পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৬৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


পু, চা।—কি! সি চোৰাং কানিৰ ব্যৱসায় কৰে। আপুনি কেনেকৈ জানিলে?

বিজয়।—মই তেওঁৰ দোকানত চাকৰি ল’লোঁ আৰু হিচাপ-পত্ৰ ৰাখিবৰ নিমিত্তে পুৰণি খাতাবোৰ চাই ল’ব খুজিলোঁ। শ্যামচাঁদে আনন্দেৰে সেইবোৰ চাবলৈ দিলে। মই দোকানৰ আৰম্ভৰে পৰা সকলো খাতা পৰীক্ষা কৰিলোঁ। তাৰ পৰা বুজিলোঁ। যে কানিৰ দোকান পোৱাৰ আগতে তেওঁৰ বছেৰেকীয়া আয় দুই তিনি শৰ বেচি নাছিল। কানিৰ দোকান পোৱাৰ পৰা আনবোৰ কাৰবাৰো অলপ বাঢ়ি আহিছিল; আৰু তায় বছৰে চাৰিশৰ পৰা সাতশ মানলৈকে উঠিছিল। দোকানৰ আৰম্ভৰে পৰা এতিয়ালৈকে সেই মতে তেওঁৰ ছয়-সাত হেজাৰতকৈ বেচি আয় হোৱা নাই। এই টকাৰেই তেওঁ নিজৰ খোৰাক-পোছাক আৰু ঢাকাত থকা ঘৰৰ খৰচ চলাব লগা হৈছিল। এনে অৱস্থাত তেওঁ ইমান মাটি বাৰী সম্পত্তি কৰিবলৈ টকা ক’ত পালে, সেইটো ভাবিবলগীয়া বিষয় হৈ পৰিল। প্ৰথম চাৰি বছৰত অৰ্থাৎ কানিৰ দোকান পোৱাৰ আগতে তেওঁ মাটি-বাৰী ল’ব পৰা নাছিল, দোকানখনো লোকৰ মাটিতেই আছিল। কানিৰ দোকান লোৱা বাৰেই তেওঁ দোকান দিয়া মাটিখিনি কিনি ললে আৰু লাহে লাহে কাষৰে-পাজৰে থকা মাটি ও অলপ অলপকৈ কিনি টোলটোৰ মাটি প্ৰায় এপুৰা কৰিলে। অকল সেয়ে নহয়, দোকানঘৰ টিনৰ হ’ল; ভিতৰ ফালে ধান, সৰিয়হ মৰাপাট