পৃষ্ঠা:হত্যাকাৰী কোন.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
হত্যাকাৰী কোন?

পিচত লগোৱা হ’লে “ত্ৰিশৰ” “ত্ৰি"টো তি কৰাৰ চিন থাকিলহেতেন। সকলো কথা ভাবি চাই হাকিমে তোলনৰ ওপৰত সুদ আৰু খৰচসহ গোটেই টকা ডিক্ৰী দিলে।

 ৰায় শুনি তোলনৰ উকীলে আপীল কৰিবলৈ স্থিৰ কৰিলে। তোলনে মনৰ বেজাৰত কাছাৰী ঘৰতে বহুতো মানুহৰ আগত কৈ পেলালে,—“শ্যামচাদ বিদেশী মানুহ, সি আমাক ঠগিবলৈকে আহিছে। কিন্তু একেখন গাৱঁতে ভাই-ককাইৰ দৰে থকা ই মিনায়ে এনে মিছা কথা ক’ব পায় নে? আপীলৰ কি হয় দেখা যাওক, যদি একো নহয়, এনেও নাই, তেনেও নাই, তাক একেবাৰেই দু-ছোৱাকৈ কাটিম।”

 আপীলৰ বিচাৰ এতিয়ালৈকে হোৱা নাই।