পৃষ্ঠা:হত্যাকাৰী কোন.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
চতুৰ্থ অধ্যায়

 নোটিচ পাই তোলন মূৰ্দ্ধাস্কুট হোৱাৰ দৰে হ’ল। তাৰ পাচত শ্যামচাঁদক যিমান পাৰে গালি, পাৰি দাঁত কৰচিবলৈ ধৰিলে। পিচ দিনা এজন উকীলৰ মহৰীৰ লগ ধৰি নোটিচৰ এই দৰে উত্তৰ দিলে,—“উক্ত তাৰিখত মই শ্যামচাঁদৰ পৰা মাত্ৰ ত্ৰিশ টকা ধাৰ কৰিছিলোঁ।। সেই টকা সুদে মূলে যোৱা মাঘ মাহতে আদায় কৰিলোঁ। এতিয়া এটি পায়ো মই তেওঁক দিব লগা নাই। নোটিচৰ কথা সম্পূৰ্ণ মিছা।”

 ইয়াৰ এমাহ মানৰ পাচত তোলনে আদালতৰ পৰা চমন পালে। তাৰপৰা বুজিব পাৰিলে যে সঁচাকৈ শ্যামচাদে মোকৰ্দমা কৰিছে।

 মোকৰ্দমা হ’ল। দুয়ো পক্ষৰ জবানবন্দী আৰু সাক্ষী-বাদী লোৱা হ’ল। শ্যামচাঁদে খাতা দাখিল কৰিলে। তাত তিনি শ টকা লিখা আছে, আৰু তোলনৰ নিজ হাতৰ চহীও আছে। শ্যামচাঁদে মিনাইক সাক্ষী দিছিল। মিনায়ে মাটি বেচিবলৈ বন্দবস্ত কৰি নগদ তিনি শ টকা নিয়া নিজে দেখিছে বুলি সাক্ষী দিলে। নোটিচৰ উত্তৰত যি লিখিছিল তাকে আদালততো ক’লে। তেওঁৰ সাক্ষী হলধৰ আৰু মাধৱেও সেই কথা সমৰ্থন কৰিলে। তিনিওজনৰ কথামতে খাতাত তোলনৰ নামটো তেতিয়াই কাটি থৈছিল, কিন্তু খাতাত কটাৰ কোনো চিন পোৱা নগ’ল। তোলনৰ উকীলে দেখুৱালে তিনিশৰ “নি”টো আনবোৰ আখৰতকৈ সৰু, এইটো নিশ্চয় পাচত লগোৱা। কিন্তু বিচাৰকে নামানিলে; কিয়নো “নি”টো