পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
হত্যাকাৰী কোন?

শ্যামচাঁদক ৩০২ ধাৰাত দোষী সাব্যস্ত কৰিলে আৰু যাৱজ্জীৱন দ্বীপান্তৰ কৰিলে।

 প্ৰেমলতাৰ এই হত্যাত যোগ থকাৰ প্ৰমাণ পোৱা নগ’ল। তেওঁ আগেয়ে আভাস পায়ো বাধা নিদিয়াটোৱেই তেওঁৰ দোষ। কিন্তু সেই সময়ত তেওঁৰ মানসিক অৱস্থা আৰু মিনাইৰ লগত সম্পৰ্ক যেনে বিধৰ আছিল, তালৈ চাই তেওঁৰ নীৰৱতাক দোষী কৰিব নোৱাৰি। হত্যাৰ দিনা হত্যাৰ আগতে তেওঁ গম পোৱাৰো কোনো প্ৰমাণ পোৱা নগ’ল।

 সকলো কথা ভাবি চাই জুৰিৰ মতত মত দি জজে প্ৰেমলতাক মুক্তি দিলে।

অন্ত।