পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৮৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


সুদৰ্শনে ইয়াৰ আগতে তোলনৰ ঘৈণীয়েক আঘোণীক মাতিবলৈ পঠিয়াইছিল। আঘোণী আহি ৰৈ আছিল। এতিয়া সুদৰ্শনে সুধিলে —“তোমাৰ ঘৰৰ পৰা পুলিচে চেলেং এখন লৈ গৈছে, নহয় নে?”

আঘোণী।— হয়।

সুদৰ্শন।— তোমাৰ ঘৰত আৰু তেনেকুৱা চেলেং কেইখন আছে?

আঘোণী।— এখনো নাই।

সুদৰ্শন।— কিয়? এবাৰত কেইখনকৈ কাপোৰ লগোৱা?

আঘোণী।— তাৰ ঠিক নাই। সূতা সৰহকৈ পালে সৰহকৈ আৰু কমকৈ পালে কমকৈ লগাওঁ।

সুদৰ্শন।— সেই খনৰ লগত আৰু লগোৱা নাছিলা নে?

আঘোণী।—লগাইছিলোঁ। মুঠতে দুখন লগাইছিলো। সূতাও নাছিল, ইফালে বাৰিষা দিন, সময়ো নাছিল। সেইদেখি সৰহকৈ লগোৱা নাছিলোঁ।

সুদৰ্শন।— তেন্তে এখন ঘৰত আছে?

আঘোণী।— নাই। সেইখন কেৰকন আতৈক দুটকাত বেচিলোঁ।

কেৰকনৰ ঘৰ বেচি দূৰৈত নহয়। সুদৰ্শনে চিপাহী এটা পঠিয়াই তেওঁক মতাই আনিলে। কেৰকন ভয়তে কঁপি-জঁপি ওলালহি। সুদৰ্শনে তেওঁলৈ চাই ক’লে ,—“তুমি ভয় কৰিছা