঘৰ বেচি দূৰৈত নহয় । সুদৰ্শনে চিপাহী এটা পঠিয়াই তেওঁক মতাই আনিলে । কেৰকন ভয়তে কঁপি-জঁপি ওলালহি । সুদৰ্শনে তেওঁলৈ চাই ক’লে ,—“তুমি ভয় কৰিছা [ ৮৪ ] হত্যাকাৰী কোন ? কেলেই ? তোমাক কথা এটা সুধিবলৈহে মাতিছো । তুমি আঘোণীৰ পৰা চেলেং কাপোৰ এখন নিছিলা নহয়নে ? কেৰকন ।—হয় । পিচে মই তেতিয়াই তাৰ দাম দিছে৷ নহয় । সুদৰ্শন !—কিমান ? কেৰকন ।—দুটকা । সুদৰ্শন !—এতিয়া কিমান দিন হল ? কেৰকন ।—এমাহমান হ’ব লাগে । শাওণৰ দোমাহীৰ কেইদিনমান আগতে । সুদৰ্শন ।—কাপোৰখন মই চাব খোজো, এতিয়াই লৈ অাহা । , কেৰকনে কঁপি কঁপি ক’লে, —“মোৰ লগত নাই । ” সুদৰ্শন ।—ক হ’ল ? কেৰকন — সেইখন মই মোলৈ কিনা নাছিলোঁ। । ছাহা মহাজনে তোলনৰ কান্ধত চেলেং এখন দেখি বৰ পছন্দ কৰিছিল, আৰু ঠিক তেনে চেলেং এখন কিনি দিবলৈ মোক ধন দিছিল । তোলনৰ ঘৈণীয়েকে কেতিয়াবা কেতিয়াবা বেচে, কিন্তু তেওঁলোকৰ লগত ছাহাৰ মোকৰ্দমা লগাত তেওঁ সিহঁতৰ ঘৰলৈ নাযায়। সেই দেখি মোক কোৱাত মই কিনি দিছিলোঁ । সুদৰ্শন ।—এতিয়া সেই চেলেংখন ক’ত আছে ? কেৰকন – মই কেমেকৈ ক’ম ! শ্যামচাদে হে জানে । [ ৮৫ ] ষোড়শ অধ্যায় ৮৫ সুদৰ্শন –বাৰু এতিয়া যোৱা । দৰকাৰ হ’লে আকোঁ । বিচাৰিব পাৰে। । কিন্তু তুমি ভয় নাখাবা, তোমাৰ গাত কোনো জগৰ নাই । সুদৰ্শনে তেওঁলোকৰ জবানবন্দী টুকি ল’লে আৰু প্ৰেম লতাক লৈ থানালৈ গ’ল । পিচ দিন৷ হাকিম পুলিচৰ চালান পাই সোধ-পোছ কৰি তোলনক খালচ দিলে । শ্যামচাদ আৰু প্ৰেমলতাক নৰহত্যাৰ বাবে ফৌজদাৰী দণ্ডবিধি আইনৰ ৩০২ ধাৰাত অভিযুক্ত কৰি হাজোতত ৰাখিলে । [ ৮৬ ] সপ্তদশ অধ্যায় । চোৰাংকানিৰ কাৰবাৰত শ্যামচাদৰ তিনি জন পাইকাৰ থকাৰ প্ৰমাণ তেওঁৰ খাতাৰ পৰাই পোৱা গ’ল ; অন্যান্য লাগতিয়াল প্ৰমাণো সহজে পোৱা গ’ল । বিচাৰকে আটাই কেইজনকে দোষী সাব্যস্ত কৰি শ্যামচাদক এহেজাৰ টকা। জৰিমনা কৰিলে আৰু এবছৰ ফাটেকত দিলে । পাইকাৰ কেইজনৰ প্ৰত্যেকৰে ছমাহ ফাটক আৰু দুশ টকাকৈ জৰিমনা হ’ল । তোলনৰ আপীলৰ ফলত গোচৰটো চৰজমিন তহকিং কৰি পুনবিচাৰ কৰিবলৈ আদেশ হ’ল । এইমতে বিচাৰ কৰাত সকলোৱে ক’লে যে আগৰ বছৰত গৰুটো মৰাত টকা বিচৰাৰ বাহিৰে, আন সময়ত তোলনে ধাৰলৈ টকা বিচৰাৰ কথা ক’ব নোৱাৰে । তদুপৰি তোলনৰ মাটিখিনি কিনিবলৈ শ্যামৰ্চাদে বহুতো মানুহ লগাইছিল, কিন্তু একোপধ্যে তোলনক সন্মত কৰাব নোৱাৰিলে । যাক যাক লগাইছিল তেওঁলোকে নিজে স্বীকাৰ কৰিলে । ইয়াৰ ভিতৰত তিনি শ টকা খৰচ কৰিব লগীয়া কোনো কাম তোলন কৰা নাছিল, অথচ বৰ্ত্তমান মোকৰ্দমাত উকীল ধৰিবলৈকো তেওঁৰ ঘৰত টকা নাছিল। . তোলনে শ্যামচাদৰ পৰা এবাৰতকৈ বেচি বাৰ ধাৰ কৰা। [ ৮৭ ] সপ্তদশ অধ্যায় নাছিল । সেই কথা তোলন আৰু শ্যামচাদ দুয়ো স্বীকাৰ কৰিছে । কিন্তু খাতাবিলাক পৰীক্ষা কৰাৰ ফলত তোলনক টকা দিয়াৰ হিচােপ দুবাৰ পোৱা গ’ল । আগৰ মোকৰ্দমাত দাখিল কৰা খাতাৰ বাহিৰেও প্ৰথম বছৰৰ খাতাৰ এঠাইত তোলনৰ নামে ত্ৰিশ টকা হাওলাত লিখি কাটি থোৱা আছে। তাত চন-তাৰিখে৷ নাই, তোলনৰ চহীও নাই । তদুপৰি এই শাৰীটো স্বাভাবিক শাৰীত নাই ; আন দুটা শাৰীৰ মাজত লেপ-থেপকৈ লিখা । আৰু এটা বিশেষত্ব এই যে এই শাৰীটোৰ আখৰ আনবোৰ শাৰীৰ আখৰৰ সমানে পুৰণি হোৱা৷ বা ক্ষয় যোৱা নাই । ইয়াৰ পৰা এইটো বুজা গ’ল যে তোলনে টকা পৰিশোধ কৰিলত শ্যামচাদে পুৰণি বহীতে এই শাৰী লিখি কাটি দেখুৱালে ; আচল হিচাপ নকটাকৈয়ে থাকিল । তোলনক “ত্ৰিশ” লিখিবলৈ কোৱাত “তিশ” লিখিলে । তাৰ পাচত ‘ত্ৰিশ ” লিখি পঢ়িবলৈ দিয়াত পঢ়িলে —“এত হৰ্চ ইকাৰ আৰু তালীয়া শ ” । কিহ’ল বুলি সোধাত ক’লে — “এত ইকাৰ দিলে কি হয় মই পোৱা নাই ।” পুনৰ্কিবচাৰত শ্যামচাদৰ গোচৰ ডিচমিচ হ’ল । তোলনে ক’লে,—“ঈশ্বৰ আছে, অন্যায় কৰি কোনো সাৰিব নোৱাৰে । শ্যামচাদৰ পৰা টকা ধাৰ কৰাটোৱেই মোৰ পাপ । সেই কাৰণেই এইখিনি ভুগিলোঁ ।” ইয়াৰ পাচত জজৰ আদালতত হত্যা অপৰাধৰ বিচাৰ হৈ গ’ল । সকলো। প্ৰমাণ লৈ জুৰিৰ লগত একমত হৈ জজে । [ ৮৮ ] ৮৮ হত্যাকাৰী কোন ? শ্যামচাদক ৩০২ ধাৰাত দোষী সাব্যস্ত কৰিলে অাৰু যাৱজীৱন দ্বীপান্তৰ কৰিলে । প্ৰেমলতাৰ এই হত্যাত যোগ থকাৰ প্ৰমাণ পোৱা নগ’ল । তেওঁ আগেয়ে আভাস পায়ো বাধা নিদিয়াটোৱেই তেওঁৰ দোষ । কিন্তু সেই সময়ত তেওঁৰ মানসিক অৱস্থা আৰু মিনাইৰ লগত সম্পৰ্ক যেনে বিধৰ আছিল, তালৈ চাই তেওঁৰ নীৰৱতাক দোষী কৰিব নোৱাৰি । হত্যাৰ দিনা হত্যাৰ আগতে তেওঁ গম পোৱাৰো কোনো প্ৰমাণ পোৱা নগ’ল । সকলো কথা ভাবি চাই জুৰিৰ মতত মত দি জজে প্ৰেম লতাক মুক্তি দিলে । অন্ত । [ ৮৯ ] ৮৮ হত্যাকাৰী কোন ? শ্যামচাদক ৩০২ ধাৰাত দোষী সাব্যস্ত কৰিলে আৰু যাৱজীৱন দ্বীপান্তৰ কৰিলে ] প্ৰেমলতাৰ এই হত্যাত যোগ থকাৰ প্ৰমাণ পোৱা নগ’ল । তেওঁ আগেয়ে আভাস পায়ো বাধা নিদিয়াটোৱেই তেওঁৰ দোষ । কিন্তু সেই সময়ত তেওঁৰ মানসিক অৱস্থা অাৰু মিনাইৰ লগত সম্পৰ্ক যেনে বিধৰ আছিল, তালৈ চাই তেওঁৰ নীৰৱতাক দোষী কৰিব নোৱাৰি । হত্যাৰ দিনা হত্যাৰ আগতে তেওঁ গম পোৱাৰো কোনো প্ৰমাণ পোৱা নগ’ল । সকলো কথা ভাবি চাই জুৰিৰ সততে মত দি জজ প্ৰেম লতাক মুক্তি দিলে । অন্ত

Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৮ চনত ১ জানুৱাৰী ১৯৫৮ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)