মিনাই কেওট সেই ঘৰৰ নিগাজী বাসিন্দা। কিমান দিনৰ পৰা সেই ঠাইত তেওঁৰ উপৰি পুৰুষসকলে বাস কৰি আহিছে তাক তেওঁ ক’ব নোৱাৰে। তেওঁৰ নিজা ভাই ককাই কোনো নাই। বেলেগতীয়া দদায়েকহঁতৰ পুতেক কেইজনমান আছে। তেওঁলোকৰ ঘৰো মিনাইৰ ওচৰতে।
মিনাইৰ বয়স আঢ়ৈ কুৰিৰ ওপৰ; অৱস্থা পেটে-ভাতে খোৱা। বাৰীখন ডেৰ বিঘামান মাটিৰ। তাতে বাঁহ-কাঠ আদিৰ পৰা তামোল-পাণ, কল-কুঁহিয়াৰ আদিলৈকে অলপ অলপ সকলো খেতি আছে। লাও-কোমোৰা কেৰেলা-বেঙেনা শাক-পাচলি আদিৰো এটা নহয় এটা খেতি সদায় থাকে। ৰুপিত মাটি দুপূৰামান হ’ব। তাত ধানৰ খেতি কৰি যেনে তেনে বছৰটো চলায়। ৰাজহি ততহি মাৰিবলৈ বাৰীৰ শাক পাচলিৰ উপৰিও মাজে-সময়ে দুই-চাৰি পূৰা ধান বা চাউলো বেচিব লগা হয়।
মিনাইৰ ঘৰ মুঠেই চাৰিটা। এটা বৰ ঘৰ, এটা মাৰল, এটা ভঁৰাল আৰু এটা গোহালি। গোহালিত বলদহালৰ বাহিৰেও দুজনী খীৰতী গাই, দুটা দমৰা, আৰু এজনী চেউৰী আছে। দুজনী ছাগলী আৰু দুজোৰ পাৰও পোহে।
প্ৰায় আঠাইশ বছৰ বয়সত মিনাইৰ বিয়া হৈছিল। মিনাই যেনে দুখকাৰী আছিল, ঘৈণীয়েককো তেনেকুৱাই পাইছিল।