তেওঁ কোৱা নাছিল। এতিয়া তেওঁৰ নিজৰ গাতে দায় পৰা। দেখি উপায় নাপাই হে হেনো ক’ব লগাত পৰিল।
প্ৰেম।— এই শ্যামচাঁদৰ নিচিনা পাষণ্ড পৃথিবীতে নাই।
বিজয়।— কিয়?
প্ৰেম।— সিয়েই তেওঁক হত্যা কৰিছে।
বিজয়।— কি! আপুনি এনে কথা কোৱা উচিত নহয়। প্ৰমাণ দিব পাৰিব?
প্ৰেম।— পাৰিম।
বিজয়।— কি প্ৰমাণ দিব?
প্ৰেম।— তেওঁৰ নিজ হাতৰ চিঠি।
বিজয়।— আপোনাৰ হাতত আছে? মই চাব পাৰিমনে?
প্ৰেম।—মই এতিয়া কাকো নেদেখুৱাওঁ। দেখুৱাব নোৱাৰোঁও। মই তাক এনে ঠাইত থৈছে। য’ৰ পৰা মই উলিয়াই নিদিলে, পুলিচেও উলিয়াব নোৱাৰে।
বিজয়।— থাওক তেন্তে। হওঁতে মই চাব খোজাটোৱেই ভুল। ছাহাৰ লগত সম্পৰ্ক থকা কাগজ-পত্ৰ ছাহাৰ কৰ্ম্মচাৰী এজনক দেখুওৱা যে উচিত নহয়, সেইটো মই নিজেই জনা উচিত আছিল।
প্ৰেম।— মোৰ গাতো দোষ থাকিব পাৰে, কিন্তু আচল দোষী ছাহা। তোলনক মিছাতে লটি-ঘটি কৰিছে।
বিজয়।— তেন্তে আচল কথাটো কি?