পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
হত্যাকাৰী কোন?

কেলেই? তোমাক কথা এটা সুধিবলৈহে মাতিছোঁ। তুমি আঘোণীৰ পৰা চেলেং কাপোৰ এখন নিছিলা নহয়নে?

 কেৰকন।— হয়। পিচে মই তেতিয়াই তাৰ দাম দিছোঁ নহয়।

 সুদৰ্শন।— কিমান?

 কেৰকন।— দুটকা।

 সুদৰ্শন!— এতিয়া কিমান দিন হল?

 কেৰকন।— এমাহমান হ’ব লাগে। শাওণৰ দোমাহীৰ কেইদিনমান আগতে।

 সুদৰ্শন।— কাপোৰখন মই চাব খোজোঁ, এতিয়াই লৈ আহা।

 কেৰকনে কঁপি কঁপি ক’লে,—“মোৰ লগত নাই।”

 সুদৰ্শন।— কি হ’ল?

 কেৰকন— সেইখন মই মোলৈ কিনা নাছিলোঁ।। ছাহা মহাজনে তোলনৰ কান্ধত চেলেং এখন দেখি বৰ পছন্দ কৰিছিল, আৰু ঠিক তেনে চেলেং এখন কিনি দিবলৈ মোক ধন দিছিল। তোলনৰ ঘৈণীয়েকে কেতিয়াবা কেতিয়াবা বেচে, কিন্তু তেওঁলোকৰ লগত ছাহাৰ মোকৰ্দ্দমা লগাত তেওঁ সিহঁতৰ ঘৰলৈ নাযায়। সেই দেখি মোক কোৱাত মই কিনি দিছিলোঁ।

 সুদৰ্শন।— এতিয়া সেই চেলেংখন ক’ত আছে?

 কেৰকন।— মই কেমেকৈ ক’ম! শ্যামচাঁদে হে জানে।