পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দশম অধ্যায়

 এদিন আবেলি শ্যামচাঁদ আৰু ওচৰৰে নৰেশ্বৰ দোকানৰ বাৰাণ্ডাত বহি কথা পাতি আছিল। কথাৰ বিষয় আছিল মিনাইৰ হত্যাৰ বিষয়ে।

 নৰেশ্বৰে ক’লে,—“পুলিচ দেখোন এতিয়াও মাজে মাজে ইয়াত ঘূৰি ফুৰে। আকৌ কিবা হৈছে নে কি?”

 শ্যাম।—নাই হোৱা। সেই মিনাইক মৰাৰ বিষয়েই তদন্ত বোলে শেষ হোৱা হোৱা নাই।

 নৰে।— আৰু নো কি তদন্ত কৰে! সাক্ষী- প্ৰমাণ লৈ দোষীক দেখোন ধৰি নিলেই। এতিয়া কি হয় শাস্তি দিলেই লেঠা মৰে দেখোন।

 শ্যাম।—নহয় হে, পুলিচৰ কাম সিমান খৰধৰ নহয়। তেওঁলোকৰ ঘাই উদ্দেশ্য কাৰবাৰ পৰা কিবা সৰকাৰ পাৰে নে নোৱাৰে তাৰ অনুসন্ধান কৰা। পিচে সেইটো তেওঁলোকৰ মিছা চেষ্টা। তোলনৰ যি অৱস্থা তাৰে সি বা তাৰ সম্পৰ্কীয় মানুহে তেওঁলোকক সন্তুষ্ট কৰিব নোৱাৰে।

 নৰে।— সেইটো ঠিক। তোলনৰ ঘৰত বিচাৰিলে ৰূপ একুৰিও ওলাব বুলি মনে নধৰে। ঘৈনীয়েকজনী কাজী