পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হত্যাকাৰী কোন?

পালে অকল মিনায়ে। তেওঁৰ ঘৈণীয়েক লৰা-ছোৱালীকেইটা সকলোৱেই চকু মুদিলে।

 মিনাই লাহে লাহে ভাল হ’ল, কিন্তু তেতিয়াৰে পৰা জলকা লাগিল; কাম-বনলৈ ধাউতি নোহোৱা হ’ল। এতিয়া তেওঁ বেচিখিনি সময় জুপুকা লাগি বহি থাকে; মাজে মাজে চকু-লো টোকে।

 এইবোৰ প্ৰায় এবছৰ আগৰ কথা।