পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
অষ্টম অধ্যায়

 পু, চা।— হত্যাকাৰীৰ বিষয়ে আপোনাৰ ধাৰণা কি?

 সুদৰ্শন।—বিশেষ একো ধাৰণা কৰিব পৰা নাই। কিন্তু এইটো ঠিক যে হত্যাকাৰীক সহজে ধৰা পেলোৱা টান। আৰু এটা কথা মোৰ মনত খেলাইছে যে প্ৰেমলতাই এই হত্যাৰ মূল।

 পু, চা।— এটা কথা,—যিবোৰ প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি অপূৰ্ব্ব দাৰোগাই তোলনক দোষী সাব্যস্ত কৰিছে, সেইবোৰ প্ৰমাণৰ ওপৰতে আপুনি তাক নিৰ্দ্দোষ বুলি সিদ্ধান্ত কৰিছে। হত্যাকাৰী ধৰা নপৰালৈকে কোনটো সিদ্ধান্ত ঠিক বুজা নাযায়।

 সুদৰ্শন।— হত্যাকাৰীক উলিয়াবলৈ বৰ বেচি দিন নালাগিব,কিন্তু আদালতৰ প্ৰয়োজনীয় সাক্ষী-প্ৰমাণ সংগ্ৰহ কৰিবলৈ বহুত দিন লাগিব পাৰে। হয়তো প্ৰমাণ সংগ্ৰহ কৰা সম্ভব নহ’বও পাৰে। তেতিয়া হ’লে হত্যাকাৰীক উলিয়াব পাৰিলেও গ্ৰেপ্তাৰ কৰাৰ পৰা লাভ নহয়।

 পু, চা।— যিমান দিনেই লাগক দোষীক ধৰি দণ্ড দিব পৰাটোতেই আমাৰ কৃতিত্ব

 সুদৰ্শন।— কালিৰ পৰা মই সেই বিষয়ে অনুসন্ধানত লাগিম আৰু দোষীৰ সম্পৰ্কে এটা নিশ্চিত পন্থা অবলম্বন কৰিব নোৱৰালৈকে আপোনাক দেখা নকৰোঁ।

 এইদৰে কৈ সুদৰ্শন বিদায় ল’লে। পুলিচ চাহাবে সুদৰ্শনৰ অনুসন্ধানৰ প্ৰণালীৰ কথাকে ভাবিবলৈ ধৰিলে।