এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লাচ পঠিয়াই দি দাৰোগা তোলনৰ ঘৰলৈ গ’ল। লগতে গাৱঁৰ মানুহো বহুতো গৈছিল। তোলনে তেতিয়া পথাৰৰ পৰা আহি গা ধুই গোসাই-সেৱা কৰিছিল। এনেতে দাৰোগাই মাতিছে বুলি শুনি ওলাই আহিল। দাৰোগাক দেখি তেওঁৰ কঁপনি উঠিল। দাৰোগাই সুধিলে -“কালি ৰাতি তুমি কলৈ গৈছিলা?”
তোলন।—কালি মোৰ হালোৱা গৰু এটা হেৰাইছিল। সন্ধ্যা ভগালৈকে ওচৰত বিচাৰি ক’তো নাপালোঁ। এই গৰুটো দ চুবুৰীৰ পৰা কিনিছিলোঁ। মাজে মাজে সি তাৰ আগৰ গৰাকীৰ ঘৰলৈ যায়। কালিও তেনেকৈ গ’ল বুলি ভাবি তালৈকে গ’লোঁ।
দাৰোগা।— পিচে গৰু পালা?
তোলন।— নাপালোঁ।
দাৰোগা।— তেতিয়া তেন্তে উলটি আহিলা?
তোলন।— নাই অহা। গৰুৰ গিৰিহঁতৰ ঘৰৰ কাষতে মোৰ শহুৰৰ ঘৰ। ইমান ওচৰৰ পৰা মাত নলগোৱাকৈ অহা বেয়া হ’ব বুলি মই শহৰৰ ঘৰত সোমালোঁ। কালি তেওঁৰ ঘৰলৈ মোৰ শালপতি আহিছিল, তেওঁকো তাতে লগ পালোঁ