বিজয় তেতিয়াই নগৰলৈ ওলাল আৰু নমান বজাত পুলিচ চাহাবৰ ঘৰ পালেগৈ। পুলিচ চাহাবে সুধিলে—“কি লাগে?”
বিজয়।— অলপ গোপনীয় কথা আছে।
“গোপনীয় কথা!” এই বুলি পুলিচ চাহাবে বিজয়ৰ মূৰৰ পৰা ভৰিলৈকে বিশেষ ভাবে লক্ষ্য কৰিবলৈ ধৰিলে।
“আপুনি মোক চিনি পোৱা নাই?” এই বুলি বিজয়ে চকুৰ পৰা চচ্মাজেৰি সোলোকালে।
“পুলিচ চাহাবে হাহি হাঁহি ক’লে,”—অ’ বৰবৰা। আপুনি তো কম নহয়। মোৰ চকুতেই ধূলি দিছিল। পিচে খবৰ কি?”
বিজয়।—খবৰ ভাল। এতিয়া মই সুদৰ্শন বৰবৰা নহওঁ, বিজয়কুমাৰ সেন। আৰু কেইদিনমান বিজয় হৈয়েই থাকিব লাগিব।
পু, চা।—হত্যাকাৰী ওলাল?
বিজয়।— অনুসন্ধান আৰম্ভ কৰাৰ পিচ দিনাই হত্যাকাৰী ওলাল, কিন্তু আদালতত দিব পৰাকৈ প্ৰমাণ এতিয়াও সংগ্ৰহ কৰিব পৰা নাই। দুই এদিনতে পাৰিম বুলি মোৰ বিশ্বাস।
পু, চা –কেনেকৈ?
বিজয়।—সম্প্ৰতি শ্যামচাঁদ ছাহাক গ্ৰেপ্তাৰ কৰিব লাগে। হত্যাৰ অপৰাধত নহয়, চোৰাং কানিৰ ব্যৱসায়ৰ বাবে।