পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
নবম অধ্যায়

 পণ্ডিত।—পিচে এটা কথা,—চোৰেই হওক বা হত্যাকাৰীয়েই হওক গৃহস্থই ধৰি নিদিলে পুলিচে জানো উলিয়াব পাৰে! বহুত সময়তে দেখিছো দোষী সাৰি যায়, নিৰ্দ্দোষে শাস্তি পায়।

 বেপাৰী।—কথাটো মিছা নহয়, কিন্তু পুলিচকেই বা দোষ দিব কি! সাক্ষী প্ৰমাণৰ ওপৰত গোচৰ নিৰ্ভৰ কৰে। যদি সাক্ষী-বাদীৰ দ্বাৰা প্ৰমাণ হয়, তাকেই বা নহয় বোলা যায় কেনেকৈ!

 পণ্ডিত।—সাক্ষী প্ৰমাণ বহুত সময়ত ধনৰ বশীভূত। ধনৰ প্ৰভাব কিমানখিনি তাক বিচাৰি উলিওৱাও অনুসন্ধানৰ ভিতৰত পৰা উচিত।

 বেপাৰী।—সেইটো হয়। পিচে আমাক নো আদাৰ বেপাৰীক জাহাজৰ খবৰ লাগিছে কেলেই! দোষীয়ে শাস্তি পালে ভাল পাওঁ; কিন্তু এই ক্ষেত্ৰত কোন দোষী, কোন নিৰ্দ্দোষ জানিবৰ আমাৰ উপায় নাই।

 তেওঁলোকে কথা পাতি থাকোতেই চাহ আহিছিল আৰু কথাৰ লগেলগে চাহ খোৱাও চলি আছিল এতিয়া চাহখোৱা হ’লত তামোল-ছালি খাই বেপাৰীজনে বিদায় ল’লে। যাবৰ সময়ত ক’লে,—“আপোনাক বহুতো আমনি কৰিলোঁ, বেয়া নাপায় যেন।”

 পণ্ডিত।— ইয়াত বেয়া পাবলৈ কিটো আছে। মাহে মাহে আজিৰ সমানেই পেন্সিল চিয়াহী দিবলৈ নাপাহৰে যেন।