পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভোঁ-ভোঁৱাই ওলাই আহিল। প্ৰেমলতা নিৰ্ব্বাক নিম্পন্দ হৈ পাটীতে বহি থাকিল।

 শ্যামচাঁদ ওলাই অহাৰ পাচত বিজয় লুকুৱা ঠাইৰ পৰা ওলাল আৰু অতি সতৰ্কতাৰে নিজৰ খোটালীলৈ উলটিল। কিছু সময় পাটীত পৰি থকাৰ পিচত তেওঁ শোৱাৰ পৰা উঠি কেইওফালে গম-গতি ল’লে। তাৰ পাচত নোট বুকত কিবা কিবি টুকি থৈ আকোঁ পাটীত পৰিল।