মানুহজনে বঙলা ভাষাত উত্তৰ দিলে —“আপোনাৰ লগ পাব লাগে।”
শ্যাম!—কিয়?
মানুহ।—মোৰ ঘৰ পাবনাত, নাম বিজয়কুমাৰ সেন। মেট্ৰিকলৈকে পঢ়িছিলোঁ। পিচে ঘৰুৱা জঞ্জালৰ কাৰণে স্কুল এৰি পোন্ধৰ টকা দৰমহাত এখন দোকানত চাকৰি কৰিবলগাত পৰিলোঁ। কিছু দিন তাত থকাৰ পাচত পঁচিশ টকা দৰমহা পাই আন এখন দোকানলৈ গ’লোঁ। তাতো পাঁচ বছৰ কাম কৰিলোঁ। দৰমহা ও ত্ৰিশ টকালৈকে বাঢ়িছিল। তাৰেই যেনে তেনে চলি আছিলোঁ।
শ্যাম।—তেন্তে গুচি আহিলা কিয়?
বিজয়।—মোৰ এজন ওচৰ-চুবুৰীয়া বন্ধু আছিল , একেলগেই পঢ়িছিলোঁ। স্কুল এৰি মই দোকানত সোমালোঁ, তেওঁ আসামলৈ আহিল। ইয়াত ক’ৰবাত চাহ বাগিচাত চাকৰি কৰি তেওঁ বহুত ধন ঘটিলে। আগেয়ে তেওঁৰ অৱস্থা মোতকৈও বেয়া আছিল, কিন্তু এতিয়া বহুততকৈ ভাল। এমাহমান আগতে তেওঁ ঘৰলৈ গৈছিল। তেওঁৰ পৰা অসামৰ বিষয়ে বহুতো কথা শুনি মোৰো ইয়ালৈ আহিবৰ মন গ’ল। তেওঁৰ কথাৰ পৰা মই বুজিছিলোঁ। অসমখন চাহ বাগিচাৰেই ভৰা আৰু ইয়ালৈ আহিলেই চাকৰি পোৱা যায়। সেই কাৰণে দোকানৰ চাকৰি এৰি দি অসমত চাকৰি বিচাৰি আহিলোঁ। কিন্তু ইয়ালৈ আহি বুজিলোঁ মোৰ ধাৰণাই ভুল।